Rupaliparda.com
দুখীয়াৰ স্বাৰ্থত বিনাস্বাৰ্থই ময়ূৰী কলিতা; একাংশই ভেকচিনৰ দ্বাৰা কৰিছে উৎসাহিতঃ 1

দুখীয়াৰ স্বাৰ্থত বিনাস্বাৰ্থই ময়ূৰী কলিতা; একাংশই ভেকচিনৰ দ্বাৰা কৰিছে উৎসাহিতঃ

ক’ভিডৰ ভয়াৱহতাৰ সময়ছোৱাতে জনসাধাৰণৰ বাবে শেহতীয়াকৈ ঠিয় দিছে অসমীয়া শিল্পী সমাজ; Film Fraternity of Assam ৰ সৌজন্যত জ্যোতিচিত্ৰবনত অনুষ্ঠিত কৰা ক’ভিড ভেকচিন চেন্টাৰত শিল্পী সমাজে নিজে ভেকচিন গ্ৰহণ কৰাৰ সমান্তৰালকৈ আন দহজনক এইক্ষেত্ৰত উৎসাহিতও কৰা দেখিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত ভেকচিন লৈ থকা সময়ছোৱাৰ একাংশ ফটো শ্বেয়াৰ কৰাৰ লগতে তেওঁলোকৰ যিসকলে যেনেদৰে পাৰে ভেকচিন ল’বলৈ যোৱা সময়ৰ সাৱধানতা খিনিৰ কথাও প্ৰত্যেকৰে আগত ব্যক্ত কৰিছে। অভিনেত্ৰী সুকন্যা বৰুৱাৰ লগতে সুৰভী দাসে ব্যক্তিগত ইউটিউব চেনেলৰ দ্বাৰা ভেকচিন লোৱা সময়ৰ পৰা আৰম্ভ কৰি ভেকচিন লোৱাৰ পিছত কোনো অসুবিধাৰ সন্মুখীন হৈছিল নেকি সেই বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ চেষ্টা কৰে। আনহাতে, অভিনেত্ৰী প্ৰিয়ম পল্লৱী, কল্পনা কলিতাইও ভেকচিন লোৱা সময়ৰ ফটো আপলোড কৰি অনুৰাগীৰ উৎসাহ বৃদ্ধিৰ চেষ্টা কৰিছিল। এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, “পাৰিজাত” চৰিত্ৰটোৰে দৰ্শকৰ মাজত চিনাকী হোৱা ময়ূৰী কলিতাই শেহতীয়াকৈ চচিয়েল মিডিয়া যোগে ৰাইজৰ মাজলৈ আহি অনুদান বিচাৰিছে; ক’ভিডৰ মাৰাত্মক মাধমাৰৰ ফলত এনেও একাংশ লোক আছে যিয়ে কৰ্মক্ষেত্ৰলৈ যোৱাৰ পৰা বিৰতি থকাৰ উপৰিও দুবেলা দুমুঠি খোৱাত তেওঁলোকে সংগ্ৰাম কৰিবলগীয়া হৈছে।

https://www.instagram.com/tv/CPGWkOKjYrP/?utm_source=ig_web_copy_link


এনে একাংশ ব্যক্তিক সহায় কৰিবলৈ ময়ূৰী কলিতাৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যই লগ হৈ এক পদক্ষেপ গ্ৰহণ কৰিছে য’ত তেওঁলোকে এনে মজদুৰি কৰি খোৱা অথবা দুখীয়া শ্ৰেণীৰ লোকসকলক কিছু সহায় আগবঢ়াব পাৰে। আচলতে, এয়া খুবেই ভাললগা কথা যে জনসাধাৰণৰ স্বাৰ্থত বিনাস্বাৰ্থই থিয় দিছে একাংশ শিল্পী, কলা-কুশলী। সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা তেওঁলোকে কৰা দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform