Rupaliparda.com
"আকৌ কওঁ মই পৰিচালক নহয়; মাত্ৰ চেষ্টা কৰিছো।"- দীপজ্যোতি মহন্ত 1

“আকৌ কওঁ মই পৰিচালক নহয়; মাত্ৰ চেষ্টা কৰিছো।”- দীপজ্যোতি মহন্ত

আপোনালোকে অভিনেতা অথবা নৱপ্ৰজন্মৰ ন-প্ৰতিভা দীপজ্যোতি মহন্তক নিশ্চয় চিনি পায়! কন্ঠশিল্পী নীল আকাশৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “তোমাৰ উশাহতে” গীতটিৰ ভিডিঅ’ ৰ পৰা আৰম্ভ কৰি দীপলিনা ডেকাৰ “তুমি আহিলে” লৈ; কন্ঠশিল্পী সকলৰ এই গীতসমূহৰ ভিডিঅ’ত কৰা অভিনয়ে দীপজ্যোতি মহন্তক অধিক গ্ৰহণযোগ্য কৰি তুলিছিল জনসাধাৰণ সমুখত। তেওঁৰ অভিনয়ৰ অনুৰাগীৰ সংখ্যা শেহতীয়াকৈ বৃদ্ধি হৈ থকাৰ সমান্তৰালকৈ তেওঁক ধাৰাবাহিক “আহিনৰ আবেলি” টো দেখিবলৈ পোৱা গৈছে। কিন্তু, এইবাৰ তেওঁৰ অভিনয় নহয়; তেওঁ চৰ্চালৈ অহাৰ এইবাৰৰ কাৰণটো হৈছে তেওঁৰ পৰিচালনাৰে নিৰ্মিত প্ৰথমটো গীতৰ ভিডিঅ’ “তুমিয়েইটো মোৰ”। গীতটিক ইতিমধ্যে সমাদৰ জনাইছে শ্ৰোতা-দৰ্শকেও। পৰিচালনাৰ দিশটোত দীপজ্যোতি মহন্তৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁলোকে কয় যে, “প্ৰথম কথা যদি ক’বলৈ যাওঁ এই “পৰিচালক” অথবা “পৰিচালনা” শব্দটো মোৰ বাবে বহু ডাঙৰ; আনহাতে পৰিচালক ৰূপে চিনাকী দিবলৈও মোৰ যোগ্যতা নূন্য। কিন্তু আশা আছিল যে মোৰ ভাৱনাত থকা কাহিনীক ৰাইজৰ মাজলৈ লৈ আনিবলৈ; এই আশা মনোৰঞ্জন ক্ষেত্ৰখনক ভালপাওঁ বাবেই জাগি উঠিছিল হয়টো। অভিনয় ক্ষেত্ৰখনত জড়িত হৈ মই আজি পৰ্যন্ত যিমানখিনি অভিজ্ঞতা গোটালো সেই আটাইবোৰকেই লৈ মই এই ভিডিঅ’টো প্ৰস্তুত কৰি উলিয়াইছিলো। এতিয়ালৈ মই অভিনীত প্ৰতিটো গীতৰ বিষয়বস্তুৰ আলোচনাৰ পৰা আৰম্ভ কৰি গীতটিৰ ভিডিঅ’ত ৰং দিয়ালৈ মই প্ৰতিটো বস্তুৰ সৈতে জড়িত থাকো; গতিকে তেনেদৰে মই বহুখিনি শিকিলো। জনসাধাৰণৰ মাজত মই অভিনীত গীতৰ ভিডিঅ’ সমূহক লৈ এক আক্ষেপ আছে যে মই প্ৰতিটো ভিডিঅ’ত কেৱল মাত্ৰ খোজ কাঢ়ো, ছোৱালীজনীক লগ পাই শ্ল’মছনত খোজ দি প্ৰেম কৰো ইত্যাদি। এনেবোৰ কথাই যদিও দুখ দিয়ে তথাপিও মই দিনক দিনে নিজক উৰ্দ্ধগামী কৰি ল’বলৈ বিচাৰো।”


তেওঁ আগলৈ কয় যে, “এনেক্ষেত্ৰত মোৰ হাতলৈ এই গীতটিৰ সুবিধা আহিল। আনহাতে মই ধন্যবাদ জ্ঞাপন কৰিম পাপৰী বা আৰু গীতটিৰ প্ৰযোজক অভিনৱ দাক; তেওঁলোকক মই ভিডিঅ’টো পৰিচালনা কৰিম বুলি কোৱাত তেওঁলোকে একাষাৰেই মোক এই সুবিধাটো দিছিল। গানটোক চেলেঞ্জ ৰূপে লৈ মই কামটো কৰিছিলো; মোক গীতটোৰ সৈতে জড়িত টীমটোৱেও যথেষ্ট সহায় কৰিছিল। অনন্যা বা, দৃশ্যগ্ৰহণকাৰী পৰাশ দাকে লৈ প্ৰতিজন কাৰিকৰী দিশৰ সৈতে জড়িত কলা-কুশলীৰ আগত মই চিৰ কৃতজ্ঞ; আকৌ কওঁ মই পৰিচালক নহয়; মাত্ৰ চেষ্টা কৰিছো। অৱশ্যে অনাগত দিনত এনে চেষ্টা অব্যাহত ৰাখিম; ৰাইজক সন্তুষ্টি দিব পৰাকৈ কিবা এটা কৰাৰ ইচ্ছা সদায় আছে আৰু থাকিব। এইখিনিতে, ৰূপালীপৰ্দাৰ জৰিয়তে মই এটা অনুৰোধ কৰিব বিচাৰিছো যে আমি যদিহে ইজনে আনজনক ঋণাত্মক সমালোচনা কৰাৰ পৰিৱৰ্তে কামবোৰৰ ভুল-শুদ্ধৰ বিচাৰ কৰি ধনাত্মক সমালোচনা কৰো তেতিয়াহ’লে হয়টো আমাৰ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন আৰু অধিক আগবাঢ়ি যাবলৈ সক্ষম হ’ব। আজি মই যেনেদৰে এটা নতুন কাম কৰিবলৈ সাহস পাইছো; ঠিক তেনেদৰে হয়টো আন ১০ জনেও সাহস কৰিব আগবাঢ়ি আহিবলৈ।”

"আকৌ কওঁ মই পৰিচালক নহয়; মাত্ৰ চেষ্টা কৰিছো।"- দীপজ্যোতি মহন্ত 2
"আকৌ কওঁ মই পৰিচালক নহয়; মাত্ৰ চেষ্টা কৰিছো।"- দীপজ্যোতি মহন্ত 3

দীপজ্যোতি মহন্তক লৈ উৎসাহী অনুৰাগীয়ে তেওঁৰ পৰিচালনাৰে আন ভিডিঅ’ সমূহ উপভোগ কৰিবলৈ অপেক্ষাৰত। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও মই এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform