আমি কেতিয়াবা নৱপ্ৰজন্মৰ এনে একাংশ প্ৰতিভাক লগ পাওঁ; যিসকল অভিনয়েই হওঁক অথবা তেওঁলোক জড়িত হৈ থকা দিশটোৰ প্ৰতি থকা শ্ৰদ্ধাই হওঁক সেয়াই আমাক আপ্লুত কৰে। তেওঁলোকৰ ইচ্ছাবোৰৰ বাবেই তেওঁলোকে প্ৰতিটো সময়ত কেনেদৰে এটা সুন্দৰ প্ৰকল্পৰে জনসাধাৰণক নিজৰ ফালে আকৰ্ষণ কৰিব পৰা যায় তাক চিন্তা কৰে। আমি বৰ্তমানলৈ এনে কিছুমান নৱপ্ৰজন্মৰ পৰিচালকক লগ পাইছো যাৰ আৰম্ভণি আছিল নিজৰ স্কুলৰ বাৰ্ষিক অনুষ্ঠানৰ সেই মঞ্চখন, সেই স্কুলৰ মঞ্চ খনৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় সপ্তাহ তথা ডাঙৰ ডাঙৰ মঞ্চত অভিনয় কৰাকে লৈ নিজ পৰিচালনাৰে একোখন নাটক মঞ্চস্থ কৰা ইত্যাদি সঁচাকৈ লেখত ল’বলগীয়া। তেওঁলোকৰ নিৰৱিচ্চিন্ন সাধনাই তেওঁলোকক আৰু অধিক হাৰত দৰ্শকৰ ওচৰত গ্ৰহণযোগ্য কৰি তোলে। আমাৰ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন এওঁলোকৰ বাবেই আচলতে অধিক সুন্দৰ হৈ পৰে; এওঁলোকৰ প্ৰকল্পসমূহৰ বাবে দৰ্শক সমাজ আগ্ৰহী হৈ থাকে। আপুনি পৰিচালক সৌৰভ শইকীয়াৰ নামটো নিশ্চয় শুনিছে; তেওঁৰ “অনুৰণন” নামে এখন চুটি ছবিয়ে চৰ্চা লাভ কৰিছে চচিয়েল মিডিয়াত। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ ফালৰ পৰা তেওঁৰ সৈতে পাতিছিলো কিছু কথা-বতৰা; পৰিচালনা দিশটোত কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “প্ৰথমতে, মই স্কুলত অৰ্থাৎ চতূৰ্থ শ্ৰেণীত পঢ়ি থকা দিনৰে পৰা নাটক কৰিছিলো আৰু নাটকৰ অ, আ, ক, খ শিকিবলৈ সক্ষম হৈছিলো। তাৰ পিছত, মই একাৰাহে দশম শ্ৰেণীলৈ নাটক কৰিছিলো; মোৰ স্কুলৰ লিলি বৰা বাইদেউৰ পিছত নৱ ওজা ছাৰৰ সান্নিধ্যত থাকি নাটক শিকিছিলো। মোৰ এতিয়াও মনত আছে, মোৰ দ্বাদশ শ্ৰেণীত অৰ্থাৎ ডেফনী জুনিয়ৰ কলেজত পঢ়ি থকা সময়ত মই প্ৰথমবাৰৰ বাবে এখন নাটক পৰিচালনা কৰিছিলো; মোৰ সৈতে এই নাটকখনৰ পৰিচালনাত জড়িত হৈ আছিল প্ৰিয়াংকু দা। “জোনাক বিহীন জীৱন” নামে এই নাটকখনত মই নিজে অভিনয়ো কৰিছিলো।”
তেওঁ আগলৈ কয় যে, “তাৰ পিছত, স্নাতক পঢ়িবলৈ বি বৰুৱা কলেজলৈ আহিলো আৰু এই কলেজতেই আমি ভালেখিনি নাটক পৰিচালনা কৰিছিলো। সেইটো সময়ত আমাৰ এটা টীমেই আছিল; মই বি বৰুৱা কলেজৰ মহাবিদ্যালয় সপ্তাহত “মাঘ বিহুৰ উৰুকা” নামে এখন নাটক পৰিচালনা কৰি শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিলো। সেয়াই আছিল আৰম্ভণি আৰু তাৰ পিছতেই মই ভালেকেইখন চুটি ছবি নিৰ্মাণ কৰিছো।” পৰিচালক ৰূপে কেনেধৰণৰ কাহিনীৰ প্ৰতি তেওঁ আকৰ্ষিত বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “আচলতে, পৰিচালনা কৰাৰ লগতে যিহেটো মই লিখো; Amature Company ৰূপে আমাৰ এটা টীম এতিয়াও আছে, যিটো টীমে একেলগে বহি কাহিনী, স্ক্ৰীপ অথবা সংলাপ লিখো। তথাপিও, এগৰাকী পৰিচালক ৰূপে যদি মোক এই প্ৰশ্নটো কৰা হয় তেতিয়াহ’লে সঁচাকৈ মই ক’ম যে যিবোৰ ক্লাচিক ছবি অৰ্থাৎ জাহ্নু বৰুৱা ছাৰৰ যিসমূহ ছবি আছিল সেই আটাইকেইখন ছবিৰ মই সাংঘাতিক অনুৰাগী। তেওঁৰ নিৰ্মাণশৈলীটোৰ বাবে তেওঁৰ প্ৰকল্পসমূহকপ্ৰত্যেকটা বয়সৰ দৰ্শককেই আকৰ্ষণ কৰে; যিটোৱে মোক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল। আৰু, মোকো ঠিক এনে কাহিনীয়ে আকৰ্ষণ কৰে যিয়ে ধৰক কেৱল মাত্ৰ যুৱপ্ৰজন্ম কেন্দ্ৰিক নহয়; আমাৰ মা-দেউতা, আইতা-ককাইও যাতে সেই ছবিখন উপভোগ কৰিব পাৰে। ভৱেন্দ্ৰ নাথ শইকীয়া দেৱৰ কাহিনী সমূহ ঠিক তেনেধৰণৰেই। আনহাতে, মোৰ ৱেব চিৰিজ সমূহ যেনে ধৰক থ্ৰীলাৰ ধৰ্মী কাহিনীবোৰকো পচন্দ হ’বলৈ ধৰিছে।” আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “পৰিকল্পনা আচলতে বহুখিনিয়েই আছে; সম্প্ৰতি পৰিস্থিতিটোৰ বাবেহে আগবাঢ়িব পৰা নাই। তথাপিও, বৰ্তমান “অনুৰণন” বুলি মোৰ চুটি ছবিখনৰ ফাৰ্ষ্ট প্ৰমো’ মই মুক্তি দিছো; তাত বিষ্ণু খাৰঘৰীয়া ছাৰ আৰু প্ৰতিমা চৌধুৰী বাইদেউৱে অভিনয় কৰিছে। খুব সুন্দৰ কাহিনীৰে চুটি ছবিখনক আমি চুটি ছবি সমাৰোহ সমূহৰ বাবে প্ৰেৰণ কৰিছো।”
আগলৈ তেওঁ কয় যে, “লগতে, আন এখন চুটি ছবি “মূলাকাত” আমাৰ টাইমলাইনত আছে; যিখন বহুত সোনকালেই ইউটিউবত মুক্তি লাভ কৰিব। সমান্তৰালকৈ, Amature Company ৰ তৰফৰ পৰা এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ পৰিকল্পনা কৰিছো; যিখনৰ প্ৰি-প্ৰডাকচনৰ কাম সম্পূৰ্ণ হৈছে। “অপৰাহ্ন” নাম দিছো ছবিখনৰ; এয়া আমাৰ টীমটোৰ এটা ড্ৰীম প্ৰজেক্ট। পৰিস্থিতি আৰু ভগৱানে সহায় কৰিলে আমি সোনকালেই এই ছবিখনৰ কাম সমূহ আৰম্ভ কৰিম।”
Add comment