সংগীতৰ সাগৰ খনত এক ব্যতিক্ৰমী কন্ঠস্বৰে যেতিয়া টোকৰ মাৰে তেতিয়া প্ৰত্যেকগৰাকী সংগীত প্ৰেমী শ্ৰোতা উৎসাহিত হৈ পৰে; বহুল অংকত ইটোৰ পিছত সেইটো গীতে মুক্তি লাভ নকৰিলেও তেওঁৰ কন্ঠটোৰ বাবে তেওঁক হাজাৰজনৰ মাজত উল্লেখনীয় এগৰাকী কৰি ৰাখিবলৈ সক্ষম হৈছে। তেওঁ হৈছে কাব্যশ্ৰী বৰা; চমুকৈ প্ৰত্যেকৰে চিনাকী (Kaysee)। শেহতীয়াকৈ জী৫ প্ৰিমিয়ামত মুক্তি লাভ কৰা “কুবুল হো” চিৰিজৰ শীৰ্ষ গীতত কন্ঠদান কৰিছিল এইগৰাকী যোৰহাটৰ কন্ঠশিল্পী কাব্যশ্ৰী বৰাই। আনহাতে, এইগৰাকী কন্ঠশিল্পীৰে আন এটি গীত মুক্তি লাভ কৰিছে; যাৰ নাম “ছবি”। ইয়াত তেওঁ কন্ঠদান কৰাৰ লগতে সুৰ কৰিছে আৰু আৰ্টৱৰ্ক খিনিও কৰিছে কাব্যশ্ৰীয়ে নিজেই। গীতটিয়ে মুক্তি লাভৰ পিছতেই লাভ কৰিছে শ্ৰোতাৰ বহুল সমাদৰ; গীতটিৰ কথাৰ পৰা আৰম্ভ কৰি গীতটিৰ গায়কী লৈ প্ৰতিটো উপাদানেই আছিল প্ৰশংসনীয় তথা লেখত ল’বলগীয়া। গীতটি কথা লিখিছে আন এগৰাকী প্ৰতিভা স্বৰাজ প্ৰিয়য়ে; ২০১৮ চনৰ পৰা সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত স্বৰাজৰ সংগীত জীৱনৰ প্ৰথমটো প্ৰকল্প আছিল “বেঙুনীয়া ডাঁৱৰ জাক” নামে এটি এলবাম। লগতে, গীতটিৰ প্ৰযোজনা প্ৰবালৰ; সদ্যমুক্তিপ্ৰাপ্ত “ছবি” শীৰ্ষক গীতটিৰ বিষয়ে স্বৰাজৰ সৈতে পতা কিছু কথাত তেওঁ কয় যে, “কাব্যশ্ৰীৰ সৈতে কৰা বেছিভাগ গানৰে বিষয়বস্তু মই তেওঁৰ ফালৰ পৰাই পাওঁ। আৰু, যেতিয়াই যিকোনো ধৰণৰ গীতৰ বিষয় এটা মোৰ ওচৰলৈ আহে তেতিয়া সেই বিষয়টো অচেতন মনলৈ গৈ তাতেই অচেতন প্ৰক্ৰিয়া এটাত সাৰপানী পানী পাই ডাঙৰ দীঘল হয়।”
তেওঁ আগলৈ কয় যে, “বিষয়টো ডাঙৰ হৈ উঠা পিছতহে মই তাক লিখো অথবা উক্ত বিষয়টোক লৈ সচেতনভাৱে ভাবিবলৈ আৰম্ভ কৰো। “ছবি” লিখা হৈছিল ২০১৯ চনৰ শেষৰ ফালে; সেই সময়ত মুম্বাইস্থিত এটা বিজ্ঞাপন এজেঞ্চিত মই কৰ্মৰত। তাত লেখক ৰূপে কাম কৰি আছিলো; পেছাগত লেখক আৰু সাধাৰণতে প্ৰচলিত লেখকৰ ধাৰণাৰ মাজত আকাশ-পাতাল প্ৰভেদ থাকে। এজেঞ্চি এটাৰ ভিতৰত কাম কৰি থকা লেখকৰ স্বাধীনতা বিশেষ নাথাকে; নৈতিকতা অথবা আন ব্যক্তিগত মতামতৰ ঠাই এনে এজেঞ্চিত কম বা নাই বুলিবই পাৰি। সেয়েহে, আদৰ্শৰ সৈতে আগবাঢ়িব খোজা লোকৰ বাবে বিজ্ঞাপন এজেঞ্চিত কৰা যুঁজখন জটিল হৈ পৰে। আচলতে, সেই যুঁজখনেই মোৰ লগত চলি আছিল আৰু তাৰ ফলস্বৰূপে “ছবি” ৰ নিৰ্মাণ হ’ল। কৰ্মজীৱনৰ অসমতাই যিকোনো পেচাগত শিল্পী; যাৰ নিজা নৈতিক মূল্যবোধৰ প্ৰতি অলপ হ’লেও দায়বদ্ধতা আছে, তেওঁলোকক লগ দিয়ে। ঠিক তেনেদৰে, “ছবি” গানটোত ছবি এখনৰ জন্ম প্ৰক্ৰিয়াৰ কথা কোৱা হৈছে, সেই কথাখিনি এগৰাকী চিত্ৰকাৰৰ মাজেৰে কোৱা হৈছে। এজন চিত্ৰকাৰৰ যুঁজখনেই মোৰ যুঁজ, আৰু সেই একেখন যুঁজেই হয়টো আন এজন শিল্পীৰো।”


স্বৰাজ প্ৰিয় আৰু কাব্যশ্ৰী বৰাৰ যুঁটিটোক লৈও উৎকন্ঠিত প্ৰত্যেকজন। তেওঁলোকৰ আন সমূহ প্ৰকল্পৰ বাবেও অপেক্ষাৰত শ্ৰোতা। ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো এওঁলোকক শুভকামনা।
Add comment