Rupaliparda.com

শ্বাহৰুখে দিছিল প্ৰিয়ংকা চোপ্ৰাক বিবাহৰ প্ৰস্তাৱ! কি কৈছিল প্ৰিয়ংকাই?

প্ৰিয়ংকা চোপ্ৰা এগৰাকী কেৱল বি-টাউন অভিনেত্ৰীয়ে নহয়; বৰ্তমান তেওঁ এগৰাকী গ্লোৱেল ষ্টাৰ হৈ পৰিছে। কেৱল মাত্ৰ বলীউডতেই নহয়; তেওঁৰ চৰ্চা হোৱা দেখিবলৈ পোৱা যায় হলীউডতো। “মিছ ইণ্ডিয়া” খিতাপ অৰ্জনৰ পিছতেই নিজ কেৰিয়াৰৰ আৰম্ভণি কৰা প্ৰিয়ংকা চোপ্ৰাৰ সফলতাৰ কাহিনী সঁচাকৈ প্ৰশংসনীয়। কষ্ট আৰু সাধনাক লগত লৈয়ে তেওঁ আজিৰ পৰ্যায়ত উপনীত হৈছে। শেহতীয়াকৈ তেওঁৰ ভিডিঅ’ চচিয়েল মিডিয়াত ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে; ভিডিঅ’টো তেওঁ “মিছ ইণ্ডিয়া” খিতাপ অৰ্জনৰ দিনাখনৰ। য’ত তেওঁ একাংশ প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয়; এই ভাইৰেল হোৱা ভিডিঅ’টোত তেওঁক প্ৰশ্ন কৰে অভিনেতা শ্বাহৰুখ খানে। শ্বাহৰুখে প্ৰশ্ন কৰে যে যদিহে তেওঁক বিবাহৰ প্ৰস্তাৰ এগৰাকী খেলুৱৈয়ে দিয়ে; যিয়ে তেওঁক বিশ্বখন ফুৰোৱাৰ লগতে গৌৰৱম্বিত কৰিব। আৰু, লগতে প্ৰিয়ংকা যদিহে বিবাহৰ প্ৰস্তাৱ এগৰাকী ব্যৱসায়ীয়ে দিয়ে আৰু আনহাতে এগৰাকী শ্বাহৰুখ খানৰ দৰে অভিনেতাইও যদি প্ৰিয়ংকাক বিবাহৰ প্ৰস্তাৱ দিয়ে তেতিয়াহ’লে তেওঁ কাৰ সৈতে বিবাহত বহিব! এই প্ৰশ্নৰ উত্তৰত প্ৰিয়ংকাই কয় যে, “উক্ত তিনিওগৰাকী ভিতৰত মই বিবাহত বহিম খেলুৱৈ গৰাকীৰ সৈতে। যিগৰাকী ঘৰলৈ আহিলে অথবা মই যেতিয়া ঘৰলৈ আহিম তেওঁক যাতে মই ক’ব পাৰো যে মই তেওঁক লৈ গৌৰৱ অনুভৱ কৰো যেনেদৰে সমগ্ৰ ভাৰতবৰ্ষই কৰে।”


উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ স্বামী নিক জোনাসে ক’ভিড ১৯ ৰ এই প্ৰকোপৰ পৰা ভাৰতক বচাবলৈ জমা কৰিছিল টকা। তেওঁলোকে নিজ অনুৰাগীসমূহক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাই চচিয়েল মিডিয়াত একোটাকৈ পোষ্ট শ্বেয়াৰ কৰিছিল। অৱশ্যে এই আহ্বানৰ পিছতেই তেওঁলোকৰ তাত জমা হৈছে প্ৰায় ২ কোটি ৫০ লাখ টকা। সহায়ৰ হাত আগবঢ়োৱা প্ৰতিজন জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.