Rupaliparda.com
"Aspirants" টো বাৰু উপভোগ কৰিলে! কিন্তু "Ass pirants" কো লাগিব সঁহাৰিঃ 1

“Aspirants” টো বাৰু উপভোগ কৰিলে! কিন্তু “Ass pirants” কো লাগিব সঁহাৰিঃ

TVF ৰ “Aspirants” ৱেব চিৰিজ আৰু হাজাৰ হাজাৰ দৰ্শকৰ আৱেগ সম্বলিত ভাৱনা। আমি পূৰ্বেও কৈছো; এই ৱেব চিৰিজখনৰ প্ৰতিটো চৰিত্ৰ বৰ্তমানেও জীৱন্ত হৈ থকাৰ সমান্তৰালকৈ ৱেব চিৰিজখনৰ কাহিনীভাগ প্ৰত্যেকগৰাকী দৰ্শকৰ হৃদয়ত সজীৱ হৈ থকা বুলি আমি অনুভৱ কৰিছো। কেৱল মাত্ৰ ৱেব চিৰিজখনৰ কাহিনীভাগ বুলিয়েই নহয়; তাত সংযোজিত দুটা গীতো আছিল মন কৰিবলগীয়া তথা বহুল ভাৱে প্ৰশংসনীয়। এই ৱেব চিৰিজখনৰ গীত কেইটাই সেইবাবেই হয়টো প্ৰতিটো সাংগীতিক প্লেটফৰ্মত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। কিন্তু, আমি আপোনালোকক আজি এইখন ৱেব চিৰিজৰ ধনাত্মক দিশসমূহৰ বিষয়ে কথা পাতিবলৈ অহা নাই; আমি আজি পাতিম “Ass pirants” ৰ কথাহে। হয়, চুটি ছবিখন ( spoof)ত কি আছে কি নাই সেই আটাইবোৰ চুটি ছবিখন উপভোগ কৰা জনে ভালদৰে বুজি পাইছে। কোনে কয় কেৱল মাত্ৰ হিন্দী-ইংৰাজী ভাষাৰ থ্ৰীলাৰ আৰু ক্ৰাইম অথবা ৰোমাণ্টিক চিৰিজতে টুইষ্ট আছে? আপোনালোকেও যদিহে এনেদৰে ভাবিছে তেতিয়াহ’লে এয়া আচলতে আপোনালোকৰি ভুল ধাৰণা; Zerothdrama ৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনতো আপোনালোকে হিন্দী “Aspirants” খনৰ দৰেই দেখিবলৈ পাব কিছু দৃশ্যাংশ। আনকি, এই নৱপ্ৰজন্মৰ প্ৰতিভাৰ দলটোৱে তেওঁলোকৰ “Ass pirants” ত সংযোজন কৰিছে হিন্দী খনৰ দৰে দুটা গীতো। কিন্তু বিষয়বস্তু ভিন্ন; সম্প্ৰতি পৰিস্থিতিক কেন্দ্ৰ কৰি তাত কমেডিৰে মছলা মাৰি মুকলি কৰি দিয়া হৈছে এই “Ass pirants” খন।


Zerothdrama ৰ বেনাৰত নিৰ্মিত প্ৰত্যেকটা ভিডিঅ’ৰ দৰে সদ্যমুক্তিপ্ৰাপ্ত চুটি ছবিখন( spoof) কো মৰম দিছে দৰ্শকে। দৰ্শকৰ বাবেই এয়াই আচলতে সুখ; য’ত তেওঁলোকে কেওঁদিশে সন্ত্ৰাস দেখিছে তাতেই আকৌ আন এটা দিশত হাঁহিৰ অৱসাদ লাভ কৰিছে দৰ্শকৰ দ্বাৰা। এই চুটি ছবিখনৰ স্ক্ৰীপ্ট লিখিছে বেদব্ৰত বৰাই; ইয়াত অভিনয় কৰিছে আনমল ৰাজ শইকীয়া, প্ৰজ্ঞান শইকীয়া, পুলক শইকীয়া, অৰ্পিতা শৰ্মাৰ লগতে বেদব্ৰত বৰাই। দৃশ্যগ্ৰহণ আৰু সম্পাদনা মাধুৰ্য্য বৰাৰ; ড্ৰোন তথা ৰঙৰ দায়িত্বত আছে সৌৰভ হাজৰিকা। আৱহ সংগীত সিদ্ধান্ত সাগৰ আৰু জাগ্ৰত ভূঞাৰ; সংগীত ব্যৱস্থাপনা আৰু গীতাৰ শুভ দাসৰ। শব্দ সংমিশ্ৰণ জাগ্ৰত ভূঞাৰ লগতে ইয়াত সন্নিৱিষ্ট গীত দুটিত কন্ঠদান কৰিছে চয়নিকা বৰুৱা আৰু সিদ্ধান্ত সাগৰে। “Zeroth Drama” ৰ সৈতে জড়িত একাংশ শিল্পীয়ে সদায় সমাজৰ হকে নিৰ্মাণ হৈ থকা প্ৰকল্প সমূহেৰে আমোদ দিয়া কথা হয়টো নক’লেও আপোনালোকে জানে! ব্যংগ, হাস্য অথবা কোনো ধৰণৰ বিষয়ক লৈ এই ইউটিউব চেনেলটোৰ নিবেদনত নিৰ্মিত প্ৰকল্প সমূহে বৰ্তমানলৈ অহৰহ মনোৰঞ্জন প্ৰদান কৰিছে অসমীয়া দৰ্শকক। জনসাধাৰণক সংযোগ কৰিব পৰা বিধৰ কিছু কনচেপ্টেৰে আগবঢ়া উক্ত ইউটিউব চেনেলৰ প্ৰতিটো ভিডিঅ’ৰ বাবে উৎসাহী জনসাধাৰণ।

"Aspirants" টো বাৰু উপভোগ কৰিলে! কিন্তু "Ass pirants" কো লাগিব সঁহাৰিঃ 2


প্ৰায় ৬-১০ মিনিটৰ এটি ভিডিঅ’ৰে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। এওঁলোকৰ এই টীমটোক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform