চচিয়েল মিডিয়াত বিগত কেইবাদিনৰ পৰা এখন অসমীয়া ছবিৰ সৈতে অহা এটা সুখবৰে চৰ্চা লাভ কৰি আহিছিল। আমাৰ ঘৰুৱা এখন ছবিয়ে যেতিয়া ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মনোনয়ন লাভ কৰে লগতে সমালোচক তথা দৰ্শকৰ ফালৰ পৰা যেতিয়া ছবিখন প্ৰশংসিত হয়; আমি তেতিয়া প্ৰত্যেকেগৰাকী অসমীয়া গৌৰম্বিত হৈ পৰো, নহয়নে? অৱশ্যে এয়া হোৱা কথাও, কিয়নো আমি আমাৰ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক লৈ সদায় আশা কৰি থাকো; ঠিক তেনেদৰে, ইয়াত অন্তৰ্ভূক্ত নৱপ্ৰজন্মৰ একোজন প্ৰতিভাইও অহৰহ নিজ নিজ দৰ্শকক উৎসাহিত কৰাত ব্যস্ত হৈ থাকে। এই সুখবৰ আহিছে “বৰষুণ-চংছ ফ’ৰ ৰেইন” নামে ছবিখনৰ তৰফৰ পৰা; অহা ৪ তাৰিখৰ পৰা ১৪ জুনলৈ নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া নিউয়ৰ্ক-ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ পৰিচালক তথা অভিনেতাৰ খিতাপত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে পৰিচালক কৃষ্ণকান্ত বৰাৰ লগতে অভিনেতা দীপজ্যোতি কলিতা। এই সুখবৰটোক লৈ উৎকণ্ঠিত ৰাইজে ইতিমধ্যে বহুল হাৰত শ্বেয়াৰ কৰিছে ছবিখনৰ সৈতে জড়িত ভিন্ন বাতৰি; ৰূপালীপৰ্দাৰ তৰফৰ পৰাও আমি কিছুদিন পূৰ্বে অভিনেতা দীপজ্যোতি কলিতাৰ সৈতে পাতিছিলো কিছু কথা। কিন্তু এইবাৰ ৰূপালীপৰ্দাৰ দেওবৰীয়া সাক্ষাৎকাৰত আমি আপোনালোকৰ মাজলৈ লৈ আনিছো এই ছবিখনৰ পৰিচালক কৃষ্ণকান্ত বৰাক; ইতিমধ্যে জানিব পৰা গৈছিল যে উক্ত ছবিখনত ৪-৫ গৰাকী পেছাগত অভিনেতা-অভিনেত্ৰীৰ বাদে ইয়াত অইন চৰিত্ৰ সমূহ ৰূপায়ন কৰিছিল তেওঁলোকে শ্বুটিং সম্পন্ন কৰা গাওঁখনৰে একাংশ স্থানীয় বাসিন্দাই। ৰূপালীপৰ্দাৰ তৰফৰ পৰা এই ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলো। চাওঁচোন আহকঃ

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত?
কৃষ্ণকান্ত বৰাঃ মনোৰঞ্জনৰ দিশটোত মই একেবাৰে নতুন বুলি ক’লেও হয়টো ভুল কোৱা নহ’ব। মই বৰ্তমানেও ছবি নিৰ্মাণ স্কুলত অধ্যয়নৰত এগৰাকী ছাত্ৰ। “বৰষুণ” মোৰ প্ৰথম ছবি; আৰু অৱশ্যে এই ছবিখনৰ সৈতে জড়িত প্ৰায় গৰাকী প্ৰতিভাৰে এইখন ছবি তেওঁলোকৰ কেৰিয়াৰৰ প্ৰথমখন ছবি। আনকি, তেওঁলোক এতিয়াও মোৰ দৰেই একোগৰাকী ছাত্ৰ; গতিকে আমাৰ এই দিশটোত বহুখনি কথা এতিয়াও শিকিবলগীয়া আছে বুলি আমি ভাবো।

প্ৰশ্নঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহত শ্ৰেষ্ঠ পৰিচালকৰ খিতাপত মনোনয়ন লাভ কৰাৰ অভিজ্ঞতা সম্পৰ্কে জানিব বিচাৰিম।
কৃষ্ণকান্ত বৰাঃ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অৰ্থাৎ নিউয়ৰ্কত হ’বলগীয়া নিউয়ৰ্ক-ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত আমাৰ এই ছবিখনে মনোনয়ন লাভ কৰাৰ বাবে মই অত্যন্ত সুখী হৈছো আৰু মোৰ সৈতে ছবিখনত জড়িত প্ৰত্যেকজন ব্যক্তিক এই পেজখনৰ জৰিয়তে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই ভাবো, এখন ছবি হৈছে যুঁটীয়া প্ৰচেষ্টা আৰু আমাৰ এই ছবিখন প্ৰচেষ্টাৰ সুন্দৰ উদাহৰণ। সকলোৱে নিজৰ কৰিবলগীয়া খিনি শ্ৰেষ্ঠ পৰ্যায়ত দিছে বাবেই হয়টো আমাৰ ছবিখনে এনে এটা পৰ্যায়ত উপনীত হৈছে।

প্ৰশ্নঃ”বৰষুণ” ছবিখনত এনে কি কাহিনীৰ সংযোজন আছে যিয়ে দৰ্শকক আকৰ্ষণ কৰিব বুলি আপুনি ভাবে?
কৃষ্ণকান্ত বৰাঃ “বৰষুণ-চংছ ফ’ৰ ৰেইন” ত এক ব্যতিক্ৰমী টুইষ্টৰ সংযোজন কৰা হৈছে; যি টুইষ্টে দৰ্শকক ছবিখনৰ প্ৰতি আকৰ্ষিত কৰিব বুলি মোৰ বিশ্বাস। ছবিখনৰ কাহিনীভাগৰ বিষয়ে যদি চমুকৈ ক’বলৈ যাওঁ তেতিয়াহ’লে এইখন হৈছে এখন মাছমৰীয়া গাঁৱৰ কাহিনী। যি গাঁৱত বৰষুণ নোহোৱাৰ ফলত গাওঁবাসীয়ে ভিন্ন নীতি-নিয়মৰ দ্বাৰা বৰষুণ আনিবলৈ চেষ্টা কৰে। ইয়াৰ উপৰিও, ছবিখনত দুগৰাকী মূখ্য চৰিত্ৰ আছে যাৰ মাজত এটা সুন্দৰ সম্পৰ্কৰ বহিঃপ্ৰকাশ দেখুওৱা গৈছে; আনহাতে, আমাৰ ছবিখনত প্ৰফেচনেল আৰ্টিষ্ট বহুত কম। বাকী বহুকেইটা চৰিত্ৰ ৰূপায়ন কৰিছে গাওঁবাসীয়ে; আৰু তেওঁলোকে ইমান সুন্দৰকৈ বস্তুসমূহ উপস্থাপন কৰিছে যে মই এগৰাকী পৰিচালক ৰূপে অত্যন্ত সুখী। এই আটাইবোৰ বস্তুকেই লৈ মই আশা কৰিছো যে ছবিখন দৰ্শকে আঁকোৱালি ল’ব। কিন্তু, ছবিখনৰ টুইষ্টেও দৰ্শকক দিব নতুন সোঁৱাদ। লগতে, ছবিখনৰ চাউণ্ড আৰু ভিজুৱেলচ সমূহো উন্নত মানদণ্ডৰ হৈছে বুলি মই ভাবো।

প্ৰশ্নঃ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।
কৃষ্ণকান্ত বৰাঃ আগন্তুক পৰিকল্পনা ৰূপে ছবি নিৰ্মাণৰ কথাই ভাবি থকা হৈছে কাৰণ ইয়াৰ বাহিৰে আন একো কাম মই কৰিবই নাজানো; “চিনেমা মোৰ বাবে addiction” । এখন খিৰিকী; আৰু এই খিৰিকীৰ ভিতৰৰ কাহিনীবোৰ, চৰিত্ৰ বোৰে বাহিৰলৈ হাত মেলি চোৱাৰ সপোনেই হৈছে মোৰ পৰিকল্পনাৰ চিনেমা।

ৰূপালীপৰ্দাঃ ধন্যবাদ কৃষ্ণকান্ত বৰা; আপোনাৰ ছবিখনৰ দৰেই আন আহিবলগীয়া প্ৰকল্পসমূহলৈ শুভকামনা।
কৃষ্ণকান্ত বৰাঃ ধন্যবাদ ৰূপালীপৰ্দা।
Add comment