Rupaliparda.com
ফিল্ম ইণ্ডাষ্ট্ৰীত ৩৭ টা বৰ্ষ অতিক্ৰম অনুপম খেৰৰঃ 1

ফিল্ম ইণ্ডাষ্ট্ৰীত ৩৭ টা বৰ্ষ অতিক্ৰম অনুপম খেৰৰঃ

অনুপম খেৰে বলীউড ছবি জগতত সম্পূৰ্ণ কৰিলে মুঠ ৩৭ টা বৰ্ষ। তেওঁৰ প্ৰথমখন ছবি “সাৰাংশ” য়ে মুক্তি লাভ কৰিছিল ৩৭ বছৰ পূৰ্বে মে’ ৰ ২৫ তাৰিখে। ৩৭ বছৰ সম্পূৰ্ণ কৰাৰ বাবে আৱেগিক হৈ পৰিছে অভিনেতা অনুপম খেৰ আৰু চচিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰিলে ভিডিঅ’। অনুপম খেৰ এনে এগৰাকী অভিনেতা যি গৰাকী প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হোৱাৰ সমান্তৰালকৈ দেশৰ ভিন্ন সমস্যাত নিজৰ স্পষ্ট মত দাঙি ৰাখে। স্পষ্টভাৱে নিজ মতামত প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে; এইবাৰ তেওঁ ৩৭ টা বৰ্ষ সম্পূৰ্ণ কৰি এক ভিডিঅ’ শ্বেয়াৰ কৰে আৰু তাত তেওঁ নিজৰ নাম দেখি প্ৰতিটো বাৰেই ভাবুক হৈ পৰা বুলি কয়। ২৫ মে’ ৰ এদিন পূৰ্বে ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখে যে, “মোৰ বিশ্বাস হোৱা নাই যে কাইলৈ ২৫ মে’; আৰু কাইলৈৰ দিনটোত মই ৩৭ টা বৰ্ষ সম্পূৰ্ণ কৰি পেলাম। ভগৱান প্ৰতিটো মূহুৰ্তত মোক লৈ দয়ালু হৈ আছিল। মাজত মাত্ৰ এটা দিন বাকী আৰু মোৰ ছবিক্ষেত্ৰখনত ৩৭ সংখ্যক জন্মদিন।” মহেশ ভাটৰ নিৰ্দেশনাত নিৰ্মিত এই “সাৰাংশ” ছবিখনত ২৮ বছৰ বয়সতেই অনুপম খেৰে এগৰাকী বৃদ্ধ ব্যক্তিৰ চৰিত্ৰ ৰূপায়ন কৰিছিল।


ছবিখনত মহেশ ভাটে অনুপম খেৰৰ সলনি ল’বলৈ বিচাৰিছিল সঞ্জীৱ কুমাৰক; এই কথাটো গম পোৱাত অনুপম খেৰে মহেশ ভাটক বিভিন্ন কথা শুনায় আৰু পিছলৈ নিজৰ ভুল বুজিব পাৰি ছবিখনত অনুপম খেৰকেই মহেশ ভাটে গ্ৰহণ কৰে। “কা”, “এন আৰ চি” আদি ভিন্ন কথাত প্ৰায়ে মূৰ দাঙি থিয় দিয়া অনুপম খেৰৰ অনুৰাগীৰ সংখ্যাৰ সমান্তৰালকৈ তেওঁক বেয়াকৈ মন্তব্য কৰা ব্যক্তিও নথকা নহয়। অৱশ্যে, এই সকল ব্যক্তিক সময়ে-সময়ে অনুপম খেৰে প্ৰতিউত্তৰ দিয়াও দেখা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.