Rupaliparda.com

“মই দৰ্শকৰ আসনত বহি চিনেমা কৰিছোঁ নিজস্বতা ৰাখি”- কৃপাল কলিতা (ব্ৰীজ)

এখন অসমীয়া ছবি আৰু ততোধিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত মনোনয়ন লাভ; বৰ্তমান পৰিপ্ৰেক্ষিতৰ ইটোৰ পিছত অহা সেইটো বেয়া খবৰৰ মাজতেই আচলতে এই ছবিখনে অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকলৈ কঢ়িয়াইছে সুখৰ বতৰা। ছবিখনৰ নাম হৈছে “ব্ৰীজ”; কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন যদিও ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি লাভ কৰা নাই তৎস্বত্বেও ছবিখনক লৈ উৎসাহিত হৈ পৰিছে দৰ্শক সমাজ। আনহাতে, এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপৰ সৈতেও জড়িত পৰিচালক গৰাকী নিজেই। International film festival of India (IFFI 2020 ) পুৰষ্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা আৰু উক্ত চলচ্চিত্ৰ মহোৎসৱত পুৰষ্কাৰ লাভ কৰা একমাত্ৰ অসমীয়া চিনেমা হৈছে “ব্ৰীজ”। আনহাতে, ট্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান, গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল ছবিখনে। চলচ্চিত্ৰ সমালোচক সকলৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা FIPRESCI ৰ ভাৰতৰ শাখাই প্ৰকাশ কৰা তালিকাত ২০২০ চনৰ নিৰ্বাচিত শ্ৰেষ্ঠ ১০খন ভৰতীয় চিনেমাৰ মাজত অন্তৰ্ভুক্তি লাভ কৰিছে অসমীয়া ভাষাৰ চিনেমা ব্ৰীজে। FIPRESCI এটা অতি সন্মানীয় সংস্থা ,এই সংস্থাক বিশ্বৰ চলচ্চিত্ৰ জগত খনে বিশেষ মান্যতা দিয়ে। প্ৰাপ্ত খবৰ অনুসৰি, “ব্ৰীজ” ছবিখনে এতিয়ালৈ মুঠ ২০-২৫ খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে।ছবিখন এখন নৈ পৰীয়া গাওঁক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে য’ত এখন দলঙৰ অভাৱত জীয়াতু ভুগিবলগীয়া হৈছে গাওঁৰ জনসাধাৰণ। অসংখ্য সমস্যাৰ আগ্ৰাসনত থকা স্বত্বেও গাঁৱৰে এগৰাকী কিশোৰীয়ে নিজ পৰিয়ালটি পোহপাল দিয়া সংগ্ৰামী কাহিনীক জীৱন্ত ৰূপত দাঙি ধৰা হৈছে “ব্ৰীজ” ত উল্লেখ্য যে, ছবিখনৰ মূল কাহিনীভাগ আগবাঢ়িছে এখন গাঁওক কেন্দ্ৰ কৰি য’ত এখন দলঙৰ অভাৱত তাত বসবাস কৰা মানুহখিনিয়ে বিভিন্ন ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হয়।সীমাহীন সমস্যাৰ আবৰ্তত থকা সত্বেও সেইখন গাঁওৰে এগৰাকী কিশোৰীয়ে পৰিয়ালটি পোহপাল দিয়াৰ নিমিত্তে বাছি লোৱা সংগ্ৰামী জীৱনক ছবিখনৰ মাজেৰে দেখুওৱা হৈছে।

"মই দৰ্শকৰ আসনত বহি চিনেমা কৰিছোঁ নিজস্বতা ৰাখি"- কৃপাল কলিতা (ব্ৰীজ) 1


আজিৰ ৰূপালীপৰ্দাৰ দেওবৰীয়া সাক্ষাৎকাৰ বিশেষত এইগৰাকী পৰিচালকৰ তৰফৰ পৰাই আমি জানিবলৈ বিচাৰিছিলো কিছু কথা। চাওঁচোন আহকঃ

প্ৰশ্নঃ আপুনি পৰিচালনা ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত?

কৃপাল কলিতাঃ মই মূলতঃ নাটকৰ সৈতে জড়িত; বিশেষকৈ অভিনয় ক্ষেত্ৰখনত মই নিজ কেৰিয়াৰৰ আৰম্ভণি কৰিছিলো। কিন্তু, পিছলৈ ভাৰতীয় গণনাট্য সংঘই ২০০০ চনত গুৱাহাটীস্থিত ৰবীন্দ্ৰ ভৱনত নটসূৰ্য ফণী শৰ্মাৰ নাটক “কিয়” প্ৰয়োজনা কৰিছিল আৰু এই নাটকখনৰ পৰিচালনাৰ দায়িত্ব মোৰ ওপৰত পৰিছিল। সেয়াই আছিল মোৰ পৰিচালনা ক্ষেত্ৰখনত প্ৰথমটো খোজ; সেই একে বৰ্ষতেই ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত দুগৰাকী পৰিচালক ক্ৰমে শ্ৰদ্ধাৰ শ্বেৰ চৌধুৰী আৰু দুলাল শইকীয়া দেৱৰ লগত দূৰদৰ্শনত সম্প্ৰচাৰিত ধাৰাবাহিকত সহকাৰী পৰিচালক হিচাপে কাম কৰাৰ সুযোগ পাওঁ। পৰৱৰ্তী সময়ত, ২০০৪ চনত স্বাধীন ভাৱে পৰিচালনা কৰোঁ; “অগ্নিবৃষ্টি” নামৰ ২ ঘন্টা ৩০ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’ ছবিখন আছিল মোৰ স্বাধীন পৰিচালক ৰূপে প্ৰথমটো কাম। এনেদৰেই মই পৰিচালনাৰ ক্ষেত্ৰ খনত জড়িত হৈ পৰিলোঁ।

"মই দৰ্শকৰ আসনত বহি চিনেমা কৰিছোঁ নিজস্বতা ৰাখি"- কৃপাল কলিতা (ব্ৰীজ) 2

প্ৰশ্নঃ আপোনাৰ ছবি “ব্ৰীজ” খনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহত বহুল হাৰত সফলতা লাভত সক্ষম হৈছে; ঘৰুৱা দৰ্শকৰ সমুখত কেতিয়াকৈ মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে? ঘৰুৱা দৰ্শকেও ছবিখনক আকোঁৱালি ল’ব বুলি আপুনি ভাবেনে?

কৃপাল কলিতাঃ ঘৰৰ মানুহ খিনিক দেখুওৱাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। চলিত বৰ্ষৰ অক্টোবৰৰ ১ তাৰিখে মুক্তি দিম বুলি ভাবিছোঁ কিন্তু বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এয়া সম্ভৱপৰ হ’ব নে নাই ক’ব নোৱাৰো। মই দৰ্শকৰ আসনত বহি চিনেমা কৰিছোঁ নিজস্বতা ৰাখি; গতিকে মই ভাবো ঘৰুৱা দৰ্শকেও নিশ্চয় “ব্ৰীজ” চিনেমা খন আকোঁৱালি ল’ব।

"মই দৰ্শকৰ আসনত বহি চিনেমা কৰিছোঁ নিজস্বতা ৰাখি"- কৃপাল কলিতা (ব্ৰীজ) 3

প্ৰশ্নঃ বিগত বৰ্ষৰ পৰা হোৱা বিভীষিকাময় পৰিস্থিতিটোৱে অসমৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ কিবা সাল-সলনি কৰিছে বুলি আপুনি ভাবেনে?

কৃপাল কলিতাঃ অতিমাৰী ক’ৰোণাই জনজীৱনত বিস্তৰ ক্ষতি-সাধন কৰিছে; মনোৰঞ্জন ক্ষেত্ৰখনতো ইয়াৰ সাংঘাতিক প্ৰভাৱ পৰিলক্ষিত হৈছে। চিত্ৰগৃহসমূহ বন্ধ হোৱা বাবে নতুন চিনেমা মুক্তি দিব নোৱাৰাৰ সমান্তৰালকৈ ছবি নিৰ্মাণৰ কামো হাতত ল’বলৈ সাহস কৰিব নোৱাৰা অৱস্থা হৈছে। ভ্ৰাম্যমান থিয়েটাৰ সমূহো স্তব্ধ হৈ পৰা ফলত শশ শিল্পী, কলা-কুশলীৰ জীৱন নিৰ্বাহত মহা সমস্যাৰ সৃষ্টি হৈছে। মই ভাবো, ডিজিটেল অথবা OTT প্লেটফৰ্মে সকলো অভাৱ পূৰণ কৰিব নোৱাৰে। মোবাইল ফোনত চিনেমা চাই চিনেমাৰ ৰসস্বাদন কৰিব পৰা নাযায়; বৰ্তমান মনোৰঞ্জন ক্ষেত্ৰখনৰ মানুহখিনিয়ে ধৈৰ্য্য ধৰাৰ বাহিৰে আন একো উপায় নাই; এইসময়খিনি পঢ়া-শুনা আৰু নিজৰ দক্ষতা বৃদ্ধিৰ বাবে অনুশীলন কৰিলে ভাল দিন আহিলে ভাল ফল পোৱা যাব।

"মই দৰ্শকৰ আসনত বহি চিনেমা কৰিছোঁ নিজস্বতা ৰাখি"- কৃপাল কলিতা (ব্ৰীজ) 4

প্ৰশ্নঃ আগন্তুক পৰিকল্পনা কেনেধৰণৰ?

কৃপাল কলিতাঃ দুখন চুটি চলচ্চিত্ৰ আৰু এখন তথ্যচিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ; সকলো ঠিকে থাকিলে অহা বছৰ নতুন চিনেমা এখন ফ্ল’ৰলৈ আহিব।

ৰূপালীপৰ্দাঃ ধন্যবাদ কৃপাল কলিতা; আপোনাৰ “ব্ৰীজ” ছবিখনৰ লগতে আগন্তুক প্ৰকল্প সমূহৰ বাবেও জনাইছো শুভকামনা।

কৃপাল কলিতাঃ ধন্যবাদ ৰূপালীপৰ্দা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform