Rupaliparda.com
উপভোগ কৰিলেনে "পঢ়ি চোৱা"?? The Signed Film Company ৰ নতুন সংযোজনঃ 1

উপভোগ কৰিলেনে “পঢ়ি চোৱা”?? The Signed Film Company ৰ নতুন সংযোজনঃ

নতুনে আকৰ্ষণ কৰে আৰু নতুনৰ প্ৰতি আকৰ্ষিত হোৱাটো বৰ্তমানৰ একেবাৰে সৰু কথা; পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম। আমি প্ৰায় ফুলি থকা ফুলপাহ যেতিয়া হঠাৎ এদিন ফুলোতে অইন এটা আকৃতি লোৱা দেখো তেতিয়া আমি আৰু আন তিনিজনক মাতি আনি ফুলপাহ দেখুৱাবলৈ ইচ্ছা কৰো। এয়া অৱশ্যে এক উদাহৰণহে; প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত হোৱা পৰিৱৰ্তনতেই আমি একেটাই অনুভৱ কৰো। এই যে মনোৰঞ্জন ক্ষেত্ৰখন; ইয়াতো ঠিক তেনেই হয়। ইয়াত যিমানেই নৱপ্ৰজন্মৰ অন্তৰ্ভূক্তি বৃদ্ধি হৈ গৈ থাকে সিমানেই পৰিৱৰ্তন তথা নতুন ধাৰাটো বৃদ্ধি হৈ গৈ থাকে। সংগীত, চুটি ছবিকে আৰম্ভ কৰি আমি দৰ্শক সকলে নতুনত্বৰ ধাৰাটো দেখিবলৈ পাইছো অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিতো। শেহতীয়াকৈ এখন চুটি ছবিয়ে মুক্তি লাভ কৰিছিল; সংগীতৰে সজোৱা এই চুটি ছবিখনে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বাবেই হয়টো ইয়াত ভিউৱাৰচৰ বহুল সংখ্যা দেখিবলৈ পোৱা গৈছিল। “পঢ়ি চোৱা” শীৰ্ষক এই চুটি ছবিখনত থকা টুইষ্টে আচলতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰকল্পটোৰ টিজাৰটো মুক্তিৰ পিছৰ পৰাই দৰ্শক-শ্ৰোতাই ইয়াক লৈ অপেক্ষা কৰিছিল। “পঢ়ি চোৱা” ৰ কাহিনীভাগত ৰোমাঞ্চ, আৱেগৰ সমান্তৰালকৈ সংযোজন কৰা হৈছিল ক্ৰাইমৰ কাহিনীও। “ধাৰাবাহিকতা” ৰ ক্ষেত্ৰত এই চুটি ছবিখন পিছপৰি ৰৈছে যদিও ইয়াত কাহিনীভাগ পৰীক্ষামূলক ভাৱে গঠন কৰি উলিওৱা হৈছিল বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। “পঢ়ি চোৱা” ত অভিনীত অভিনেতা-অভিনেত্ৰী সকল নৱাগতা হ’লেও তেওঁলোকে কৰা প্ৰচেষ্টা সমূহ সঁচাকৈ লেখতল’বলগীয়া।


প্ৰেম- ভালপোৱাৰ দ্বাৰা হেনো কিছুমান সম্পূৰ্ণ নোহোৱা কথা তথা কামো পৰিপূৰ্ণ হৈ পৰে। অৰ্থাৎ, ঋণাত্মক চিন্তাধাৰাৰে পৰিপূৰ্ণ এগৰাকী ব্যক্তিক ধনাত্মক চিন্তাধাৰালৈ পৰিৱৰ্তন কৰিব পৰা যায় সামান্য মৰম আৰু ভালপোৱাৰ মাজেৰেই। The Signed Film Company ৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখন বিগত ৪ টা মাহ ধৰি প্ৰস্তুতকৰণত ব্যস্ত হৈ আছিল এই নৱপ্ৰজন্মৰ দলটো। উল্লেখ্য যে, চলিত মাহৰ ১৬ তাৰিখে “পঢ়ি চোৱা” ক মুকলি কৰি দিয়া হৈছিল ৰাইজৰ মাজত। তৃণা ৰাণী পাটৰৰ প্ৰযোজনাৰে চুটি ছবিখনৰ ৰচনা আৰু পৰিচালনাৰ দায়িত্বত আছে আশিষ দত্ত। ইয়াত অভিনয় কৰিছে ক্ৰমে তৃণা, শৰৎ, কবীৰ, গীতাৰ্থ, শ্বহেইল, আশিষ, তুষাৰকে ধৰি আন কেইবাগৰাকী ন-অভিনেতা, অভিনেত্ৰীয়ে। ইয়াত সংযোজিত গীতটিৰো ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে; গীতটিত কথা আৰু সুৰ তাৱৰিডৰ। সমান্তৰালকৈ, ইয়াত সংগীত প্ৰযোজনা পিংকুল আহমেদৰ। আৱহ সংগীতৰ লগতে ডাবিঙৰ দায়িত্বত আছে ৰিয়ান শইকীয়া; দৃশ্যগ্ৰহণ ৰাজপ্ৰতিম দাস, চাবিৰ মৰাণ, মনোজ বণিয়াৰ লগতে শান্তনু তামুলীৰ। ভিজুৱেল ইফেক্ট টিনা চেতিয়াৰ। উল্লেখ্য যে, উক্ত নতুন প্ৰডাকচন হাউচটোৰ বেনাৰত শ্ৰোতা-দৰ্শকে আন বহু উল্লেখনীয় প্ৰকল্পৰ সোঁৱাদ ল’ব পাৰিব বুলিও জানিব পৰা গৈছে। আনহাতে, “পঢ়ি চোৱা” ৰ পিছত এই প্ৰডাকচন হাউচটোৰ বেনাৰতেই মুক্তি পাব সান্নিধ্য, নিখিল আৰু তুষাৰৰ যুঁটীয়া পৰিকল্পনাৰে নিৰ্মিত প্ৰকল্প “উশাহ”।

উপভোগ কৰিলেনে "পঢ়ি চোৱা"?? The Signed Film Company ৰ নতুন সংযোজনঃ 2


নৱপ্ৰজন্মৰ মূলতেই নৱপ্ৰজন্ম। তেওঁলোকৰ নতুন প্ৰকল্প, নতুন চিন্তা-ধাৰাই আচলতে প্ৰত্যেকদিনাই এই মনোৰঞ্জন ক্ষেত্ৰখন এঢাপ এঢাপকৈ ওপৰলৈ লৈ যোৱাত সক্ষম হৈছে। উক্ত প্ৰযোজনা গোষ্ঠীৰ পৰা আন কি প্ৰকল্প দেখিবলৈ পোৱা যাব সেয়াহে আগন্তুক সময়ত হ’ব লক্ষণীয়; ৰূপালীপৰ্দাৰ তৰফৰ পৰা এওঁলোকলৈ যাঁচিছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform