Rupaliparda.com
অক্ষয় খান্নাৰ বাবে ঐশ্বৰ্য্য ৰায় আছিল সকলোতকৈ সুন্দৰ! 1

অক্ষয় খান্নাৰ বাবে ঐশ্বৰ্য্য ৰায় আছিল সকলোতকৈ সুন্দৰ!

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীৰ মাজৰ এগৰাকী হৈছে ঐশ্বৰ্য্য ৰায়; তেওঁক সৌন্দৰ্য্যৰ চৰ্চা প্ৰায় প্ৰতিটো সময়তে প্ৰত্যেকেই কৰে। তেওঁৰ সৈতে একেলগে অভিনীত অভিনেতা সকলেও এই অভিনেত্ৰী গৰাকীৰ সৈতে জীৱনত এবাৰ হ’লেও অভিনয় কৰাৰ সুবিধা লাভ কৰি সুখী হৈছিল। শেহতীয়াকৈ চচিয়েল মিডিয়াত ভাইৰেল হৈছে এক সাক্ষাৎকাৰৰ ভিডিঅ’; য’ত অক্ষয় খান্নাই নিজেই স্পষ্টীকৰণ দিছে যে তেওঁ পোন প্ৰথমবাৰৰ বাবে যেতিয়া ঐশ্বৰ্য্যক নিজৰ সন্মুখত দেখিবলৈ পাইছিল সেই সময়ছোৱাত তেওঁ একেথিৰে চাই ৰৈছিল অভিনেত্ৰী গৰাকীক। ঋষি কাপুৰ পৰিচালিত ছবি “আ অৱ লৌট চলে” ত অক্ষয় খান্নাৰ সৈতে একেলগে অভিনয় কৰিছিল ঐশ্বৰ্য্যই। “কফি উইথ কৰণ” টক শ্ব’ত এবাৰ অভিনেতা অক্ষয় খান্নাক যেতিয়া কৰণ জহৰে প্ৰশ্ন কৰিছিল যে ইণ্ডাষ্ট্ৰীৰ কোন গৰাকী অভিনেত্ৰীৰ তেওঁৰ আটাইতকৈ ভাল লাগে তেতিয়া অক্ষয়ে একাষাৰে নাম লৈছিল ঐশ্বৰ্য্যৰ। তেওঁ কয় যে, “মই তেওঁক প্ৰথম দেখাৰ দিনা তেওঁৰ সৌন্দৰ্য্যৰ পৰা চকু আঁতৰাব পৰা নাছিলো। এয়া ছাগে ঐশ্বৰ্য্যৰ বাবে সৰু কথা আছিল কিয়নো তেওঁক সকলোৱে তেনেদৰেই লক্ষ্য কৰে; কিন্তু মই তেনে ল’ৰা নাছিলো। মানে তেওঁক মাত্ৰ পাগলৰ দৰে চাই থকাটোৱে আছিল একমাত্ৰ লক্ষ্য।” অক্ষয়ৰ এই কথাত সোনাক্ষী সিনহাইও মাত মাতি কৈছিল যে, “কেৱল মাত্ৰ পুৰুষ নহয়; মইয়ো ঐশ্বৰ্য্যক দেখিলে থৰ হৈ পৰিছিলো।”

অক্ষয় খান্নাৰ বাবে ঐশ্বৰ্য্য ৰায় আছিল সকলোতকৈ সুন্দৰ! 2


“আ অৱ লৌট চলে” ৰ পিছত অক্ষয় খান্না আৰু ঐশ্বৰ্য্যৰ যুঁটিৰে আহিছিল আন এখন ছবি “তাল।” দুয়োৰে যুঁটিটোক পচন্দ কৰা অনুৰাগীৰ সংখ্যাও আছিল বৃহৎ; সমান্তৰালকৈ তেওঁলোকৰ উক্ত দুয়োখন ছবিয়েই লাভ কৰিছিল জনপ্ৰিয়তা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.