সংগীতপ্ৰিয় প্ৰত্যেকজন ব্যক্তিয়ে বৰ্তমান “বজ্ৰপাত মিউজিক” ৰ বিষয়ে অৱগত। তেওঁলোকৰ একোটা সংযোজনে ইতিমধ্যে প্ৰত্যেকজন শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ তেওঁলোকৰ আন এটি গীত “স্মৃতি” য়ো মুক্তি লাভ কৰিছে; সান্নিধ্য ভূঞাৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিক কম সময়ৰ ভিতৰতে আদৰি লৈছে শ্ৰোতা সমাজে। দুই ভাতৃ ক্ৰমে চিন্ময় শইকীয়া আৰু ৰন শইকীয়াৰ যুঁটীয়া পৰিকল্পনাৰে এই “বজ্ৰপাত মিউজিক” ৰ আৰম্ভণি কৰা হৈছিল। ৰূপালীপৰ্দাৰ তৰফৰ পৰা উক্ত দুই ভাতৃৰ পৰা জানিবলৈ বিচাৰিছিলো কিছু কথা। “বজ্ৰপাত মিউজিক” ৰ পৰিকল্পনা দুই ভাতৃয়ে কেতিয়াৰ পৰা আৰম্ভ কৰিছিল বুলি প্ৰশ্ন কৰাত তেওঁলোকে কয় যে, “পৰিকল্পনা বুলি ক’বলৈ গ’লে যেতিয়াৰ পৰা আমাৰ সংগীতৰ বিষয়টো অকণমানকৈ হ’লেও বোধগম্য হৈছিল অৰ্থাৎ ক্ষেত্ৰখনক লৈ যেতিয়া চিনাকী হৈছিলো তেতিয়াৰ পৰা আমি কিছু বস্তুৰ পৰিকল্পনা কৰিছিলো। অৱশ্যে সেয়া “বজ্ৰপাত মিউজিক” ৰূপে নাছিল; সংগীত ক্ষেত্ৰখনত কিবা এটা কৰিবলৈ আমি দুই ভাতৃক উৎসাহ যোগাইছিল তথা অনুপ্ৰেৰিত কৰিছিল আমাৰ ঘৰখনৰ পৰিৱেশটোৱে। কিয়নো আমাৰ ঘৰৰ প্ৰায়গৰাকী সদস্যই আছিল সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত; মোৰ ককা দুগৰাকী ক্ৰমে শ্ৰদ্ধাৰ দেৱেন বৰুৱা এগৰাকী সুদক্ষ বাঁহীবাদক হোৱাৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ ভাল বন্ধু আছিল। আনহাতে, ককা বিপিন শইকীয়াই আমাক গুৰু দুজনাৰ নাম-প্ৰসংগসমূহৰ সৈতে চিনাকী কৰোৱাইছিল। মায়ে আমাক সংগীত শিকোৱাৰ বিপৰীতে আমাৰ মামা শ্ৰদ্ধাৰ শ্ৰী শ্ৰী শ্ৰীকুমাৰ বৰুৱা; তেওঁ এগৰাকী তেজপুৰৰ জনপ্ৰিয় শিল্পী।
তেওঁলোকে আগলৈ কয় যে, “মামাৰ পুত্ৰ অৰ্থাৎ আমাৰ ভাতৃ য়ান বৰুৱাও সংগীত প্ৰযোজক তথা কন্ঠশিল্পী; যাৰ বাবেই আমি “বজ্ৰপাত মিউজিক” সৃষ্টি কৰিবলৈ সাহস কৰিছিলো। তেওঁ অনুপ্ৰেৰণা দিছিল বাবেই আমি আগবাঢ়িব পাৰিছিলো; আমি চেষ্টা কৰিছিলো যাতে এই সংগীতৰ মহাসাগৰখনত কিবা এটাও বৰঙণি যদি দিব পাৰো তেতিয়াহ’লে আমি অকণমান হ’লেও সাৰ্থক হোৱা বুলি ভাবিম।” অসমীয়া গীতৰ সৈতে জড়িত হোৱাৰ লগতে তেওঁলোকৰ আহিবলগীয়া প্ৰজন্মৰ প্ৰতি দায়িত্ব কি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “আমিও ভাবো, এই আহিবলগীয়া নৱপ্ৰজন্মৰ প্ৰতি আমাৰ দায়বদ্ধতা বহুখিনিয়ে আছে। লগতে, আমি নিজৰ সাৰ্থ অনুসৰি যিমান দূৰলৈ পাৰো আমি চেষ্টা কৰি যাম। অসম খনৰ থলুৱা গীত মাতবোৰ আৰু গুৰুজনাৰ সৃষ্টি ৰাজিবোৰ কেনেদৰে এই নতুন প্ৰজন্মৰ মাজত জীয়াই ৰাখিব পাৰো তাৰ বিষয়ে আমি প্ৰায়ে আলোচনা কৰি আহিছো। আকৌ, “বজ্ৰপাত মিউজিক” ৰ ফালৰ পৰা আমি এনেও চেষ্টা কৰিবলৈ বিচাৰিছো যে যাতে উঠি অহা প্ৰজন্মই এই সংগীতৰ বিভিন্ন প্ৰকাৰ সমূহ বুজি উঠিব পাৰে। এই প্ৰকাৰ সমূহৰ বিষয়ে অকণমানকৈ জানিলেহে তেওঁলোক ওলাই আহিব বিষয়সমূহ সন্দৰ্ভত পুংখানুপুংখভাৱে অধ্যয়ন কৰি নিজাববীয়াকৈ সৃষ্টি কৰিবলৈ। এনে হ’লেহে হয়টো অসমৰ শ্ৰোতা-দৰ্শকক কোনোৱে ক’ব নোৱাৰিব যে তেওঁলোকে কেৱল মাত্ৰ এটা প্ৰকাৰৰেই গীত শুনে। আমি তেওঁলোকক সুবিধাও প্ৰদান কৰিম তেওঁলোকৰ প্ৰচেষ্টা সমূহ উলিয়াই আনিবলৈ।”
তেওঁলোকৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত কয় যে, “আমাৰ পৰিকল্পনাটো যথেষ্ট খিনিয়েই আছে। সময় লাগিব যদিও কৰি যাম; আগন্তুক সময়ত বহু পৰীক্ষামূলক প্ৰকল্প তথা এলবাম ৰাইজৰ মাজত উলিয়াই দিয়া হ’ব। অসমৰ থলুৱা মাত কথা; সংগীত তথা থলুৱা বাদ্যযন্ত্ৰৰ ওপৰত সঠিক ভাৱে অধ্যয়ন কৰি সেইসমূহ কেনেকৈ জীয়াই ৰাখিব পাৰি তাৰেই চেষ্টা কৰিম।”
Add comment