Rupaliparda.com

ৰিয়া চক্ৰৱৰ্তীৰ Rheality ৰ সৈতে জড়িত কিছু কথাঃ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰ পৰাই ৰিয়া চক্ৰৱৰ্তী সচেতন মহলত চৰ্চাৰ বিষয় হৈ পৰিছিল। তেওঁৰ সৈতে জড়িত খবৰ সমূহক লৈ উৎসুক হৈ ৰোৱা দেখিবলৈও পোৱা গৈছিল প্ৰায় প্ৰত্যেক দৰ্শককে। শেহতীয়াকৈ, হেছটেগ Rheality” ব্যৱহাৰ কৰি প্ৰেৰণাদায়ক পোষ্ট চচিয়েল মিডিয়া যোগে কৰিছে অভিনেত্ৰী গৰাকীয়ে। তেওঁ কয় যে, “ডাঙৰ সংঘৰ্ষৰ সৈতেই শক্তিৰ বৃদ্ধি হয়; ইয়াত আপুনি মোক বিশ্বাস কৰিবই লাগিব। যুঁজ দিয়ক; ৰিয়া চক্ৰৱৰ্তী।” অভিনেত্ৰী গৰাকীৰ এই পোষ্টটোত যথেষ্ট হাৰত অনুৰাগীয়ে প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। বিগত বৰ্ষৰ ১৪ জুন তাৰিখে বান্দ্ৰাস্থিত নিজ বাসভৱনত সুশান্ত সিং ৰাজপুতক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়; তাৰ পিছতেই অভিনেতাগৰাকীক হত্যা কৰাৰ আৰোপ লাগিছিল ৰিয়াৰ ওপৰত। ইয়াৰ উপৰিও, সুশান্তৰ পিতৃয়ে ৰিয়াকে ধৰি তেওঁৰ সমগ্ৰ পৰিয়ালৰ সদস্যৰ ওপৰতো আৰোপ লগাই এজাহাৰ দাখিল কৰিছিল। পৰৱৰ্তী সময়ত ৰিয়া আৰু তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীক ড্ৰাগছ কেছত কেইবাদিনলৈ ন্যায়িক জিম্মাতো ৰখা হয়। ৰিয়া চক্ৰৱৰ্তীয়ে চচিয়েল মিডিয়াত সক্ৰিয় হোৱাৰ পিছত তেওঁৰ প্ৰথমটো পোষ্ট দেখিবলৈ পোৱা গৈছিল আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ দিনা আৰু তাৰ পিছত তেওঁ নিজৰ এগৰাকী বান্ধৱীৰ সৈতে এখন ফটো পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে “প্ৰেম” ৰ বিষয়ে কিছু কথা ব্যক্ত কৰে। ৰিয়া চক্ৰৱৰ্তীয়ে “সাণ্ড কি আঁখ” ৰ প্ৰযোজক নিধি পৰমাৰৰ সৈতে এখন ফটো পোষ্ট কৰে।


বিগত বৰ্ষৰ মাজভাগৰে পৰা চচিয়েল মিডিয়াৰ পৰা আঁতৰি থকা অভিনেত্ৰী গৰাকীৰ পৰা নতুন নতুন কিছু পোষ্ট দিয়া দেখিবলৈ পাই আচলতে উৎসাহিতও হৈ পৰিছিল অভিনেত্ৰী গৰাকীৰ অনুৰাগীও। তেওঁ ফটোখন পোষ্ট কৰি কয় যে, “প্ৰেমত এক শক্তি আছে, প্ৰেমত এনে এক ফেব্ৰিক আছে; যি কেতিয়াও হেৰাই নাযায়। লগা হ’লে, তাক যিমানেই বিপদ আৰু দুখৰ পানীৰেই ধুই দিয়া নহওঁক কিয়!”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.