Rupaliparda.com
৯৫০ টা পৰিয়ালক শুকান খাদ্যৰ যোগান আইমী বৰুৱাৰঃ 1

৯৫০ টা পৰিয়ালক শুকান খাদ্যৰ যোগান আইমী বৰুৱাৰঃ

হাজাৰ সমালোচনাৰ মাজতেই অভিনেত্ৰী আইমী বৰুৱাক এইবাৰ প্ৰশংসা কৰিলে জনসাধাৰণে। বৰ্তমান পৰিস্থিতিটো প্ৰত্যেকৰে বাবে বিভীষিকাময়; কেওঁদিশৰ পৰা অহা প্ৰত্যাহ্বান সমূহে প্ৰত্যেককে জৰ্জৰিত কৰিছে। কিন্তু তাৰ মাজত একাংশ এনেও আছে যিয়ে আন দহজনক সহায় কৰিবলৈ আগবাঢ়ি অহাও দেখিবলৈ পোৱা গৈছে; তাৰ মাজত এগৰাকী হৈ আহিছে অভিনেত্ৰী আইমীও। বৰ্তমানলৈ আইমীৰ তৰফৰ পৰা ৯৫০ টা পৰিয়ালক শুকান খাদ্যৰ যোগান ধৰিছে অভিনেত্ৰী গৰাকীয়ে। তেওঁ কয় যে, “ক’ভিডৰ এই সময়খিনিত সকলোৱে নানা প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে। তাৰে মাজত বহুজন বহুজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে। যি আটাইতকৈ ভাল লগা কথা; আমিও যোৱা কেইদিনত বিশেষকৈ হোম কোৱাৰেণ্টেইন হৈ থকা লোক সকলক পাৰ্যমানে সহায়ৰ চেষ্টা কৰিছিলোঁ। এতিয়ালৈ প্ৰায় ৯৫০ পৰিয়ালক (হোম কোৱাৰেণ্টেইন হৈ থকা) শুকান খাদ্য সামগ্ৰী (১৫ দিন যোৰাকৈ) যোগান ধৰিছোঁ আনহাতে যোৱা কিছুদিনৰ পৰা ঘৰতে ৰন্ধা প্ৰায় ১০০০ খাদ্যৰ টোপোলা বিতৰণ কৰোঁ। এই সকলো খিনি কাম যদিও আমাৰ পৰিয়ালৰ তৰফৰ কৰা হৈছে কিন্তু ইয়াক অকলে কৰা একেবাৰেই সম্ভব নহয়। ৯৫০ মানুহৰ ঘৰত শুকান খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ(ক’ভিড নিয়ম মানি) আৰু বিভিন্ন স্থানত গৈ ১০০০ খাদ্যৰ টোপোলা বিতৰণৰ ক্ষেত্ৰত সহযোগ কৰা প্ৰতিজন হৃদয়বান ব্যক্তিকে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।”


কিছুদিন পূৰ্বে, অভিনেত্ৰী আইমী বৰুৱাই আঞ্চলিক ভাষাৰ ছবি নিৰ্মাণৰ দ্বাৰা Tagore International Film Festival ত লাভ কৰিছিল শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। “Semkhor” নামে ছবিখনৰ বাবে আইমীয়ে লাভ কৰে এই বঁটা; ডিমাছা ভাষাত নিৰ্মিত উক্ত ছবিখনে সমাৰোহখনত আন তিনিটা শিতানতো লাভ কৰে উল্লেখনীয় বঁটা। উল্লেখ্য যে, এই ছবিখনত আইমী বৰুৱাই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল। Best Narrative, Best Women Film আৰু Best Debut Film Maker ৰ বঁটা লাভ কৰে ছবিখনে। আইমী বৰুৱাৰ এই সুখবৰক লৈ ইতিমধ্যে উৎসাহী হৈ পৰিছে তেওঁৰ অনুৰাগী। চচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় অভিনেত্ৰী আইমীয়ে সমাজৰ ভিন্ন কথাক লৈ নিজ মত স্পষ্ট কৰা দেখিবলৈ পোৱা যায়; তেওঁ প্ৰতিদিনেই ৰাতিপুৱা একোটা চচিয়েল মিডিয়া পোষ্টেৰে ৰাইজৰ কাষ চাপে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform