Rupaliparda.com

পিতৃত্বৰ সুখত আত্মহাৰা কন্ঠশিল্পী ৰাকেশ ৰিয়ানঃ

পিতৃত্বৰ সুখত আত্মহাৰা কন্ঠশিল্পী ৰাকেশ ৰিয়ান। এগৰাকী কন্যা সন্তান্তৰ পিতৃ হ’ল কন্ঠশিল্পী গৰাকী; চচিয়েল মিডিয়া যোগে কন্ঠশিল্পী গৰাকীয়ে নিজেই এই কথা ব্যক্ত কৰিছে। বিগত বৰ্ষত বিবাহ পাশত আৱদ্ধ হৈছিল কন্ঠশিল্পী গৰাকী; তেওঁ বিবাহ উৎসৱেও আচলতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল সচেতন মহলত। উল্লেখ্য যে, বিবাহৰ পিছৰ পৰাই ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে। বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু “আধৰুৱা সপোন” ক লৈ উৎসাহী তেওঁৰ অনুৰাগীও। শেহতীয়াকৈ মুক্তি লাভ কৰা এখনি সৰু হৃদয়” শীৰ্ষক গীতটিও শ্ৰোতা-দৰ্শকৰ পৰা লাভ কৰিছে সমাদৰ। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীৰ বৰ্তমান প্ৰতিটো গীতেই সাৱটিছে জনপ্ৰিয়তা।


পিতৃ হোৱাৰ পিছতেই তেওঁ কন্যা সন্তানৰ আপলোড কৰা ফটোত এতিয়া ইজনৰ পিছত সিজনকৈ মনোৰঞ্জন ক্ষেত্ৰৰ সৈতে জড়িত শিল্পী সকলেও তেওঁক জনাইছে শুভকামনা। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও এইগৰাকী কন্ঠশিল্পী ৰাকেশ ৰিয়ানক জনাইছো পিতৃত্বৰ অশেষ শুভেচ্ছা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform