চুটি ছবিসমূহৰ বিষয়বস্তুবোৰেৰে প্ৰত্যেকেবাৰেই দৰ্শক সকলক উৎকন্ঠিত কৰি ৰখা চিন্ময় বাৰ্মাৰ আন এক প্ৰকল্প “তেজৰ টুকুৰা” য়ে শেহতীয়াকৈ লাভ কৰিছে সমাদৰ। চুটি ছবিখনৰ কেৱল মাত্ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ খনেই ইতিমধ্যে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ব্যতিক্ৰমী শব্দটো অৱশ্যে আমি প্ৰায়ে ব্যৱহাৰ কৰো; কিন্তু এইগৰাকী পৰিচালকৰ প্ৰকল্পসমূহ অইনতকৈ সঁচাকৈয়ে ভিন্ন; সেইবাবে চিন্ময় বাৰ্মাৰ প্ৰকল্পৰ পূৰ্ণাংগ ৰূপ প্ৰকাশ পোৱাৰ পূৰ্বেই জনসাধাৰণ অপেক্ষাৰত হৈ পৰে। এইখিনিতে, আপোনালোকক জনাই থওঁ যে, চিন্ময় বাৰ্মাৰ পৰিচালনাৰে নিৰ্মিত “মৰমে ৰিঙিয়ায়” শীৰ্ষক চুটি ছবি এখনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভিন্ন খন ছবি সমাৰোহত মনোনয়ন লাভ কৰাৰ সমান্তৰালকৈ বৰ্তমান এই চুটি ছবিখন উপলদ্ধ Moviesainta.com নামে ডিজিটেল প্লেটফৰ্মটোতো। ইয়াৰ উপৰিও, “ঘোঁৰাপাক”, “যখিনী” আদি চুটি ছবিকেইখনো চিন্ময় বাৰ্মাৰ আগন্তুক প্ৰকল্পৰ ভিতৰত একোখন। পূৰণি কিছু লোককথা, সাধুকথাৰ আধাৰত এই গৰাকী পৰিচালকে কৰা কাহিনী তথা চুটি ছবিসমূহৰ বাবেই তেওঁৰ প্ৰকল্পসমূহক লৈ বহুল হাৰত অপেক্ষা কৰি ৰয় বৃদ্ধজনৰ লগতে কণ কণ শিশু দৰ্শক সকলেও। Eastside Productions ৰ বেনাৰত নিৰ্মিত চিন্ময় বাৰ্মাৰ আহিবলগীয়া “তেজৰ টুকুৰা” চুটি ছবিখনকো আচলতে পিছপৰি ৰোৱা লোকপ্ৰথাক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে। উল্লেখ্য যে, এই প্ৰডাকচনটো হাউচটোৰ দায়িত্বত আছে ক্ৰমে ৰিকি শৰ্মা, প্ৰয়াস শৰ্মা তামুলী আৰু উপমান্যু দাস।


পৰীক্ষামূলক এই চুটি ছবিখনৰ কাহিনীত অন্তৰ্ভূক্ত কৰা হৈছে অসমৰ লুপ্তপ্ৰায় এটি থলুৱা সংস্কৃতি; পুতলা নাচক। পুতলা নাচক আকৌ এবাৰ ৰাইজৰ মাজলৈ লৈ অনাৰ নৱপ্ৰজন্মৰ পৰিচালক গৰাকীৰ যি প্ৰচেষ্টা ; সেয়া সঁচাকৈ আদৰণীয়। অৱশ্যে, চুটি ছবিখনত আছে এক টুইষ্ট; পুতলা নাচৰ কনচেপ্টটোৰ লগতে এটি হ’ৰৰ কাহিনীক সংযোজন কৰাৰো চেষ্টা কৰা হৈছে; উল্লেখ্য যে, এইখন চুটি ছবিখনৰ বাবে পুতলা সমূহক ব্যক্তিগত বাসগৃহতেই সাঁজি উলিওৱা হৈছে লগতে এই পুতলা সমূহ নচুৱাবলৈ চুটি ছবিখনত পুতলা নচুৱাব পৰা শিল্পী গ্ৰহণ কৰা হোৱা নাই। জানিব পৰা মতে, চুটি ছবিখনৰ ইতিমধ্যে শ্বুটিং সম্পূৰ্ণ হৈ উঠিছে আৰু ইয়াৰ সম্পাদনাৰ কাম চলি থকা হৈছে। অতিশীঘ্ৰেই ইয়াৰ টিজাৰ মুকলি কৰি দিয়া হ’ব ৰাইজৰ ওচৰত; ৰিকি শৰ্মাৰ প্ৰযোজনাৰে চুটি ছবিখনৰ চিত্ৰনাট্য পৰী দাস আৰু চিন্ময় বাৰ্মাৰ; চিত্ৰনাট্য তথা সংলাপ পৰী দাসৰ। ইয়াত বিশেষ চৰিত্ৰত অভিনয় কৰিছে দীক্ষিতা ৰাজবংশীয়ে। দৃশ্যগ্ৰহণৰ লগতে চুটি ছবিখনৰ সম্পাদনা, ৰঙৰ দায়িত্বত আছে উপম দাসৰ। বিজিএম আৰু আৱহ সংগীত নাজনিন উল্লাহৰ আৰু বেকগ্ৰাউণ্ড স্কৰ মনদ্বীপ তাৰো’ৰ। বৰ্তমান নৱপ্ৰজন্মৰ দ্বাৰা প্ৰস্তুত হোৱা একাংশ প্ৰকল্পত জনসাধাৰণে যিটো হাৰত সঁহাৰি আগবঢ়োৱা পৰিলক্ষিত হৈছে তাতেই ধৰিব পৰা যায় যে এই ক্ষেত্ৰখনত নৱপ্ৰজন্মই কেনেধৰণে নিজ প্ৰতিভাৰ বীজ সিঁচিবলৈ সক্ষম হৈছে।


আইতা-ককা তথা বৃদ্ধজনৰ মুখে মুখে সৰুতেই শুনি থকা কিছু কাহিনীক লৈ কৰা চিন্ময় বাৰ্মাৰ প্ৰচেষ্টাক প্ৰতিজন জনসাধাৰণৰ লগতে ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।
Add comment