কিছু আশাক বুকুত বান্ধি শেহতীয়াকৈ মুক্তি লাভ কৰিছিল এটি নতুন গীত “জীৱনৰ উশাহ”। গীতসমূহে প্ৰতিজন জনসাধাৰণক এক অজান প্ৰশান্তি দিয়ে; সংগীতক হৃদয়ংগম নকৰা ব্যক্তি হয়টো বহু কমেই আছে। তাতেই আকৌ প্ৰত্যেকগৰাকী ব্যক্তি একোটা এনে গীতক লৈ সদায় উৎসাহী অথবা অপেক্ষাৰত হৈ থাকে। সংগীত ক্ষেত্ৰখনক লৈ কিবা এটা কৰাৰ ইচ্ছাৰে ঘূৰ্মুতিয়াই ফুৰা একাংশ নৱপ্ৰজন্মৰ এনে সৃষ্টিয়ে সাধাৰণজনক ভাবিবলৈ বাধ্য কৰোৱাই যে সঁচাকৈ আমাৰ এই ক্ষেত্ৰখন ভৱিষ্যতলৈ এনে নৱপ্ৰজন্মৰ হাতলৈ যাব যিয়ে প্ৰতিটো দিনক ক্ষেত্ৰখনক এঢাপ এঢাপকৈ ওপৰলৈ তুলি নিয়াত সক্ষম হ’ব। উঠি অহা প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ প্ৰতিভাই ইতিমধ্যে আপ্লুত কৰিছে জনসাধাৰণক। কোনোৱে যদি নতুনৰ আৱিষ্কাৰ কৰিছে আনহাতে কোনোৱে আকৌ লুপ্ত হ’বলৈ ধৰা বিষয়বোৰক আকৌ এবাৰ সাধাৰণজনৰ মাজলৈ উভতাই আনিছে; মুঠতে অবিৰত ধাৰাত চলি থকা এই মনোৰঞ্জন ক্ষেত্ৰখনে নিৰৱিচ্চিন্ন ভাৱে কৰিছে নিজ কাম। দৰ্শক-শ্ৰোতাক কেৱল মাত্ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিয়াই নহয়; সম্প্ৰতি নৱপ্ৰজন্মৰ সৃষ্টিত অন্তৰ্ভূক্ত জ্ঞানকো হৃদয়ংগম কৰিছে বহু সচেতন লোকে। সংগীত ক্ষেত্ৰখনৰ বিষয়ে যদিও ক’বলৈ যাওঁ তেনেহ’লে ইয়াত প্ৰতিটো দিনত একোটা নতুনৰ সৃষ্টি হৈছে। য’ত কোনোবাই আৰম্ভণিৰ প্ৰথমটো খোজ পেলাইছে আনহাতে কোনোৱে আকৌ নিজৰ সৃষ্টিত নতুনৰ যোগান ধৰি নিজ অনুৰাগীৰ তালিকা দীঘলীয়া কৰিছে। মুঠতে, পূৰ্বেও উল্লেখ কৰাৰ দৰেই এই ক্ষেত্ৰখনৰ এক সুন্দৰ যাত্ৰা অবিৰত ভাৱে চলি গৈ আছে। আমি নৱপ্ৰজন্মৰ প্ৰতিভাৰ সন্ধান কৰি শেহতীয়াকৈ কাষ চাপিছিলো ময়ূৰপংখী চেতিয়াৰ। তেওঁৰ কন্ঠৰে মুক্তি লাভ কৰিছিল আমি প্ৰথমতেই উল্লেখ কৰা গীত “জীৱনৰ উশাহ”।
সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, ” সংগীতৰ দিশটোত মোৰ প্ৰথম গুৰু আছিল মোৰ মাতৃ। প্ৰায় ৪ বছৰ মান বয়সত মা’ ৰ পৰা গীত গাবলৈ শিকিছিলোঁ; আনুষ্ঠানিকভাৱে, শাস্ত্ৰীয় সংগীতৰ শিক্ষা পঞ্চম শ্ৰেণীৰ পৰা গ্ৰহণ কৰিছিলোঁ আৰু পিছলৈ অষ্টম শ্ৰেণীত মোৰ বিশাৰদ সম্পূৰ্ণ হয়। সংগীতৰ কোনটো উপাদানে গীতটিক পূৰ্ণতা দিয়ে প্ৰশ্ন কৰাত ময়ূৰপংখীয়ে কয় যে, “গীত, নৃত্য, বাদ্য এই তিনিওটাৰে সংমিশ্ৰণত সংগীতৰ সৃষ্টি হয়। “সংগীত” আচলতে এক বিশাল বিষয়। ‘গীত’ তাৰে এটি উপাদানহে । এটি গীতে পূৰ্ণতা লাভ কৰিবৰ বাবে গীতিকাৰৰ অৰ্থপূৰ্ণ কথা, সুৰকাৰৰ সুৰ আৰু গায়কৰ অনুভৱী গায়কী একাত্ম হৈ শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিব পাৰিব লাগিব। তাৰ সমান্তৰালভাৱে অনুভূতি (Feelings) এক মূখ্য উপাদান কাৰণ অনুভূতি অবিহনে কোনো শিল্পই পূৰ্ণতা লাভ কৰিব নোৱাৰে। মই কৈছোৱে নহয়; সংগীত এক বিশাল বিষয়! ইয়াক লৈ আচলতে একাষাৰে ক’বই পৰা নাযায়; ইয়াৰ বৈশিষ্ট্যসমূহ একাষাৰে কয় পেলোৱাটো সহজ নহয়। আগন্তুক প্ৰকল্পৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “এগৰাকী ভাল মানুহ হোৱাৰ লগতে ভৱিষ্যতে এগৰাকী অধ্যাপিকা আৰু সংগীত শিল্পী হোৱাৰ সপোন পুহি ৰাখিছোঁ।”
তেওঁ আগলৈ কয় যে, “ইয়াৰ লগতে, মই হেৰাই যাব ধৰা হৃদয়স্পৰ্শী অসমীয়া পূৰণি গীতসমূহক নতুন প্ৰজন্মৰ মাজত বিলাই দিয়াৰ এক পৰিকল্পনা পুহি ৰাখিছোঁ।” ৰূপালীপৰ্দাৰ তৰফৰ পৰাও এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভালৈ জনাইছো শুভকামনা ।
Add comment