Rupaliparda.com
আকৌ দুঃখবৰঃ অকালতে মৃত্যক সাৱটিলে বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াইঃ 1

আকৌ দুঃখবৰঃ অকালতে মৃত্যক সাৱটিলে বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াইঃ

ক’ভিডে এইবাৰো নিজ মাৰাত্মক ৰূপ ধাৰণ কৰি ইটোৰ পিছত সিটোকৈ কাঢ়িছে জনসাধাৰণ প্ৰাণ। মুঠৰ ওপৰত কেওঁদিশে মৃত্যুৰ কিৰীলিৰ লগতে পৰিলক্ষিত হৈছে জনসাধাৰণৰ কান্দোন। আপোনজনক হেৰুৱাৰ স্পষ্ট ৰূপ প্ৰতিফলিত হৈছে সাধাৰণ জনৰ মুখত। চিকিৎসালয় সমূহত ৰোগী ৰাখিবলৈ ঠাইৰ অভাৱ, অক্সিজেনৰ অভাৱ হৈছে। আকালবোৰৰ মাজতেই এতিয়া ইটোৰ পিছত সিটোকৈ মনোৰঞ্জন ক্ষেত্ৰখনলৈ আহিছে দুঃখবৰ। কিছুদিন পূৰ্বে বিহুৰাণী খ্যাত ভিতালী দাসৰ মৃত্যুৰ খবৰ জনসাধাৰণৰ মাজৰ পৰা মাৰ নৌখাওঁতেই আহিছে আন এক দুঃখবৰ। শোকস্তব্ধ হৈছে আকৌ এবাৰ মনোৰঞ্জন প্ৰেমী দৰ্শক; বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। তেওঁৰ মৃত্যুয়ে শোকৰ চাঁ পেলাইছে এতিয়া ৰাজ্যত। ২৯ এপ্ৰিলৰ নিশা হঠাৎ পেটৰ বিষ অনুভৱ হোৱাত সম্ৰাজ্ঞী গৰাকীক হাস্পাতাললৈ লৈ অনা হয় যদিও কিছু সময় পিছতেই মৃত্যুক আঁকোৱালি লয় মৌচুমী শইকীয়াই। মালিগাওঁস্থিত মৌচুমী শইকীয়া সৰুৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছিল। তেওঁ ২০০১ বৰ্ষত ঐতিহাসিক লতাশিল বিহু সন্মিলনীত বিহু সম্ৰাজ্ঞী খিতাপ লাভ কৰাৰ লগতে লাভ কৰে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ পৰা বিহু গুৰু উপাধি। আনহাতে, বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকনৃত্যৰ শিল্পী মৌচুমী শইকীয়া বিহু গুৰু প্ৰসন্ন গগৈৰ সহধৰ্মিনী আছিল।

আকৌ দুঃখবৰঃ অকালতে মৃত্যক সাৱটিলে বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াইঃ 2
আকৌ দুঃখবৰঃ অকালতে মৃত্যক সাৱটিলে বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াইঃ 3


বিহু শিল্পী সংস্থা অসমে গভীৰ শোক প্ৰকাশ কৰাৰ উপৰিও অসমীয়া শিল্পী সমাজৰ ওপৰতো এই গৰাকী বিহুসম্ৰাজ্ঞীৰ মৃত্যুৱে প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা যায়। দীক্ষু শৰ্মাৰ লগতে আন বহুকেইজন কন্ঠশিল্পী, অভিনেতা,সংগীতশিল্পীয়ে চচিয়েল মিডিয়া যোগেই শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.