Rupaliparda.com
আন এক সু-খবৰ; "Lift-off Global" ছবি সমাৰোহলৈ মনোনয়ন "ৰজনজনাই"- 1

আন এক সু-খবৰ; “Lift-off Global” ছবি সমাৰোহলৈ মনোনয়ন “ৰজনজনাই”-

ক’ৰবাত যদি হতাশা; ক’ৰবাত আকৌ সন্ত্ৰাস! ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ সমান্তৰালকৈ আহিছে আপোনজনৰ মৃত্যুৰ বাতৰিও। কিন্তু তাৰ মাজতেই আহিবলৈ লৈছে আন একাংশ ভাল খবৰো; যিসমূহ খবৰে অকণমানকৈ হ’লেও সাহস আৰু উৎসাহ প্ৰদান কৰিছে প্ৰত্যেকজন দৰ্শকক। এই ভালখবৰ সমূহো আহিছে মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰাহে; একাংশ নৱপ্ৰজন্মই দৰ্শক সকলক দিছে হাঁহিৰ অৱকাশ। নৱপ্ৰজন্মৰ জনপ্ৰিয় কন্ঠশিল্পী নিহাৰ কাশ্যপৰ সাংগীতিক ছবি “ৰজনজনাই” ৰ দ্বাৰা আহিছে এই নতুন ভাল খবৰটো। চলিত বৰ্ষৰ “Lift-off Global” ছবি সমাৰোহত উক্ত প্ৰকল্প “ৰজনজনাই” য়ে মনোনয়ন লাভ কৰাৰ সমান্তৰালকৈ ১৮ সংখ্যক “Mumbai Frames” ছবি সমাৰোহতো ই জনসাধাৰণ তথা সমালোচকৰ বহুল প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও নিউৱৰ্ক, চিকাগো, আমেৰিকা আদিকে আৰম্ভ কৰি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কেইবাখনো ছবি সমাৰোহত এই প্ৰকল্পটোৱে মনোনয়ন প্ৰাপ্তিৰ দ্বাৰা বুটলিছে সমাদৰ। বৰগীতৰ অনাঁতাৰ শিল্পী মাতৃৰ দ্বাৰা লোৱা প্ৰশিক্ষণেৰে নিহাৰ কাশ্যপে নিজ সংগীতৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইতিমধ্যে, তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত একাংশ গীতে শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে; চলিত বৰ্ষৰ ৰঙালী বিহুৰ প্ৰাকক্ষণত এইগৰাকী কন্ঠশিল্পীৰ “লেজাই” শীৰ্ষক গীতটি আছিল উক্ত কথাখিনিৰ এক সৰু উদাহৰণ।

আন এক সু-খবৰ; "Lift-off Global" ছবি সমাৰোহলৈ মনোনয়ন "ৰজনজনাই"- 2


“ৰজনজনাই” শীৰ্ষক এই নতুন প্ৰকল্পটো এই নৱপ্ৰজন্মৰ দলটোৱে সমগ্ৰ অসমখনৰ স্থিতি আৰু ইয়াত থকা কিছুমান শিল্প-কলা তথা প্ৰাচীন বস্তুবোৰক উপস্থাপনৰ চেষ্টা কৰিছে। বানকাঁহী, বানবাটিৰ পৰা আৰম্ভ কৰি অসমীয়াৰ আৱেগ সদৃশ তামোল-পাণ তথা শিৱসাগৰস্থিত ৰংঘৰ, কাৰেংঘৰ, শিৱদৌলৰ পৰা মাজুলীৰ সত্ৰ, তাত মুখা বনোৱা শিল্পৰ সৈতে জড়িত প্ৰকল্পসমূহৰ পুংখানুপুংখ উপস্থাপনৰ চেষ্টা কৰা হৈছে। ইয়াৰ উপৰিও, সত্ৰীয়া সংস্কৃতি তথা শুৱালকুছিৰ শিপিনী সকলৰ জীৱনৰ কিছু কিছু মূহুূৰ্তকো উক্ত প্ৰকল্পটোৰ যোগেৰে ৰাইজক দেখুওৱাৰ চেষ্টা কৰা হৈছে। নিহাৰ কাশ্যপৰ কন্ঠৰে নিৰ্মিত “ৰজনজনাই” শীৰ্ষক মূল গীতটিত কথা দিছে পাপলু চেতিয়াই লগতে গীতটিৰ সংগীত ব্যৱস্থাপনা আৰু শব্দ সংমিশ্ৰণ কৰিছে প্ৰণয় দত্তই। সংগীত প্ৰযোজনা নিহাৰ কাশ্যপৰ নিজৰেই আৰু গীতটিক বাণীবদ্ধ কৰা হৈছে legacy ষ্টুডিঅ’ত। সমান্তৰালকৈ, গীতটিৰ ভিডিঅ’ পৰিচালনা দেৱাশীষ ডেকাৰ আৰু দৃশ্যগ্ৰহণৰ দায়িত্বত আছে গুঞ্জন কাশ্যপ। গীতটিৰ সম্পাদনা ৰামজ্যোতি কৃষ্ণচৰণৰ। সমগ্ৰ প্ৰকল্পটোক লৈ অহা এনে কিছু সু-খবৰক লৈ শেহতীয়াকৈ আশাবাদী হৈ পৰিছে পৰিচালক,প্ৰযোজকৰ লগতে ইয়াৰ সৈতে জড়িত সমষ্ট কলা-কুশলীও।

আন এক সু-খবৰ; "Lift-off Global" ছবি সমাৰোহলৈ মনোনয়ন "ৰজনজনাই"- 3

আমি প্ৰত্যেকগৰাকী অসমবাসীয়ে এই সোণৰ অসম খনক লৈ গৌৰম্বিত; নহয়নে? ইয়াত অসমীয়া, হিন্দী, মুছলমান আদি ভিন্ন ভাষাৰ লোক থাকে যদিও আমি প্ৰায়ে অসমবাসী বুলি নিজক চিনাকী দি ভাল পাওঁ।নিৰৱিচ্চিন্ন ভাৱে বৈ থকা ব্ৰহ্মপুত্ৰখনকে আৰম্ভ কৰি চুকে-কোণে লুকাই থকা প্ৰতিভাই অসমখনক সকলোৰে সমুখত আৰু অধিক সুন্দৰ কৰি তোলে। ৫ মিনিট দৈৰ্ঘ্যৰ এই “ৰজনজনাই” প্ৰকল্পটোক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform