Rupaliparda.com

একেলগে ধূমপান কৰিছিল মনোজ বাজপেয়ী আৰু শ্বাহৰুখ খানে!

বি-টাউনৰ দুগৰাকী জনপ্ৰিয় অভিনেতাৰ ভিতৰত হৈছে মনোজ বাজপেয়ী আৰু কিং শ্বাহৰুখ খান। শ্বাহৰুখ খানক এনেইটো বলীউডৰ কিং বুলি কোৱা নহয়; ইয়াৰ আঁৰতো আছে কাৰণ। শেহতীয়াকৈ মনোজ বাজপেয়ীয়ে শ্বাহৰুখ খানৰ সৈতে কটোৱা সময়ছোৱাৰ স্মৃতি ৰোমন্তন কৰিছে; একেলগে ধূমপান কৰাৰ লগতে দুয়োগৰাকীয়ে একেলগে ডিস্কো যোৱা কথাও ব্যক্ত কৰে অভিনেতা মনোজ বাজপেয়ীয়ে। দুয়োগৰাকী অভিনেতাক “বীৰ ঝাৰা” ছবিখনতো একেলগে কাম কৰা দেখিবলৈ পোৱা গৈছিল; স্মৃতি ৰোমন্থন কৰি মনোজ বাজপেয়ীয়ে কয় যে, “শ্বাহৰুখ খানে সদায় মাৰুতি ভেন এখন লৈ আহিছিল; তেওঁৰ ওচৰত এখন ৰঙা ৰঙৰ মাৰুতি ভেন আছিল। তেওঁৰ বাবে মই প্ৰথমবাৰৰ বাবে ডিস্কো যাবলৈ পাইছিলো; তেওঁ আছিল প্ৰথম গৰাকী ব্যক্তি যিয়ে মোক ডিস্কোলৈ লৈ গৈছিল আৰু সেইটো সময়ত আমি বৰ ডেকা আছিলো। আমি বেৰী জনৰ থিয়েটাৰ গ্ৰুপলৈ একেলগে গৈছিলো; আচলতে আমি প্ৰথমবাৰ এই থিয়েটাৰ গ্ৰুপতেই লগ হৈছিলো। আমি একেলগে চিগাৰেট-বিৰি খাইছিলো; যিটোৱে আমি কিনিব পৰা অৱস্থাত আছিলো সেইটোৱে। শ্বাহৰুখ খান মহিলা সকলৰ মাজত তেতিয়াৰ পৰাই জনপ্ৰিয় আছিল।” উল্লেখ্য যে, আহিবলগীয়া সময়ত মনোজ বাজপেয়ীক দেখিবলৈ পোৱা যাব “ফেমিলী মেন” ৱেব চিৰিজখনৰ দ্বিতীয়টো সংস্কৰণত। আনহাতে, শ্বাহৰুখ খানৰ ছবি “পঠান” ক লৈ অপেক্ষাৰত তেওঁৰ অনুৰাগী।

একেলগে ধূমপান কৰিছিল মনোজ বাজপেয়ী আৰু শ্বাহৰুখ খানে! 1
একেলগে ধূমপান কৰিছিল মনোজ বাজপেয়ী আৰু শ্বাহৰুখ খানে! 2


উল্লেখনীয় কথা এয়ে যে, “পঠান” ছবিখনত শ্বাহৰুখ তথা জনৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেত্ৰী দীপিকা পাডুকনকো। ২৭০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই ছবিখন কিন্তু মুক্তি লাভ নকৰে ২০২১ চনত। এই ডাঙৰ ছবিখনক মুকলি কৰি দিবলৈ চলিত বৰ্ষৰ এটাও শুক্ৰবাৰ বাকী ৰোৱা নাই। আনহাতে, ছবিখনত শ্বাহৰুখ খানক দেখিবলৈ পোৱা যাব দ্বৈত চৰিত্ৰত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.