Rupaliparda.com
সঞ্জয় দত্তৰ বাবে স্কুলত বিবেক অব্ৰয় হৈছিল জনপ্ৰিয়ঃ 1

সঞ্জয় দত্তৰ বাবে স্কুলত বিবেক অব্ৰয় হৈছিল জনপ্ৰিয়ঃ

“শ্বুটআউট এট লোখণ্ডৱালা” বিবেক অব্ৰয়ৰ জীৱনৰ খুবেই গুৰুত্বপূৰ্ণ ছবি। তাত অভিনীত তেওঁৰ নিগেটিভ চৰিত্ৰটোৰ বাবে তেওঁক সঁহাৰি জনাইছিল জনসাধাৰণে। এইখন ছবিতেই সঞ্জয় দত্তৰ সৈতে বিবেক অব্ৰয় প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিছিল; যিগৰাকী সঞ্জয় দত্তৰ বাবে স্কুলত পঢ়ি থকা অৱস্থাত বিবেক অব্ৰয় ছোৱালী সকলৰ বাবে জনপ্ৰিয় হৈ পৰিছিল। এই কথা নিজেই এক সাক্ষাৎকাৰ যোগে ব্যক্ত কৰে বিবেক অব্ৰয়ে; তেওঁ কয় যে তেওঁ মেয়ো কলেজৰ বৰ্ডিং স্কুলত পঢ়িছিল আৰু তেতিয়াই জয়পুৰত কোনো এখন ছবিৰ শ্বুটিং কৰিবলৈ তাত উপস্থিত হৈছিল বিবেকৰ পিতৃ সুৰেশ অব্ৰয়; গতিকে সেইসময়তে বিবেকক লগ কৰিবলৈ তেওঁ স্কুল গুচি গৈছিল। নিজৰ পিতৃক হঠাৎ দেখি বিবেক অব্ৰয় অবাক হৈছিল যদিও তেওঁ আটাইতকৈ অধিক হতহম্ভ হৈছিল তেতিয়া যেতিয়া গাড়ীৰ পৰা নামি আহিছিল সঞ্জয় দত্ত। সুৰেশ অব্ৰয়ৰ সৈতে একেটা শ্বুটিঙত ব্যস্ত থকাৰ বাবেই তেওঁয়ো বিবেক লগ কৰিবলৈ গুচি আহিছিল। আৰু, তেতিয়া বিবেকে সঞ্জয় দত্তক অনুৰোধ কৰিছিল যে তেওঁ মেয়ো গাৰ্লচ কলেজ চাবলৈ যাব নেকি! গতিকে সঞ্জয় দত্ত যেতিয়া কলেজলৈ ফুৰিবলৈ গৈছিল তেতিয়া তাৰ ছাত্ৰী সকলে সঞ্জয়ক দেখি উৎসাহিত হৈছিল আৰু সেইবাবেই প্ৰায় কেইবাদিনলৈ বিবেক অব্ৰয় স্কুলৰ ছোৱালী সকলৰ ওচৰত জনপ্ৰিয় হৈ পৰিছিল।

সঞ্জয় দত্তৰ বাবে স্কুলত বিবেক অব্ৰয় হৈছিল জনপ্ৰিয়ঃ 2


২০০২ চনত গোপাল বাৰ্মা কোম্পানীৰ বেনাৰত নিৰ্মিত গেংগষ্টাৰ ছবিৰ দ্বাৰা নিজ কেৰিয়াৰ আৰম্ভ কৰা বিবেক অব্ৰয়ে পিছত ৰোমান্টিক, ড্ৰামা, কমেডী, একচন আদি বিভিন্ন প্ৰকাৰৰ ছবিৰ সৈতে জড়িত হৈ পৰিছিল। সঁচা অৰ্থত ক’বলৈ গ’লে এটা সময়ৰ বি-টাউনৰ এগৰাকী জনপ্ৰিয় অভিনেতা আছিল বিবেক অব্ৰয়। আনহাতে, সঞ্জয় গুপ্তাৰ নিৰ্দেশনাত নিৰ্মিত ছবি “শ্বুটআউট এট লোখণ্ডৱালা” মুক্তি লাভ কৰিছিল ২০০৭ চনৰ ২৫ মে’ ত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform