Rupaliparda.com
অপেক্ষা ভালদিনলৈ; জেৰিফা ৱাহিদৰ প্ৰাৰ্থনাঃ 1

অপেক্ষা ভালদিনলৈ; জেৰিফা ৱাহিদৰ প্ৰাৰ্থনাঃ

ক’ৰোণা মহামাৰীৰ ফলত ব্যতিব্যস্ত জনসাধাৰণে বিচাৰিছে ভাল দিন। কিন্তু পৰিস্থিতিয়ে বৰ্তমান পৰ্যন্ত সংহাৰী ৰূপেই যেন লৈ আছে; অক্সিজেনৰ নাটনিৰ পৰা আৰম্ভ কৰি বিচনাৰ নাটনি অথবা আপোন জনক হেৰুওৱা বেদনা লোৱাকে লৈ কিবা যেন এক অসহায় হৈ সাধাৰণজনে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়াত পৰিছে। কেওঁজন হতাশগ্ৰস্ত হৈ পৰিছে যদিও ইজনে আনজনক বহু ক্ষেত্ৰত ধনাত্মক হৈ থাকিবলৈও আহ্বান জনাইছে; ক’ৰোণা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ তাৰকা সকলে প্ৰায়ে জনসাধাৰণক উৎসাহ দিয়া, প্ৰেৰণা দিয়া পৰিলক্ষিত হয়। কেতিয়াবা এই তাৰকা সকলে চচিয়েল মিডিয়াত বাৰ্তা প্ৰেৰণৰ দ্বাৰা অথবা কেতিয়াবা নিজেই ভেকচিন লগোৱাই তেওঁলোকে নিজ অনুৰাগী তথা সাধাৰণ ৰাইজক মহামাৰীৰ পৰা বাহিৰ ওলাই আহিবলৈ উৎসাহ প্ৰদান কৰে। মুম্বাইৰ লগতে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ একাংশ তাৰকা-শিল্পীয়েও কৰিছে সকলোকে সজাগ-সচেতন হৈ থকাৰ আহ্বান। শেহতীয়াকৈ ভাল দিনৰ অপেক্ষা কৰি থকা জেৰিফা ৱাহিদেও দিছে পোষ্ট; এখন ফটো শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ অভিনেত্ৰী গৰাকীয়ে কেপচনত লিখে যে, “অপেক্ষা অপেক্ষা অপেক্ষা আমাৰ আটাইবোৰলৈ যাতে ভাল দিন আহে; মই প্ৰাৰ্থনা জনাইছো।”

অপেক্ষা ভালদিনলৈ; জেৰিফা ৱাহিদৰ প্ৰাৰ্থনাঃ 2


১৯৯০ চনত মুক্তিপ্ৰাপ্ত ছবি “অভিমান” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা এই অভিনেত্ৰী গৰাকী স্কুল গৈ থকাৰ পৰাই জড়িত হৈছিল অভিনয়ৰ সৈতে। সেইটো সময়তে তেওঁ কেইবাখনো ছবি ক্ৰমে, “অগ্নিগড়”, “অতিক্ৰম” আদিত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল। কেইবাখনো অসমীয়া ছবি, ধাৰাবাহিক আৰু মিউজিক এলবামত অভিনীত জেৰিফাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল “তুমি মোৰ মাথো মোৰ” ছবিখনৰ পৰা। জুবিন গাৰ্গৰ সৈতে উক্ত ছবিখনত জেৰিফাই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল। যদুমণি দত্তৰ দ্বাৰা পৰিচালিত “অগ্নিসাক্ষী” ছবিখনৰ বাবে জেৰিফা ৱাহিদে অসম চৰকাৰৰ ৰাজ্যিক চলচিত্ৰ বঁটাত মূখ্য ভূমিকাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰাৰ লগতে “দুৱাৰ” ছবিখনৰ বাবে তেওঁ লাভ কৰিছিল “প্ৰথম পূব ফিল্মফেয়াৰ এৱাৰ্ড ২০১৪” ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। জেৰিফা ৱাহিদ হৈছে প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী যিয়ে নিজাববীয়াকৈ প্ৰডাকচন হাউচ; নাম “জেৰিফা ৱাহিদ প্ৰডাকচনচ” খুলিছিল। জেৰিফা ৱাহিদে বিভিন্ন ছবি তথা ভিচিডি আদিত অভিনয় কৰাৰ উপৰিও থিয়েটাৰ সমূহতো সক্ৰিয় ৰূপে অভিনয় কৰিছিল। সমাজৰ বিভিন্ন কাৰ্য-কলাপতো বৰ্তমান অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় এই গৰাকী অভিনেত্ৰী জেৰিফা ৱাহিদক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform