Rupaliparda.com
এক্সপ্ৰেছনৰ সৈতে আকৌ এবাৰ অনুৰাগীক নিজৰ ফলীয়া তনভী শৰ্মাৰঃ 1

এক্সপ্ৰেছনৰ সৈতে আকৌ এবাৰ অনুৰাগীক নিজৰ ফলীয়া তনভী শৰ্মাৰঃ

লক-ডাউনৰ দিনকেইটাত শেহতীয়াকৈ প্ৰত্যেকজন অভিনেতা-অভিনেত্ৰীয়ে নিজক ব্যস্ত কৰি ৰাখিবলৈ ভিন্ন প্ৰচেষ্টা হাতত লৈছে। কোনোৱে যদি নিজাববীয়াকৈ অভিনয়ৰ অনলাইন কৰ্মশালাৰ আয়োজন কৰিছে; আনহাতে কোনোৱে আৰম্ভ কৰিছে নৃত্যৰ অনলাইন কৰ্মশালাৰ। মুঠৰ ওপৰত এনেই কোনো এজন অভিনেতা-অভিনেত্ৰী বহি থাকিবলৈ বিচৰা নাই বৰ্তমান। কিন্তু, এই আটাইবোৰ অভিনেতা-অভিনেত্ৰীৰ মাজত এনে এগৰাকী অভিনেত্ৰী আছে যাৰ এক্সপ্ৰেছনে প্ৰত্যেককে আমোদ দিবলৈ সক্ষম হয়। সেই অভিনেত্ৰী গৰাকীৰ নাম হৈছে তনভী শৰ্মা; তেওঁৰ একোটা ভিডিঅ’ই জনসাধাৰণৰ বহুল অংকত সঁহাৰি লাভ কৰে। আপুনি যদি তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এবাৰ হ’লেও চকু ফুৰাই তেতিয়াহ’লে তাত আপুনি ভিডিঅ’সমূহ দেখি কিবা এটা হয়টো নিজেও শিকিবলৈ সুবিধা লাভ কৰিব। এক্সপ্ৰেছনৰ সৈতে খেলি তনভী শৰ্মাই বাৰুকৈয়ে নিজৰ অনুৰাগীৰ শাৰী পূৰ্বতকৈ আৰু অধিক দীঘলীয়া কৰিছে। বিগত বৰ্ষৰ “লক-ডাউন” তো এইগৰাকী অভিনেত্ৰীক এনেদৰেই দেখিবলৈ পাইছিল অনুৰাগীয়ে। এই বিষয়ত অভিনেত্ৰী গৰাকীক প্ৰশ্ন কৰাত তেওঁ কৈছিল যে, ” মই এক্সেপ্ৰেছনৰ ক্ষেত্ৰত নিজক আৰু অকণমান বেছিকৈ উন্নত কৰিব খুজিছো। মোক যেতিয়া দৰ্শক বা মোৰ অনুৰাগীয়ে মেছেজ কৰি কয় যে তেওঁলোকে মোৰ ভিডিঅ’বোৰৰ বাবে অপেক্ষা কৰি থাকে লগতে তেওঁলোকৰ মোৰ এক্সপ্ৰেছন ভাল লাগে বুলি তেতিয়া আচলতে মই আৰু বেছিকৈ উৎসাহিত হওঁ।”


অভিনেত্ৰী গৰাকীয়ে আগলৈ কয় যে, “অনুৰাগীয়ে যেতিয়া এনেধৰণে মোৰ এক্সপ্ৰেছনৰ প্ৰশংসা কৰে তেতিয়া মই আৰু বেলেগ বেলেগ গানৰ শব্দৰ সৈতে খেলিবলৈ বিচাৰো। এতিয়া কোনো অভিনেতা-অভিনেত্ৰীয়ে শ্বুটিঙৰ কথা ভাবিব পৰা নাই কাৰণ সম্প্ৰতি পৰিস্থিতিটোত এইবোৰ একোৱে ভাবিব পৰা নাযায়। গতিকে এতিয়া শুই উঠি কেৱল ঘৰৰ কাম থাকে; যেনে ধৰা ঘৰটোকে ছাফা কৰা, বস্তুবোৰ ধুনীয়াকৈ সুন্দৰকৈ আকৌ এবাৰ ৰখা। গতিকে এইবোৰৰ মাজত মই সদায় নিজক এঘন্টাকৈ সময় দিওঁ; যাতে মই সেইখিনি সময়ত নিজক উন্নত কৰি তুলিব পাৰো। কেমেৰাৰ আগত থাকি মই বহুত ভাল পাওঁ গতিকে কেমেৰাৰ আগত এটা গীতৰ কথাক কেনেদৰে ভিন্ন ধৰণে বুজাব পাৰি তাক চেষ্টা কৰো। মানুহে জানে মই নাচো,কিন্তু নাচিলেও কেতিয়াবা কিছুমানে কয় যে তেওঁলোকে আৰু অধিক সমুখৰ পৰা মোক এক্সপ্ৰেছন চাব বিচাৰে; সেইবাবেই মই তেওঁলোকৰ বাবে কিছুমান ক্ল’জ ভিডিঅ’ শ্বুট কৰিবলৈ বিচাৰো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform