Rupaliparda.com
তিনি খানৰ দৰে সফল নহয় ছেইফ আলি খান! ক'লে নিজেঃ 1

তিনি খানৰ দৰে সফল নহয় ছেইফ আলি খান! ক’লে নিজেঃ

ছেইফ আলি খান বলীউডৰ এগৰাকী খুবেই জনপ্ৰিয় অভিনেতা; ভিন্ন চৰিত্ৰৰ লগতে তেওঁৰ অনুৰাগী সকল বৰ্তমানেও অভিনেতা গৰাকীক লৈ উৎসাহিত হৈ থকা দেখিবলৈ পোৱা যায়। কিন্তু ছেইফ আলি খানে নিজেই নিজক অইন তিনিগৰাকী খানৰ সমান জনপ্ৰিয় আৰু সফল বুলি নাভাবে। এক সাক্ষাৎকাৰ যোগে ছেইফ আলি খানে ব্যক্তিগতভাৱে কৰিছে এই মন্তব্য; তেওঁ সাক্ষাৎকাৰত কয় যে, “তিনি খান ক্ৰমে ছলমান, শ্বাহৰুখ আৰু আমিৰ খান কেৱল মাত্ৰ অভিনয় কৰিবলৈয়ে জন্মগ্ৰহণ কৰিছে। মোৰ বিশ্বাস যে এই তিনি খানৰ জন্মৰ পৰা সপোনেই হৈছে ছাগে অভিনয় কৰাৰ; আমিৰ আৰু শ্বাহৰুখৰ বিষয়ত মই নিশ্চিত। ছলমান খানৰ কথা নাজানো কিন্তু তেওঁ নিজৰ জীৱনত যথেষ্ট সফলতা অৰ্জন কৰিছে। আনহাতে, মই এনে এটা সময়ত কেৰিয়াৰ আৰম্ভণি কৰিছিলো যেতিয়া মোৰ লক্ষ্য ভিন্ন আছিল; মোৰ চুপাৰষ্টাৰ হোৱাৰ অথবা জনপ্ৰিয় হোৱাৰ কথা মই ভবা নাছিলো। মই মোৰ কেৰিয়াৰত ভিন্ন চৰিত্ৰত অভিনয় কৰি আহিছো।” আকৌ, ছেইফ আলি খানে আন এগৰাকী অভিনেতাক সাক্ষাৎকাৰ যোগে ধন্যবাদো জ্ঞাপন কৰে। ছেইফে কয় যে, “অক্ষয়ৰ সৈতে কাম কৰাটো বৰ আমোদজনক আছিল; আমাৰ সম্পৰ্কটো খুবেই ভাল লগা। তেওঁ মোক পূৰ্ণ কৰিছিলে আৰু মই তেওঁক; আমি তেনেকৈয়ে সফলতা অৰ্জন কৰিছিলো।

তিনি খানৰ দৰে সফল নহয় ছেইফ আলি খান! ক'লে নিজেঃ 2


আমি বৰ্তমানেও একেলগে আছো। সমান্তৰালকৈ শ্বাহৰুখ, আমিৰ আৰু ছলমান চ’লো হিৰো’; তেওঁলোকক কাৰো প্ৰয়োজন নহয়। সংবাদ মাধ্যমত নিজৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চা লাভ কৰি আছে অভিনেতা ছেইফ আলি খানে। ছেইফ আলি খানে দ্বিতীয়বাৰৰ বাবে পিতৃ সুখ লাভ কৰিবলৈ সক্ষম হৈছে আৰু খবৰ নিজেই কৰীণা কাপুৰে চচিয়েল মিডিয়া যোগে দৰ্শকক দিয়ে। উল্লেখ্য যে, বিগত বৰ্ষত “দিল বেছাৰা” ত দেখিবলৈ পোৱা গৈছিল ছেইফ আলি খানক। আগন্তুক সময়ত তেওঁক “বন্তী ঔৰ ববলী ২” ত দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform