কালি ৰাতিপুৱা প্ৰায় ৭.৫২ বজাত সমগ্ৰ ৰাজ্যই অনুভৱ কৰিছিল ভূমিকম্পৰ প্ৰৱল জোকাৰণি। তাৰ ১২ মিনিট পিছতেই আকৌ মৃদু কম্পন অনুভৱ হৈছিল যদিও পিছলৈ আৰু ৯ বাৰকৈ অভিকেন্দ্ৰ শোণিতপুৰত অনুভৱ কৰা হৈছিল ভূমিকম্পৰ জোকাৰণি। ভূপৃষ্ঠৰ পৰা ১৭ কিলোমিটাৰ ভূগৰ্ভত আছিল অভিকেন্দ্ৰ; ভূমিকম্পই ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত বহু লোকৰ সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন কৰাৰ সমান্তৰালকৈ ভূমিকম্পত নিহতও হৈছে কেইবাগৰাকীকৈ লোক। মাটি ফাটি পানী ওলোৱাৰ লগতে বৰ্তমানলৈ চচিয়েল মিডিয়াত দেখিবলৈ পোৱা ফটোসমূহৰ জৰিয়তে ক’ব পৰা যায় যে, একাংশ লোকৰ বাসগৃহৰ দেৱালসমূহতো দেখিবলৈ পোৱা গৈছিল ফাট। কিন্তু, এই আটাইবোৰৰ লগতে আহিছে আন কেতবোৰ দুঃখবৰ; ভূমিকম্পৰ ফলত হোৱা আতংকৰ বাবে দুগৰাকীকৈ মনোৰঞ্জন ক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিভাৰো ক্ষতিসাধন হৈছে। জনপ্ৰিয় অভিনেত্ৰী মাধুৰিমা চৌধুৰী আৰু Red FM ৰ জনপ্ৰিয় আৰ জে প্ৰণামিকা ভূঞা অৰ্থাৎ সকলোৰে চিনাকী “পাহী বা” গুৰুত্বৰ ভাৱে আহত হয় বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ সময়ত শুই আছিল মাধুৰিমা চৌধুৰী কিন্তু পিছলৈ আতংকিত হৈ দৌৰোতে অভিনেত্ৰী গৰাকী পিছল খাই আহত হয় আৰু বৰ্তমান তেওঁ চিকিৎসাধীন প্ৰতীক্ষা চিকিৎসালয়ত।

আনহাতে, আৰ জে পাহীয়ে নিজেই এক চচিয়েল মিডিয়া পোষ্ট যোগে জনাইছে যে তেওঁ বৰ্তমান চিকিৎসকৰ পৰ্যবেক্ষণত আছে। ভূমিকম্পৰ ফলত আতংকিত হোৱাৰ বাবে তেওঁৰ দুয়োখন ভৰিয়েই আঘাতপ্ৰাপ্ত হৈছে। লগতে, আৰ জে গৰাকীয়ে এক কথাত জনসাধাৰণক সকাহো দিছে যে তেওঁৰ সৈতে এই সময়ত মাতৃ আৰু স্বামী উপস্থিত আছে আৰু অনাগত দিনৰ অতি কম সময়ৰ ভিতৰতেই আৰ জে গৰাকীয়ে সূস্থ হৈ শ্ৰোতাৰ কাষলৈ আহিব। এইখিনিতে, আপোনালোকক জনাই থওঁ যে, কন্ঠশিল্পী দীপলিনা ডেকাইও এটি পোষ্ট যোগে অনুৰাগীৰ খবৰ লয়; তেওঁ সকলো ঠিকেই থকাৰ আশা প্ৰকাশ কৰি চচিয়েল মিডিয়াত পোষ্ট কৰে। কেৱল মাত্ৰ, দীপলিনা ডেকা বুলিয়ে নহয় আন বহু শিল্পী, কলা-কুশলীয়ে অনুৰাগীৰ সূস্থতাৰ কামনা কৰি পোষ্ট কৰে। ভূমিকম্পৰ ফলত কালিৰ গোটেই দিনটোৱে জনসাধাৰণ আতংকিত হৈ থকা পৰিলক্ষিত হৈছিল।


একাংশৰ মতে, এয়া তেওঁলোকৰ জীৱনৰ প্ৰথমটো ডাঙৰ ভূইঁকপ। আনহাতে, আন একাংশই ইয়াক প্ৰকৃতিৰ ক্ষোভ বুলিও মন্তব্য কৰা দেখিবলৈ পোৱা যায়।
Add comment