নিখিলেশ বৰুৱা । ৭০ দশকতে কলকাতাত ( কলিকতা ) হেমন্ত মুখাৰ্জী , মান্না দেৰ দে’ৰ দৰে সংগীত নক্ষত্ৰৰ সৈতে সাংগীতিক সম্পৰ্ক গঢ়িছিল । গীত গোৱাইছিল ।
নিখিলেশ বৰুৱা আছিল লোক সংগীতৰ শিল্পী , লেখক । গোৱালপৰীয়া লোকগীতৰ সাধক । শিল্পী গৰাকীৰ সৈতে , শিল্পী গৰাকীৰ শিল্প কৰ্মৰ সৈতে মোক চিনাকি কৰি দিছিল সাংবাদিক – সস্পাদক অজিত কুমাৰ ভূঞাই । ২০০৩ চনৰ এটা দিন । শীতৰ পুৱা । আমি অজিত কুমাৰ ভূঞা সম্পাদিত ‘ আজি ‘ৰ উপ সম্পাদক । মহানগৰীৰ ৰাজগড় বিহুতলীৰ ওচৰত ‘ আজি ‘ৰ কাৰ্যালয় । আহিব নালাগিলেও পুৱা ১০ বজাতে কাৰ্যালয় আহিছিলো । সেই দিনাও আহিছলো । কাৰ্যালয়ৰ সমুখত ইটো – সিটো কথা পাতি আছিলো , সম্পাদক ভূঞা ছাৰৰ সৈতে । কিছু কথা আগবঢ়াৰ সময়তে বাটৰুৱা এগৰাকী ছাৰৰ ওচৰতে ৰৈ দিছিল । নমস্কাৰ জনাই শ্ৰদ্ধাত মূৰ দোখোৱা ব্যক্তিত্বক ( বাটৰুৱা গৰাকীক ) সুধিছিল ছাৰে — ‘ ভাল নে ? ‘ ছাৰে মোৰ ফালে চাই কৈছিল — ‘ চিনি পোৱা নাই ! নিখিলেশ বৰুৱা … ।’ সেয়াই আছিল প্ৰথম সাক্ষাৎ , সংগীত – লোক সংগীতৰ গৱেষক গৰাকীৰ সৈতে । ছাৰে শিল্পী গৰাকীক কাৰ্যালয়ত বহুৱাইছিল । আমি কিছু সময় , ৪০ – ৪৫ মিনিট কথা পাতিছিলো । আমি ‘ নিখিলেশ বৰুৱাক ‘ জানিবলৈ চেষ্টা কৰিছিলো , সংগীতৰ কথা পাতিছিলো । ” সংগীত অসমীয়া , ইংৰাজী , গণিত ইত্যাদিৰ দৰে শিক্ষকৰ ওচৰত শিক্ষা লৈ শিকা বিষয় নহয় । গুৰুৰ ওচৰত শিকাৰ প্ৰয়োজন নাই বুলি কব খোজা নাই । জোৰকৈ গুৰু ভোজি সংগীতৰ শিক্ষা লৈ গায়ক – গায়িকা হোৱা এজনৰ নাম কোৱাচোন ! মই জানো ,কব নোৱাৰা । সেই গৰাকীয়েহে সংগীত আয়ত্ব কৰিব পাৰে বুলি মোৰ বিশ্বাস , যি গৰাকীৰ সংগীত অনুভৱ কৰাৰ ক্ষমতা আছে । মই সংগীত শিকিছিলো , সংগীতৰ প্ৰতি থকা আগ্ৰহৰ বাবে । গীত গাইছিলো শিকাৰ বহু আগৰে পৰা । ” — নিখিলেশ বৰুৱাই কৈছিল ।
নিখিলেশ বৰুৱাৰ জন্ম গৌৰীপুৰত , ১৯৩৬ চনত । সংগীতৰ মাজত , গোৱালপৰীয়া লোকসংগীতৰ মাজত । প্ৰতিমা ( পাণ্ডে ) বৰুৱাৰ গোৱালপৰীয়া গীতৰ সুৰে স্বাভাবিকতে চুইছিল , আৰু এদিন ডাঙৰ ডাঙৰকৈ গাবলৈ চেষ্টা কৰিছিল — ‘ তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে… ‘ । মুকলি আকাশ , মুকলি পৰিবেশত গোৱা সেই গীত স্বাভাৱিকতে বহুতৰে কানত পৰিছিল , হৃদয়ত ৰৈছিল । আৰু এদিন গাবলৈ বাধ্য হৈছিল মানুহৰ মাজত । ” মোৰ বয়স ৬ – ৭ বছৰ । সংগীতৰ অনুষ্ঠান । গীত জনা , গোৱা মানুহো আছে । মোৰ গীত শুনিব । ভয় ভয়কৈ গাইছিলো । এই মুহুৰ্তত মনত পৰা নাই । মনত আছে সেই সময়ৰ সংগীত চৰ্চা কৰা কেইবা জনেও মোক উৎসাহ দিছিল — গাব পাৰিবি । ‘ কিন্তু পৰৱৰ্তী সময়ত গোৱাতকৈ চৰ্চাত বেছি সময় খৰচ কৰিছিল , গোৱালপৰীয়া গীতৰ শিপাৰ পৰা পাতলৈ সন্ধানত ব্যস্ত হৈছিল । ” গীত গাম বাৰু ! যদি সুৰ নহোৱা হয় ! তেতিয়া মোৰ গীত – সংগীত বুজাৰ বয়স । মই অনুভৱ কৰিছিলো গোৱালপৰীয়া লোক গীতৰ সুৰে ভিন্নৰূপ লবলৈ আৰম্ভ কৰিছে । প্ৰকৃত সুৰৰ চৰ্চাৰ প্ৰয়োজন ! গোৱাতকৈ সুৰ চৰ্চাত ব্যস্ত হ’লো । তেনেকৈয়ে সংগীত পৰিচালনাত ব্যস্ত হ’লো । ” — নিখিলেশ বৰুৱাই কৈছিল । আমাৰ প্ৰশ্ন আছিল : আপোনাক সংগীত পৰিচালক, সুৰকাৰ হিচাবে যিমানে জানে , গায়ক হিচাবে হয়তো সিমান সংখ্যকে নাজানে — আমাৰ ধাৰনাত ।
গোৱালপৰীয়া লোকগীতৰ লগতে চড়ক গীত -নৃত্য , কুশান গীত- নৃত্য আদিও চৰ্চা কৰিছিল নিখিলেশ বৰুৱাই । সেই প্ৰথম সাক্ষাততে কৈছিল অসমৰ লোকসংগীত কেন্দ্ৰীক গ্ৰন্থ এখন লিখিব । শিল্পী গৰাকীক দ্বিতীয়বাৰ লগ পোৱাৰ সময়ত ‘ গ্ৰন্থ ” খনৰ পণ্ডুলিপিৰ ৫ টা পৃষ্ঠা দিছিল , আমাৰ অনুৰোধত । সেই গ্ৰন্থ খন সম্পূৰ্ণ হ’ল নে নাই খবৰ নাৰাখিলো । শিল্পী গৰাকীক আমি লগ পাইছিলো ৫ বাৰ । প্ৰতিবাৰেই লগ পাইছিলো ‘ আজি ‘ৰ কাৰ্যালয়তে । অজিত কুমাৰ ভূঞাই ‘ আজি ‘ হস্তান্তৰ কৰিছিল । আৰু সেই সময়তে আমি ‘ আজি ‘ এৰি ৰূপালী পৰ্দা ডট কমত ব্যস্ত হৈছিলো । তাৰ পিছত অন্যান্য কাকতত । আমি যন্ত্ৰৰ দৰে কামত ব্যস্ত হৈছিলো , আমাৰ কৰ্ম সূচিত কনো ‘ নিখিলেশ বৰুৱা ‘ নাছিল । আৰু লগ কৰা নাছিলো , লগ কৰা নহ’ল নিখিলেশ বৰুৱাক । — ” যান্ত্ৰিক সাংবাদিকতা ‘ৰ পৰা আঁতৰি আহি আমি কেইটামান কামৰ বাবে সাজু হৈছিলো । তালিকাত থকা ‘ সংগীতৰত্ন প্ৰভাত শৰ্মা ‘ ৰ কাম শেষ হোৱাৰ পিছত ‘ গোৱালপৰীয়া লোক সংগীত , সুধাকণ্ঠ , নিখিলেশ বৰুৱা ‘ ৰ কাম হাতত লৈছো । ঠিক কৰিছিলো সাংবাদিক – লেখক ৰূপম বৰুৱাৰ পৰা ‘ নিখিলেশ বৰুৱা’ক আৰু জানিম , শিল্পী গৰাকীক আৰু লগ কৰিম । লগ কৰাৰ বাবে সময় বিছৰাত ৰূপম বৰুৱাই নিৰ্দিষ্ট সময় দিছিল মহানগৰীৰ প্ৰেছ ক্লাবত । যোৱা নহ’ল । ঠিক কৰিছিলো ‘ গ্ৰন্থ ‘ খনৰ বাকী কাম শেষ কৰি লগ কৰিম । ৰূপম দাক নিশ্চয় লগ কৰিম । ‘গ্ৰন্থ ‘ খনৰ কামো শেষ কৰিম ! কিন্তু পৰিকল্পনা কৰাৰ দৰে কামটো যে নহ’ল , নিখিলেশ বৰুৱাক যে লগ কৰা নহ’ল , সেই দুখ মনত ৰৈ যাব ।
Add comment