চিনেমা জনা মানুহ জন , চিনেমাৰ ভাষা ব্যবহাৰত গুৰুত্ব দিয়া পৰিচালক জন , কাৰিকৰী দিশত দক্ষ চিনেকৰ্মী জনৰ প্ৰসঙ্গত কম চৰ্চা হৈছে | হয়, দাৰা আহমেদৰ চিনে কৰ্মৰ চিনেচৰ্চাৰ কথা কৈছোঁ | কেৱল ‘গল্প’ৰ বাবে চিনেমা নিৰ্মাণ কৰা পৰিচালক নাছিল , ‘চিনেমা’ৰ বাবে চিনেমা পৰিচালনা কৰিছিল | ১৯৮৪ চনত পৰিচালনা কৰে ‘দেৱী’ (শম্ভু গুপ্তৰ সৈতে তেওঁৰ যুটীয়া পৰিচালনা ) ৷
১৯৮৫ চনৰ ২০ ডিচেম্বৰত মুক্তি পায় দাৰা আহমেদৰ স্বাধীন পৰিচালনা ‘পূজা’ ৷ ব্যৱসায়িক ভাৱে অতি সফল হৈছিল ৷ চিত্ৰগৃহলৈ আহে ‘মধুচন্দা’ (১৯৮৬) , ‘প্ৰতিদান'(১৯৮৭) ,’বৰদৈচিলা'(১৯৮৯), ‘ধ্ৰুৱতৰা'(১৯৯০), ‘যখিনী'(১৯৯১), ‘ৰিক্সাৱালা'(১৯৯৩), ‘উৰ্বশী'(১৯৯৫) ‘দেৱতা'(১৯৯৮)। অসমীয়া চিনেমাক নতুন গতি দিয়া ব্ৰজেন বৰুৱাৰ ব্যৱসায় সফল জনপ্ৰিয় ছবি ‘ডক্টৰ বেজবৰুৱা’ৰ সহকাৰী পৰিচালক হিচাপে দাৰা আহমেদৰ প্ৰথম খোজ | পৰৱৰ্তী সময়ত আব্দুল মজিদকো পৰিচালনাত সহায় কৰে ‘ চামেলী মেমচা’ব’ আৰু ‘ পোনাকন ‘ ত |
এই চিনেকৰ্ম বিশ্লেষণ কৰিলে ‘চিনেমাৰ মানুহজন’ক সহজতে অনুভৱ কৰিব | এয়া স্পষ্ট — দাৰা আহমেদৰ চিনেকৰ্মক সাৰ্থক চিনেকৰ্মৰ তালিকা ভুক্ত কৰিব নোৱাৰি | আৰু আজিৰ তাৰিখত কাৰিকৰী দিশতো প্ৰশংসা কৰিব নোৱাৰি | আমি প্ৰশংসা কৰিছো ১৯৮৪ — ১৯৯৮ সময় চোৱাৰ অসমীয়া চিনেকৰ্মৰ কথা মনত ৰাখি | সেই সময় চোৱাত তিনি গৰাকী অসমীয়া চিনেমাৰ পৰিচালকৰ কামত কাৰিকৰী ক্ষমতা অনুভৱ কৰিছিলোঁ — জনছ মহলীয়া , দাৰা আহমেদ , জাহ্নু বৰুৱাৰ | সেই সময় চোৱাৰ সৰহ সংখ্যক অসমীয়া চিনেমাৰ পৰিচালকে ‘ কাৰিকৰী উপদেষ্টা ‘ ৰ আশ্ৰয় লৈছিল , লবলৈ বাধ্য হৈছিল | কোনে জানো কৈছিল — ” কাৰিকৰী জ্ঞান নথকা চিনেমা পৰিচালক ভাষাৰ ব্যাকৰনৰ জ্ঞান নথকা কবিৰ দৰে ” | মনত পৰিছে , দাৰা আহমেদে কৈছিল | পৰিচালক গৰাকীৰ নিজৰ কথা নাছিল | আইজেনষ্টাইনৰহে আছিল | কেচা ফিল্মৰ অভাৱত আইজেনইষ্টানে চিনেমাৰ তৃতীয় ভাষা মন্টাজ আৱিস্কাৰ কৰিছিল , ব্যৱহাৰ কৰিছিল |
আইজেনষ্টাইনৰ সময়ত হলিউডৰ তুলনাত চোভিয়েত ৰাচিয়াত প্ৰাযুক্তিক সুযোগ – সুবিধা কম আছিল , অতি কম | সীমাবদ্ধ প্ৰাযুক্তিৰেই কিন্তু আইজেনষ্টাইনৰ দৰে উৰ্বৰ চিনেচিন্তাৰ চিনেকৰ্মীয়ে অতুলনীয় চিনেশৈল্পিক সাফল্য অৰ্জন কৰিছিল | আৰু সেই সময়ত , পৰৱৰ্তী সময়তো চাৰ্লি চেপলিনৰ চিনেকৰ্মতকৈ আইজেনষ্টাইনৰ চিনেকৰ্মক শ্ৰেষ্ঠ বুলি কোৱা হৈছিল | কিন্ত জনপ্ৰিয় হৈছিল চেপলিনৰ গতিয়ে গুৰুত্ব পোৱা চিনেকৰ্ম | ভাৰততো চেপলিনৰ চিনেশৈলিয়ে বা পৰ্দাত গল্প কোৱা পদ্ধতি জনপ্ৰিয় হৈছিল | আৰু স্বাভাবিকতে ভাৰতীয় চিনেকৰ্মীয়ে ‘জনপ্ৰিয় ধাৰাটো’ক গুৰুত্ব দিছিল | কব পাৰি — চাৰ্লিৰ ধাৰাটো ভাৰতীয় চিনেধাৰালৈ ৰূপান্তৰ কৰিছিল ৰাজ কাপুৰে | ” ৰাজ কাপুৰৰ চিনেমাই মোক আকৰ্ষন কৰিছিল | মই আইজেনষ্টাইনৰ চিনেমাও চাইছো | আইজেনষ্টাইনৰ A × B = C পদ্ধতিয়ে মোক আকৰ্ষণ কৰিছিল | ভাবিছিলো — ময়ো এদিন চিনেমা পৰিচালনা কৰিম |
আইজেনষ্টাইনৰ দৰে মন্টাজ ব্যবহাৰ কৰিম | মই জন ফোৰ্ড , জৰ্জ ষ্টিফেনৰ , সত্যজিত ৰায় , মৃণাল সেন , তপন সিনহা আদিৰ চিনেমাও হজম কৰিছিলোঁ | কিন্তু ব্ৰজেন বৰুৱাৰ সান্নিধ্যই মোক সলনি কৰিলে | সেই সময়ত মই ‘ ডক্টৰ বেজবৰুৱা’ৰ কামত ব্যস্ত | ৰাতি দেৰকৈ ঘৰ সোমাই বিছনাত পৰি আছিলো | মনৰ মাজত চিনেমাৰ বহুকথা | বাৰে বাৰে মোৰ মনটো ৰৈ গৈছিল ৰাজ কাপুৰৰ চিনেমাত | সেই ৰাতি মই ঠিক কৰিছিলো , মই দৰ্শকৰ বাবেহে চিনেমা পৰিচালনা কৰিম | আৰু সেই ৰাতি মই অনুভৱ কৰিছিলো — মোক ছুই আছে ৰাজ কাপুৰৰ পৰিচালনা ষ্টাইলে | সেই ৰাতিৰ পৰা মই হিন্দী , বংলা , তামিল ইত্যাদি ভাষাৰ ব্যৱসায়িক সফল চিনেমা চোৱাত ব্যাস্ত হলো | আজি মই বিশ্বাস কৰো চিনেমা বিনোদন , কেৱল বিনোদনৰ বাবে | অৱশ্যেই পৰিচালকে সামাজিক দায়িত্বৰ কথা মনত ৰাখিব লাগিব | এয়া মোৰ ধাৰণা | ” — দাৰা আহমেদে কৈছিল | স্বাভাবিকতে দাৰা আহমেদৰ চিনেমাত বলীউডৰ শৈলী আৰু বংলা চিনেমাৰ ‘ গল্প ‘ কোৱাৰ কৌশল স্পষ্ট হৈছিল | এই যে স্পষ্ট হৈছিল অস্বীকাৰ কৰা নাছিল পৰিচালক গৰাকীয়ে |
— ১৯৯৪ চন | ‘আজিৰ সংবাদ ‘ নামৰ অধুনালুপ্ত দৈনিক কাকত খনৰ সম্পাদনা বিভাগত ব্যস্ত আছিলো | ‘ উৰ্বশী ‘ চিনেমা খনৰ খবৰ লৈ আহিছিল দাৰা আহমেদ | কৈছিল — ” মই দাৰা আহমেদ | মোৰ নতুন চিনেমাৰ খবৰ লৈ আহিছোঁ | ছপালে ভাল লাগিব ! ” সেয়াই প্ৰথম মুখা মুখী | সেই দিনা আমি ( মানে মই , কাকত খনৰ নিৱন্ধ সম্পাদক দিগন্ত ওজা , বতৰি সম্পাদক পুলিন ডেকা আৰু ষ্টাফ ৰিপ’ৰ্টাৰ শংকৰ লস্কৰ ) বহু কথা পাতিছিলোঁ | পৰিচালক গৰাকীৰ তেতিয়ালৈকে চিত্ৰগৃহলৈ অহা চিনেমা কেইখনৰ নাম উল্লেখ কৰি কৈছিলোঁ — আপোনাৰ চিনেমা মৌলিক বুলি কম জানো ! হিন্দী – বংলা চিনেমাৰ ছাঁ … ” পৰিব পাৰে ! মই কেতিয়াও দাবি কৰা নাই , নকৰো মোৰ নিজা শৈলী আছে বুলি | মই অসমীয়া ভাৰতীয় চিনেমা নিৰ্মান কৰি আহিছোঁ , নিৰ্মান কৰিম | ছাঁ – পোহৰৰ চিনেমা নিৰ্মান নকৰো | মোৰ ধাৰণাত চিনেমা মানেই কালাৰফুল | ” — আমাৰ প্ৰশ্ন শেষ হোৱাৰ আগতে দাৰা আহমেদে কৈছিল | সেই দিনা দিগন্ত ওজাই দাৰা আহমেদক ‘ আজিৰ সংবাদ’ৰ দ্বিতীয় প্ৰস্তাৱনা সংখ্যাটো দিছিল | সেই সংখ্যাত আইজেনষ্টাইন প্ৰসংগত লিখিছিলো | সেই লেখাটোত চকু ফুৰায়ে দাৰা আহমেদে কৈছিল — ” কাৰিকৰী জ্ঞান নথকা চিনেমা পৰিচালক ভাষাৰ ব্যাকৰণৰ জ্ঞান নথকা কবিৰ দৰে | “
Add comment