Rupaliparda.com
"তুমি যেন জোনাকী" ৰ জনপ্ৰিয়তাৰ পিছত ৰিতুপম লস্কৰৰ "নিবিড় নিঁয়ৰে"- 1

“তুমি যেন জোনাকী” ৰ জনপ্ৰিয়তাৰ পিছত ৰিতুপম লস্কৰৰ “নিবিড় নিঁয়ৰে”-

এটা গীতৰ কন্ঠটোৱে কেতিয়াবা আমাক বাৰুকৈয়ে মুগ্ধ কৰে; তেওঁলোক সংগীত ক্ষেত্ৰখনত কেৱল মাত্ৰ দুই-এটা গীতেৰেহে যদিও আগবাঢ়িছে তথাপিও যেন তেওঁলোকৰ কন্ঠত এনে এক প্ৰশান্তি আছে যাৰ বাবে তেওঁলোকৰ গীত শুনিবলৈ অপেক্ষা কৰে বহুতেই। সঘনাই ইটোৰ পিছত সিটো প্ৰকল্পৰে তেওঁলোক শ্ৰোতা-দৰ্শকৰ কাষ নাচাপিলেও তেওঁলোকক চিনি পাবলৈও যেন বৰ বেছি কষ্ট নহয় ৰাইজৰ। কেৱল মাত্ৰ সাধাৰণ ৰাইজ বুলিয়ে নহয়; একোগৰাকী এনে নৱপ্ৰজন্ম আছে যাৰ কন্ঠক সঁহাৰি তথা সমাদৰ জনোৱা দেখিবলৈ পোৱা যায় অসমীয়া সংগীত ক্ষেত্ৰখনত প্ৰতিষ্ঠিত একোগৰাকী সংগীতশিল্পীও। কুকিলকন্ঠী গায়িকা তৰালি শৰ্মাই কন্ঠত এক অন্য সোঁৱাদ তথা বেদনা আছে বুলি একাষাৰে কৈ দিয়া এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা ৰিতুপম লস্কৰৰ কন্ঠৰে আহি আছে এটা নতুন গীত “নিবিড় নিঁয়ৰে”। “তুমি যেন জোনাকী” শীৰ্ষক গীতটিৰে ৰাইজৰ কাষ চপা এইগৰাকী নৱপ্ৰজন্মৰ কন্ঠৰে মুক্তি লাভ কৰিছিল আন দুটি গীত ক্ৰমে “আবেলি এটি” তথা “নিশা আকাশো”। এইগৰাকী প্ৰতিভাৰ আহিবলগীয়া গীতটিক লৈ অপেক্ষাৰতও হৈছে অনুৰাগী বৃন্দ; অডিঅ’ আকাৰে মুক্তি লাভ কৰিব গীতটি। জুনৰ প্ৰথমটো সপ্তাহতেই গীতটিক মুকলি কৰি দিয়াৰ কথা ইতিমধ্যে জানিব পৰা গৈছে। যা হওঁক, ভাইৰাছ অথবা মহামাৰীৰ ভিন্ন খবৰেও যে এই প্ৰতিভাসকলৰ সৃষ্টিক ৰুদ্ধ কৰিব পৰা নাই; সেয়াই আচলতে বৰ্তমানৰ একমাত্ৰ ভাললগা কথা। গীত সমূহে অকণমানকৈ হ’লেও অনুৰাগীক ধনাত্মক কৰি তুলিব বুলি বিশ্বাসী তেওঁলোক।

"তুমি যেন জোনাকী" ৰ জনপ্ৰিয়তাৰ পিছত ৰিতুপম লস্কৰৰ "নিবিড় নিঁয়ৰে"- 2


গীতটিত কথা সোণমনি ৰয়ৰ লগতে গীতটিত সংগীত তথা শব্দ-সংমিশ্ৰণ কৰিছে নিক বৰাই। গীতটিত কন্ঠদান কৰাৰ উপৰিও ইয়াত সুৰ কৰিছে ৰিতুপম লস্কৰে নিজেই; গীতটিত বাঁহী বজাইছে ৰিংকু বাঢ়ৈয়ে আৰু কাজন বিদ্যামান ভূঞাৰ। মা-দেউতাৰ উৎসাহৰ ফলত গান শিকিবলৈ আৰু গান গাবলৈ আৰম্ভ কৰা ৰিতুপম লস্কৰে গীত গোৱাৰ লগতে অইনৰ ভিন্ন ধৰণৰ গীতসমূহ শুনিবলৈ তেওঁ আগ্ৰহী হৈ থাকে। সাংস্কৃতিক ক্ষেত্ৰখনত যেতিয়া একোজন নৱপ্ৰজন্মই নিজৰ সৰ্বস্ব দি আগবাঢ়ি যোৱাৰ চেষ্টা কৰে তেতিয়া তাতকৈ অধিক ভাল লগা বিষয় আৰু কি হ’ব পাৰে! আমি সকলোৱে বৰ্তমান প্ৰজন্মৰ কৰ্মত সেই কিবা এটা কৰাৰ অযুত ইচ্ছা দেখিবলৈ পাইছো। অইন পেছাৰ তুলনাত যেন সংগীত সাধনাই তেওঁলোকৰ জীৱনৰ একমাত্ৰ ধৰ্ম; ঠিক তেনে এক ভাৱনাৰে উঠি অহা বহু কন্ঠশিল্পীৰ গীত আমি ইতিমধ্যে শুনিছো। সংগীত বোলা এই শব্দটোৰ অৰ্থ বুজাৰ পূৰ্বেই এনে নৱপ্ৰজন্মই ইয়াৰ প্ৰতি নিজক উচৰ্গা কৰিবলৈ বিচাৰে, শ্ৰদ্ধা কৰে।

"তুমি যেন জোনাকী" ৰ জনপ্ৰিয়তাৰ পিছত ৰিতুপম লস্কৰৰ "নিবিড় নিঁয়ৰে"- 3


এইখিনিতে, আপোনালোকক জনাই থওঁ যে, ৰিতুপম কেৱল মাত্ৰ সংগীত ক্ষেত্ৰখনৰ লগতেই নহয়; তেওঁ অভিনয়ৰ সৈতেও জড়িত। ৰিতুপম লস্কৰৰ ইতিমধ্যে মুক্তিপ্ৰাপ্ত গীতসমূহৰ লগতে তেওঁৰ আহিবলগীয়া “নিবিড় নিঁয়ৰে” ক লৈ তেওঁৰ অনুৰাগীৰ লগতে ৰূপালীপৰ্দাৰ তৰফৰ পৰাওঁ আমি ৰিতুপমক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform