Rupaliparda.com
ৰীলড্ৰামাত মুক্তি দিয়া হ'ম অৰিন্দম বৰুৱা "শীতৰ সজাত"- 1

ৰীলড্ৰামাত মুক্তি দিয়া হ’ম অৰিন্দম বৰুৱা “শীতৰ সজাত”-

বৰ্তমান অসমীয়া ডিজিটেল প্লেটফৰ্ম সমূহে নৱপ্ৰজন্মৰ প্ৰতিভাক শেহতীয়াকৈ বহুল হাৰত সমাদৰ তথা সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে। ৰীলড্ৰামাইও ঠিক তেনে এক পদক্ষেপক লৈ নৱপ্ৰজন্মৰ ভালেখিনি প্ৰকল্পক তেওঁলোকে নিজ এপটোত অন্তৰ্ভূক্তি কৰিবলৈ আৰম্ভ কৰিছে। নৱপ্ৰজন্মৰ নতুন প্ৰতিভা তথা পৰিচালক অৰিন্দম বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত “শীতৰ সঁজাত” নামে চুটি ছবিখনকো এই এপটোত অন্তৰ্ভূক্ত কৰা হৈছে। বৰ্তমান পৰিস্থিতিয়ে আমাৰেই একাংশক আচলতে মানসিক ভাৱে ভাঙি পেলাইছে; এই পৰিস্থিতিটোৱে প্ৰত্যেককে হতাশগ্ৰস্ত কৰি তুলিছে। হতাশাই একোজন ব্যক্তিক কেতিয়াবা মানসিকভাৱে ভাঙি পেলায় নাইবা বেমাৰী কৰি তোলে। চিকিৎসাবিজ্ঞানত মানসিক ৰোগসমূহক কেইবাটাও ভাগত ভাগ কৰিছে; কোনোবা গৰাকী যদি এই বেমাৰৰ বাবে চিকিৎসাধীন নহ’লে আকৌ কোনোবা গৰাকী আন এটা বেমাৰৰ বাবে। প্ৰত্যেকৰে চিকিৎসাৰ ধৰণটোও আচলতে ভিন্ন; আজি আমি যিটো বেমাৰৰ নাম ক’ম সেইটো হৈছে “Dementia”। আমি প্ৰত্যেকেই প্ৰত্যেকক বিভিন্ন কাৰণত তাচ্ছিল্য নাইবা উপলুঙাসূচক মন্তব্য কৰি পেলাওঁ; কেতিয়াবা ধেমালিতে হয়টো আমাক কোনোজনে উপলুঙা বহুল হাৰত কৰি পেলায় নাইবা আমিও হয়টো কৰি পেলাওঁ। অৱশ্যে, সমুখৰ জনৰ কথা আমি নভবাকৈয়ে আমি তেনে কাম কৰি পেলাওঁ; এই Dementia বেমাৰত ভূক্তভোগী হৈছে তেনে একোজন ব্যক্তি যাক উপলুঙা কৰা ফলত তেওঁ মানসিক ভাৱে ভাঙি পৰে আৰু ক্ৰমশ তেওঁলোকে স্মৃতি শক্তি হেৰুৱাবলৈ লোৱাৰ সমান্তৰালকৈ কথাৰ মাজে মাজে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে। এই বেমাৰটোক লৈ অৰিন্দম বৰুৱাই নিৰ্মাণ কৰি উলিয়াইছিল চুটি ছবি “শীতৰ সজাত”।

ৰীলড্ৰামাত মুক্তি দিয়া হ'ম অৰিন্দম বৰুৱা "শীতৰ সজাত"- 2


এই চুটি ছবিখনে দশম সংখ্যক দাদা চাহেব ফাল্কে বঁটাত মনোনয়ন লাভ কৰাৰ উপৰিও আন কেইবাখনো ছবি সমাৰোহত মনোনয়ন লাভ কৰি সমালোচক তথা দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। এই চুটি ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য খিম্পী দত্তৰ। ৰিতা ভূঞা বৰুৱা আৰু খিম্পী দত্তৰ সংলাপেৰে ইয়াৰ দৃশ্যগ্ৰহণ আৰসাদ আহমেদৰ। সম্পাদনা অৰিন্দম আৰু আৰসাদৰ। বীণা পুৰকায়স্থ আৰু জান্হৱী গগৈৰ অভিনয়েৰে “শীতৰ সজাত” কালাৰ দিছে আৰসাদ আহমেদৰ। বেকগ্ৰাউণ্ড স্কৰ আয়ান বুঢ়াগোঁহাইৰ আৰু পোষ্টাত কুণাল বৰাৰ। ইতিমধ্যে পৰিচালক অৰিন্দম বৰুৱাৰ পৰিচালনাৰে বিভিন্ন খন চুটি ছবি জনসাধাৰণে উপভোগ কৰিবলৈ পাইছে। আনহাতে, উল্লেখ্য যে, ReelDrama ত একোখন সুন্দৰ অসমীয়া ছবিৰ লগতে দৰ্শকে উপভোগ কৰিবলৈ পাব ৱেব চিৰিজ, সংগীত, কৌতুক, কবিতা, ৰন্ধন প্ৰণালী আৰু ভক্তিমূলক অনুষ্ঠান ইত্যাদি। আনহাতে, উক্ত OTT প্লেটফৰ্মটোত শিশুসকলৰ বাবে এক নিৰ্দ্দিষ্ট শাখাও অন্তৰ্ভূক্ত কৰা হৈছে; মুঠতে, সৰ্বাংগসুন্দৰ হৈ জনসাধাৰণৰ মাজলৈ ওলাই আহিছে এই প্লেটফৰ্মটো। ৰাইজৰ মাজতো নতুন কিবা এটা উপভোগ কৰাৰ এক সুন্দৰ ইচ্ছা পৰিলক্ষিত হৈছে।

ৰীলড্ৰামাত মুক্তি দিয়া হ'ম অৰিন্দম বৰুৱা "শীতৰ সজাত"- 3


সঁচাকৈ ক’বলৈ গ’লে স্তব্ধতাৰ মাজতো স্তব্ধ নোহোৱাকৈ ৰোৱা মনোৰঞ্জন ক্ষেত্ৰখনত ReelDrama হৈছে আশাৰ ৰেঙণি; য’ত দৰ্শকে লাভ কৰিছে নতুনত্ব। চুটি ছবিখনৰ সফলতা কামনা কৰি ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অৰিন্দম বৰুৱালৈ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform