“যেতিয়া দুপৰৰ তপ্ত আকাশত, তুমি দিয়াহি সন্ধিয়া: নীৰৱতাৰ এধানি মৰম, যেন শেষ ধুমুহাৰ কহুৱা; গীতটি আপোনালোকেও হয়টো মনে মনে নিজৰ মাজতেই বহুবাৰ গুণগুনাইছে। নহয় জানো? ৯ মাহ পূৰ্বে এই “উশাহ” শীৰ্ষক গীতটিয়ে মুক্তি লাভ কৰিছিল আৰু এই গীতটি মুক্তি লাভৰ পিছতেই শ্ৰোতাৰ সঁহাৰি লাভ কৰিবলৈও সক্ষম হৈছে। আমি কেতিয়াবা সংগীতৰ ক্ষেত্ৰখনক লৈ বৰ আঁকোৰগোজ হৈ পৰো। নহয়নে? ব্যক্তিগত ভাৱে ভালপোৱা এটা গীতক আমি শুবলৈ যাওঁতে, খাওঁতে অথবা অতি ব্যস্ততাৰ সময়তো শুনিবলৈ বিচাৰো; যি গীতে আমাৰ মনত প্ৰশান্তি সানে সি হয় পৰে আপোনতকৈও যেন আপোন। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ শংকুৰাজ, সান্নিধ্য, নিখিল তথা তন্ময়ৰ ক্ষেত্ৰতেই নহওঁক কিয়; ভাল কামৰ চৰ্চা দেৰিকৈ হ’লেও হোৱাটো যে একেবাৰেই স্বাভাৱিক। উক্ত “উশাহ” গীতটিৰ আজি গায়কীৰ নহয়; আমি জনাবলৈ বিচাৰিছো গীতটিক নিজ কথাৰে সঁজোৱা নৱপ্ৰজন্মৰ প্ৰতিভা গৰাকীৰ বিষয়েহে। কেইবাটাও অসমীয়া সুন্দৰ গীতৰ দৰেই “উশাহ” গীতটিৰো প্ৰতিটো শাৰীয়ে শ্ৰোতাক এনেদৰে শিঁহৰিত কৰি তুলিছিল যে মুক্তিৰ পিছতেই শ্ৰোতাই ক’ব নোৱাৰাকৈয়ে বাৰম্বাৰ শুনাৰ পিছতো গীতটিৰ প্ৰেমত আকৌ এবাৰ পৰি ৰৈছে। শেহতীয়াকৈ “উশাহ” গীতটিক ইউটিউবত এক মিলিয়নৰো ওপৰত ভিউৱাৰচ লাভ কৰিবলৈ সক্ষম হৈছে।
সাহিত্যৰ ছাত্ৰ ৰূপে কবিতা লিখি জীৱনৰ প্ৰথমটো গীতৰ ৰচনা কৰিছিল বুদ্ধজ্যোতি বেজবৰুৱাই। আৰু, সংগীত ক্ষেত্ৰখনত সোমায়েই তেওঁৰ প্ৰথমটো গীতে লাভ কৰা সমাদৰে বুদ্ধজ্যোতিকো সাহস প্ৰদান কৰিছিল তেওঁক এইক্ষেত্ৰখনৰ সৈতে জড়িত হ’বলৈ। নতুনত্বৰ সন্ধান কৰি শ্ৰোতাক এটি গীতৰ কথা আৰু সুৰ বুলিয়েই সাংগীতিক ব্যৱস্থাপনাৰে নতুন সুৰুযৰ সন্ধান কৰি একো একোজন গ্ৰহণযোগ্য নৱপ্ৰজন্মৰ প্ৰতিভাৰে লগ হৈ নিৰ্মাণ কৰি উলিওৱা এই গীতটিক ইণ্ডোনেছিয়াৰ পৰাও কমেন্টত আচলতে দিয়া হৈছে মৰম। এটা গীতৰ কথাত জোৰ থাকিলেহে হেনো গীতটিৰ আন সমূহ উপাদানে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি আগবাঢ়িব পাৰে। কথাখিনিৰে যদি শ্ৰোতাক আকৰ্ষণ কৰিব পৰা যায় তেতিয়াহ’লে ই জনপ্ৰিয় হৈ পৰাতো আৰু অধিক সহজ হৈ পৰে। মুঠতে, এক কথাত ক’বলৈ গ’লে সুৰ, সংগীত, কন্ঠ আদিৰ সমান্তৰালকৈ গীতটিৰ “কথা” ইও গীতটি সফল কৰি তোলাত সহায় কৰে। আমি বিভিন্ন সময়ত দেখি আহিছো, এটা গীতত থকা কথাৰ বাবেই ই বিভিন্ন জন শ্ৰোতাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে আনহাতে এনে কিছুমানো গীত আছে যাৰ “কথা” ৰ বাবে ইয়াক শ্ৰোতাই বাৰম্বাৰ শুনাৰো মন্তব্য কৰিছে। এই সংগীত ক্ষেত্ৰখনলৈ বৰ্তমান বহুত ন-ন শিল্পী, কলা-কুশলী আগবাঢ়ি আহিছে; ইয়াত একাংশৰ সৃষ্টিও হৈছে উল্লেখনীয়।
যদিও বুদ্ধজ্যোতি বেজবৰুৱাৰ “উশাহ” গীতটি আছিল প্ৰথম তথাপিও তেওঁৰ কথাৰ অনুৰাগী হৈছে একাংশ। নৱপ্ৰজন্মৰ প্ৰতিভা গৰাকীৰ ভৱিষ্যত পৰিকল্পনা সমূহৰ বাবে তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।
Add comment