Rupaliparda.com
মেঘৰঞ্জনীৰ উদ্যোগত "কথক অনলাইন ৱৰ্কশ্বপ"- 1

মেঘৰঞ্জনীৰ উদ্যোগত “কথক অনলাইন ৱৰ্কশ্বপ”-

“লক-ডাউন” অথবা মিনি “লক-ডাউন” ৰ মাজত শেহতীয়াকৈ প্ৰায় একাংশ লোকৰ জীৱন-যাত্ৰা স্তব্ধ হৈ পৰিছে; কিন্তু ইয়াৰ মাজতো একাংশ শিল্পী আছে যিয়ে এতিয়া বাট বিচাৰিছে তেওঁৰ অনুৰাগী অথবা ৰাইজৰ মাজলৈ আহি কিবা এটা সৰুকৈ হ’লেও প্ৰদান কৰাৰ। এনে পৰিপ্ৰেক্ষিততে, কথক অনলাইন কৰ্মশালাৰ আৰম্ভণি কৰিছে কথক নৃত্যশিল্পী তথা অভিনেত্ৰী মেঘৰঞ্জনীয়ে। “লক-ডাউন” ৰ সময়ছোৱাক সুন্দৰকৈ অতিবাহিত কৰাৰ লগতে পজিটিভ হৈ থকাৰ স্বাৰ্থত একাংশ শিকিবলৈ বিচৰা অনুৰাগীৰ মাজত তেওঁ কৰ্মশালা অনুষ্ঠিত কৰিব বিচাৰিছে। কিছুদিন পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা মেঘৰঞ্জনীয়ে প্ৰায়ে চচিয়েল মিডিয়া যোগে তেওঁৰ নৃত্যৰ একোটা ক্লিপ ৰাইজৰ মাজলৈ উলিয়াই আনে। নিজ ৩ বছৰ বয়সৰ পৰা কথক নৃত্যৰ প্ৰশিক্ষণ লোৱা এইগৰাকী অভিনেত্ৰীক বৰ্তমান ছবি অথবা ভিডিঅ’ গীতত বৰ অধিক ৰূপত দেখিবলৈ পোৱা নাযায় যদিও দেশ তথা বিদেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত অনুষ্ঠান সমূহত তেওঁৰ নৃত্যৰ ভিডিঅ’ সমূহে মেঘৰঞ্জনীৰ অনুৰাগীৰ অংক যে বৃদ্ধি কৰিছে সেয়া নিশ্চিত। ২০০৯ চনত কথক নৃত্যত “নৃত্য নিপুণ” লাভ কৰা এই গৰাকী অভিনেত্ৰীক www.award council of india.com য়ে “Dancing Queen of Assam” ৰ খিতাপ প্ৰদান কৰে। ইয়াৰ উপৰিও “NEBCUS MEDIA AWARD” ২০১০-১১ বৰ্ষত মেঘৰঞ্জনীয়ে লাভ কৰে “শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। এটা সময়ত মেঘৰঞ্জনীক কেইবাখনো অসমীয়া ভিচিডিত দেখিবলৈ পোৱা গৈছিল; সেইকেইখন হৈছে ক্ৰমে “লখিমী”, “অভিমানী মন”, “পূৰ্ণিমা”, “জানমণি”, “ৰুমাল”, “কাঁচিজোন” আৰু বহুতো।

মেঘৰঞ্জনীৰ উদ্যোগত "কথক অনলাইন ৱৰ্কশ্বপ"- 2

উক্ত আটাইকেইখন ভিচিডিত কৰা মেঘৰঞ্জনীৰ অভিনয়ক সঁহাৰি প্ৰদান কৰিছিল দৰ্শক সকলে। ২০১৪ চনত মুক্তি লাভ কৰা অসমীয়া ছবি “অনুৰাধা” ত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল মেঘৰঞ্জনীয়ে।অভিনয় ও নৃত্যৰ সমান্তৰালকৈ ফেশ্বন জগত খনৰ সৈতেও ওতঃ প্ৰোত ভাৱে জড়িত মেঘৰঞ্জনী। কেইবাটাও ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰাও দেখিবলৈ পোৱা গৈছিল অভিনেত্ৰী গৰাকীক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.