বৰ্তমান পৰিপ্ৰেক্ষিতত ইটোৰ পিছত সিটোকৈ নতুন গীতে মুক্তি লাভ কৰিছে; কিছুমান একঘেয়ামী হ’লেও একাংশ গীতেৰে কেইগৰাকী মান উঠি অহা প্ৰজন্মই নতুন কিবা এটা দিয়াৰ চেষ্টা কৰিছে। আমি এনে বহু গীতৰ উদাহৰণ আপোনালোকক দিব পাৰো; যিসমূহ গীত হৃদয়স্পৰ্শী, মনপৰশা হোৱাৰ স্বত্বেও সেই গীত সমূহ একাংশ শ্ৰোতাৰ মাজতেই সীমাবদ্ধ। তথাপিও, নিৰৱিচ্চিন্নভাৱে প্ৰয়াস কৰে এই নৱপ্ৰজন্মৰ দলবোৰে; গীত সমূহক মুকলি কৰি ৰাইজৰ পৰা সমাদৰ লাভ কৰাৰ আশা কৰে তেওঁলোকে। আমি আচলতে সকলোৱে উমৈহতীয়াকৈ হ’লেও এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত। কাৰণ আমি মনোৰঞ্জন ভাল পাওঁ আৰু আমি হতাশ হ’লে অকণমান মনোৰঞ্জনৰেই প্ৰয়োজন হয়। এই ক্ষেত্ৰখনত থকা সংগীতে আমাক প্ৰতিটো সময়ত জীপাল কৰে, আমাৰ একাংশই ৰাতি নিদ্ৰা দেৱীৰ কোলাত যাবলৈও কাষ চাপে সংগীতৰ। সুমধুৰ কন্ঠ; তাতেই আকৌ একোটা মনপৰশা গীতৰ শব্দত প্ৰায় বহু জনসাধাৰণ আপ্লুত হৈ পৰে। কেইবাটাও বাণিজ্যিক গীতে যদিও সংগীত ক্ষেত্ৰখনত ঠাই বনাইছে যদিও একোটি সুন্দৰ গীতক লৈ এতিয়া জনসাধাৰণৰ যথেষ্ট আগ্ৰহ বৰ্তমানেও আছে। “ডাৱৰ” শীৰ্ষক এটি নতুন গীতে আপোনালোকৰ দুৱাৰত টোকৰ মাৰিব আগন্তুক জুন মাহৰ প্ৰথমটো দিনাই। অৰ্থাৎ ১ জুন তাৰিখে মুক্তি পাবলগীয়া এই গীতটিক লৈ সাজু হৈছে নৱপ্ৰজন্মৰ এটা দল। পৰীক্ষামূলক ভাৱে কিছু নতুনত্বৰ সংযোজন কৰি গীতটিক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ পৰিকল্পনা কৰিছে তেওঁলোকে।

“ডাৱৰ” শীৰ্ষক এই গীতটিত কথা লিখিছে বাৰ্বী বৰুৱাই; কন্ঠদান কৰিছে অনুৰাগ বৰুৱা লগতে ইয়াৰ সুৰ কৰিছে অনুৰাগ বৰুৱা আৰু বিশ্ব বিদ্যুৎ দাসে; সংগীত বিশ্ব বিদ্যুতৰ নিজৰেই। শব্দ-সংমিশ্ৰণ কৰিছে মুক্তি মূহুূৰ্ত হাজৰিকাই আৰু ইয়াত চিত্ৰশিল্পী চিন্ময় ডেকা। গীতটি মুক্তি লাভ কৰিব Ambience NE Records নামে ইউটিউব চেনেলত। এবছৰ মান আগৰ পৰাই পৰিকল্পনা কৰা “ডাৱৰ” গীতটি হৈছে তেওঁলোকৰ “হেঙুল(আকাশ এখন আমাৰ) নামে এলবামটোৰ অন্তৰ্গত। ক্লাচিকেল সংগীতৰ সৈতে মডাৰ্ণ গীতৰ সংযোজন ঘটাই নিৰ্মাণ কৰি উলিওৱা এই গীতটিক ৰাইজে আদৰিব ল’ব বুলিও তেওঁলোকৰ বিশ্বাস। উল্লেখ্য যে, উক্ত এলবামটোত অন্তৰ্ভূক্ত হ’বলগীয়া “ডাৱৰ” তেওঁলোকৰ দ্বিতীয়টো প্ৰচেষ্টা; ইয়াৰ পূৰ্বে মুক্তি লাভ কৰা প্ৰথমটো গীতক ৰাইজে যথেষ্ট হাৰত সমাদৰ জনোৱা দেখিবলৈ পোৱা গৈছিল। জানিব পৰা মতে, এই নৱপ্ৰজন্মৰ দলটোৱে আহিবলগীয়া প্ৰতিটো মাহত এলবামটোৰ অন্তৰ্গত একোটি গীতক মুকলি কৰি দিয়াৰ সমান্তৰালকৈ গীতসমূহ সুকীয়া পৰিপূৰ্ণ হ’ব বুলি উল্লেখ কৰে তেওঁলোকে। যদিও সংগীতৰ ধাৰাৰ সাল-সলনি কৰা হৈছে, যদিও বৰ্তমানৰ কিছু সংগীতে নতুন ৰূপ লৈছে তথাপিও নৱপ্ৰজন্মৰ সৃষ্টিত বিশ্বাস ৰাখিয়ে একাংশই তেওঁলোকৰ বাবে আগ্ৰহ দেখুওৱা পৰিলক্ষিত হয়।
“ডাৱৰ” ৰ লগতে তেওঁলোকৰ আহিবলগীয়া গীত সমূহক লৈ একোজন সংগীতপ্ৰেমী শ্ৰোতা যে অপেক্ষাৰত সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। ৰূপালীপৰ্দাই উলিওৱা অনা একাংশৰ প্ৰতিভাৰ দৰেই এওঁলোককো পেজটোৰ তৰফৰ পৰা আগন্তুক প্ৰকল্পসমূহৰ বাবে জনাইছো শুভকামনা।
Add comment