এগৰাকী অভিনেতা আৰু পৰিচালক কেৱল মাত্ৰ অভিনয় তথা পৰিচালনাৰ ক্ষেত্ৰতে পাৰ্গত নহয়; তেওঁৰ প্ৰতিভাৰ দ্বাৰা সৃষ্ট অইন কলা সমূহেও সমাদৰ লাভ কৰে দৰ্শক তথা শ্ৰোতাৰ। বহুকেইখন অসমীয়া নাট আৰু ২০০৫ চনৰ পৰা সম্প্ৰচাৰিত “খিচিৰি” কমেডী ধাৰাবাহিকখনত অভিনীত আৰু অসমীয়া ছবিৰ এগৰাকী উল্লেখনীয় অভিনেতা ৰাজীৱ ক্ৰ’। শেহতীয়াকৈ তেওঁৰ দেহত পোৱা গৈছিল ক’ৰোণা ভাইৰাছৰ অৱস্থিতি আৰু তাৰ পিছতেই তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ কৰিছে জীৱন যুদ্ধ; আৰু তাৰ সমান্তৰালকৈ আন দহজনক জীয়াই থাকিব উৎসাহ দিয়াৰ চেষ্টাও কৰিছে অভিনেতা গৰাকীয়ে। “অস্ত্ৰ মোৰ মনোবল, আশীৰ্বাদ মোৰ ঢাল” বুলি ভিন্ন ধৰণৰ কবিতা শাৰীৰে চিকিৎসালয়ৰ বিচৰাত পৰি অভিনেতাগৰাকীয়ে দিবলৈ বিচাৰিছে ধনাত্মক বাৰ্তা। ইয়াৰ উপৰিও, তেওঁ বিগত বৰ্ষৰ “লক-ডাউন” ৰ কালছোৱাত ৰচনা কৰা কবিতাটিও শ্ৰোতা-দৰ্শকৰ বহুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল। “মই এজন শিল্পী” শীৰ্ষক সেই কবিতাটিত কন্ঠশিল্পী নীল আকাশৰ পৰা আৰম্ভ কৰি বিভিন্ন জন শিল্পীয়ে কবিতাটিৰ বহুল অংকত প্ৰশংসা কৰাৰ লগতে কবিতাটি ভাইৰেলো হৈ পৰিছিল চচিয়েল মিডিয়াত। “লক-ডাউন” ৰ সময়ছোৱাত একাংশ শিল্পীৰ হোৱা দুখ-দূৰ্গতিৰ স্থিতি বাখ্যা কৰি ৰাজীৱ ক্ৰ’ ই উক্ত কবিতাটি লিখি উলিয়াইছিল।

“লক-ডাউন” ৰ সময়ছোৱাত অসহায় জনক “BPL” তথা ৰেচন কাৰ্ড যোগে চৰকাৰে সহায় আগবঢ়োৱাৰ সমান্তৰালকৈ বিভিন্ন জনে বিভিন্ন সময়ত অসহায় লোকৰ কাষ চপা আমি সকলোৱে দেখিছো। কিন্তু এনে সময়ত একাংশ মধ্যবিত্তৰ কষ্ট তথা সংগ্ৰামৰ কাষ কোনো চপা নাই। গতিকে, এনে কিছু পৰিস্থিতিৰ লগত খাপ খুৱাই ৰচিত ৰাজীৱ ক্ৰ’ ৰ কবিতাটি তেতিয়া জনপ্ৰিয় হৈ উঠিছিল। কবিতাটি ৰচনা কৰাৰ লগতে ইয়াক আবৃত্তিও কৰিছিল অভিনেতাগৰাকীয়ে। এইবাৰো যেন তেনেই এক অনুৰূপ দৃশ্য; অভিনেতাগৰাকীয়ে নিজক “যোদ্ধা” আখ্যা দি ৰচনা কৰিছে কবিতাৰ। জাতি ধৰ্মৰ কথাবোৰ এৰাই চিকিৎসক সকলে কৰা তেওঁলোকৰ ধৰ্মৰ বাবে ৰাজীৱ ক্ৰ’ য়ে কৰিছে প্ৰশংসা। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও আমি অভিনেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰিছো।
Add comment