পৰিচালনা ক্ষেত্ৰখনত বহু নতুন প্ৰতিভাৰ সংযোজন হৈছে; যিটো আমি প্ৰত্যেকেই অনুভৱ কৰিছো। নতুন কিছু কাহিনীক সুন্দৰকৈ উপস্থাপন কৰাৰ কৌশল এওঁলোকৰ তাত যথেষ্টকৈ দেখিবলৈ পোৱা যায়; আমি এতিয়ালৈ উপভোগ কৰা একাংশ কাহিনী এই একোগৰাকী নৱপ্ৰজন্মৰেই সৃষ্টি। নীল বৰ্মণ; একোটা বহুল ভাৱে প্ৰত্যাশিত প্ৰকল্পৰ সৈতে জড়িত হৈ থকা দেখিবলৈ পোৱা যাব এই নামটো অথবা নৱপ্ৰজন্মৰ প্ৰতিভা গৰাকীক। ইতিমধ্যে আহিবলগীয়া কেইবাখনো ছবিৰ চিত্ৰনাট্য লিখাৰ সৈতে জড়িত নীল বৰ্মণ। আপোনালোকক এওঁৰ কামৰ এটা সৰু উদাহৰণ দিওঁ; বিগত বৰ্ষৰ শেষৰ ফালে “খিৰিকী” শীৰ্ষক এক মিউজিকেল চৰ্ট মুক্তি লাভ কৰিছিল; যাৰ পৰিচালনাৰ দায়িত্বত আছিল নীল বৰ্মণ। গতিকে, আপোনালোকে এইগৰাকী প্ৰতিভাৰ কিবা কৰাৰ ইচ্ছাক হৃদয়ংগম কৰিব নিশ্চয় পাৰিছে। শেহতীয়াকৈ আমি নীল বৰ্মণৰ সৈতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা পাতিছিলো কিছু কথা; পৰিচালনা দিশটোত কেতিয়াৰ পৰা জড়িত হৈছিল বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “পৰিচালক বুলি কোৱাৰ পূৰ্বে আচলতে মই নিজক এগৰাকী লেখক বুুলিহে ক’বলৈ বিচাৰিম। বিগত ২০১৪ চনত ড° ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটত নামভৰ্তি কৰাৰ আগতে চলচিত্ৰ অথবা ছবি কি হয় মই বুজি পোৱা নাছিলো। “চিনেমা” বুলিলে কেৱল মই বলীউড, হলীউড আৰু অসমীয়া ছবি মনোৰঞ্জনৰ বাবেহে উপভোগ কৰিছিলো। কিন্তু, ফিল্ম ইনষ্টিটিউটত যেতিয়া নামভৰ্তি কৰিলো; ভাৰতীয় চিনেমাৰ লগত যেতিয়া চিনাকী হ’লো তেতিয়াহে আচলতে বুজিলো যে এই চিনেমা কি হয়!”

আগলৈ তেওঁ কয় যে, “লাহে লাহে এই ক্ষেত্ৰখনত সৰু-ডাঙৰ, ভাল-বেয়া অভিজ্ঞতাবোৰ গ্ৰহণ কৰি যাবলৈ ধৰিলো। আৰু, যিহেটো সুস্পষ্টৰূপে প্ৰকাশ কৰিব পৰা বিধৰ নাছিলো গতিকে লিখাৰ মাজেৰেই কথাবোৰ লিখিবলৈ চেষ্টা কৰি গ’লো; সমান্তৰালকৈ, চিনেমা জীৱনৰ এটা অংশ হৈ পৰিল। সেইকাৰণে ভাবিলো নিজৰ ভাববোৰ ভিজুৱেল মাধ্যমেৰে প্ৰকাশ কৰিব পাৰিম। তথাপিও, এতিয়াও শিকিবলৈ যথেষ্ট বাকী। শিকাৰ বয়স নাথাকে।” এগৰাকী চিত্ৰনাট্যকাৰ আৰু পৰিচালকৰূপে নীল বৰ্মণক কেনেধৰণৰ কাহিনীয়ে আকৰ্ষণ কৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “মই ভাবো যে, যেতিয়া আমাৰ যিমানবোৰ সাধু অথবা কাহিনীবোৰ প্ৰকৃত হ’ব, সৎ অথবা ন্যায়সংগত হ’ব আমাৰ ক্ষেত্ৰখনৰ বাবে, তেতিয়াহে একোখন চিনেমাই দৰ্শক সকলক স্পৰ্শ কৰিব পাৰিব। সেয়া একোখন প্ৰেমৰ ছবি হ’ব পাৰে লগতে থ্ৰীলাৰ অথবা সেয়া এখন কমেডি ছবিও হ’ব পাৰে। কিন্তু, ইয়াৰ বিষয়বস্তুবোৰ দৰ্শকক আকৰ্ষণ কৰিব পৰা বিধৰ হ’ব লাগিব।” আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক প্ৰকল্প বুলিবলৈ মই লিখা চিত্ৰনাট্যৰে এখন অসমীয়া ছবি মুক্তি পাবলৈ সাজু হৈছে; হয়টো পৰিস্থিতি অকণমান সূস্থিৰ হ’লেই ছবিখনে মুক্তি লাভ কৰিব। ইয়াৰ লগতে, এখন ৰাজনৈতিক আৰু অলৌকিক বিষয়বস্তুৰ স্ক্ৰীপ্টৰ কাম চলি আছে। এইখিনিতে, আপোনালোক জনাওঁ যে আহিবলগীয়া সময়ত মোৰ সম্পৰ্ক সমূহক লৈ এখন ড্ৰামা নিৰ্মাণৰ ইচ্ছা আছে। আৰু, ভিজুৱেল কমেডিৰ লগতে হিউমেন চাইকো’লজিৰ ওপৰত কাম কৰিবলৈ মন আছে।”

শেষলৈ নীল বৰ্মণে দুগৰাকী ব্যক্তিক লৈ নিজ কৃতজ্ঞতা জ্ঞাপন কৰে। ভাস্কৰ হাজৰিকা আৰু মুকুল হালৈয়ে নীল বৰ্মণক এগৰাকী লেখক হোৱাত যথেষ্ট অনুপ্ৰেৰিত কৰাৰ কথা ব্যক্ত কৰে তেওঁ। তেওঁলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনা।
Add comment