Rupaliparda.com
ডিজিটেল প্লেটফৰ্মত মুক্তি দিয়া নহয় "মেদান" ক! 1

ডিজিটেল প্লেটফৰ্মত মুক্তি দিয়া নহয় “মেদান” ক!

বিগত বৰ্ষৰ পৰা ছবিসমূহ সূস্থ অৱস্থাত মুক্তি দিব পৰা হোৱা নাই বুলি আমি প্ৰত্যেকেই হৃদয়ংগম কৰিছো; কেওঁদিশে সামাজিক দূৰত্ব মানিবলগীয়া হোৱাত, ভিৰ কৰিব নোৱাৰাৰ বাবে শেহতীয়াকৈ ছবিগৃহ সমূহ বন্ধ হৈ পৰিছে। গতিকে, এই ছবিসমূহ মুকলি কৰাৰ বাবে বিকল্প পথ বাছি লোৱাও যেন দেখিবলৈ পোৱা গৈছে নিৰ্মাতা তথা প্ৰযোজক গোষ্ঠীয়ে। কিছুদিন পূৰ্বে, বহু প্ৰত্যাশিত ছলমান খানৰ ছবি “ৰাধে” কো মুক্তি দিয়া হৈছিল ডিজিটেল প্লেটফৰ্ম যোগে। Pay Per View ৰ ওপৰতেই নিৰ্ভৰ কৰি য়েই ছবিখনক সকলোৰে ওচৰত মুক্তি দিয়া হৈছিল আৰু তাৰ পিছতেই “মেদান” শীৰ্ষক ছবিখনৰ বাবেও আৰম্ভ হৈছে অনুৰাগীৰ মাজত কোচকাঁৱাজ। এই “মেদান” ছবিখনকো ডিজিটেল প্লেটফৰ্ম অৰ্থাৎ Pay Per View ৰ আধাৰত মুক্তি দিয়া হ’ব বুলি কোৱা হৈছিল যদিও এই ছবিখনৰ নিৰ্মাতাগোষ্ঠীয়ে এই খবৰ সমূহক খণ্ডন কৰিছে। তেওঁলোকে শেহতীয়াকৈ ছবিখনৰ মুক্তিৰ দিশত স্পষ্টীকৰণ দাঙি ধৰিছে। “মেদান” ছবিখন হৈছে এখন স্পৰ্টছ বায়’পিক; যিখন ছবি বনী কাপুৰ, আকাশ ছাৱলাৰ লগতে অৰুণাভ জয় সেনগুপ্তাই নিৰ্দেশনা কৰিছে।

ডিজিটেল প্লেটফৰ্মত মুক্তি দিয়া নহয় "মেদান" ক! 2
ডিজিটেল প্লেটফৰ্মত মুক্তি দিয়া নহয় "মেদান" ক! 3

ডিজিটেল প্লেটফৰ্মত মুক্তিৰ ক্ষেত্ৰত নিৰ্মাতা গোষ্ঠীয়ে স্পষ্টীকৰণত কয় যে, ” বৰ্তমান ছবিখন মুক্তিৰ বাবে কোনো ডিজিটেল প্লেটফৰ্মৰ সৈতে কোনোধৰণৰ কথা-বতৰা হোৱা নাই। আমি সম্প্ৰতি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেৱলমাত্ৰ প্ৰত্যেকৰে সজাগ-সচেতনতাৰ দ্বাৰা ছবিখন সম্পূৰ্ণ কৰাৰ লগতে ক’ভিড প্ৰটকল সমূহ মানি আগবাঢ়িব বিচাৰিছো।”
“মেদান” শীৰ্ষক এই ছবিখন ফুটবলৰ প্ৰশিক্ষক চৈয়দ আব্দুল ৰহীমৰ জীৱনৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে। ভাৰতীয় ফুটবলৰ সোণালী যুগ ১৯৫২-৬২ ৰ সয়ছোৱাক কেন্দ্ৰ কৰি ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform