Rupaliparda.com
"সুৰ বাহিনী" ৰ মশ্বন পোষ্টাৰ মুকলি; দৰ্শক অপেক্ষাৰত! 1

“সুৰ বাহিনী” ৰ মশ্বন পোষ্টাৰ মুকলি; দৰ্শক অপেক্ষাৰত!

বহু প্ৰত্যাশিত চুটি ছবি “সুৰ বাহিনী” ৰ মুক্তি লাভ কৰিছে মশ্বন পোষ্টাৰ। তাছা প্ৰডাকচনৰ বেনাৰত প্ৰাঞ্জল গৈয়াৰীৰ পৰিচালনাৰে চুটি ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে অনন্ত তাছা। চুটি ছবিখনত অসমীয়া সংগীতশিল্পী জয়ন্ত হাজৰিকাৰ জীৱনৰ এক অতিকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ কথাক সন্নিৱিষ্ট কৰা হৈছে। এইখন সাংগীতিক চুটি ছবিত গোলাঘাটৰ ৰাইজৰ সহযোগত অসমৰ বানপীড়িত ৰাইজক সহায় প্ৰদানৰ অৰ্থে জয়ন্ত হাজৰিকাই গঢ়ি তোলা “সুৰ বাহিনী”; বাটে-পথে গীত গাই ৰাইজৰ পৰা সাহাৰ্য্য যুগুতোৱা উক্ত “সুৰ বাহিনী” ৰ বাবে প্ৰস্তুত কৰা মুঠ ৮ টা গীত ক্ৰমে “লুইতৰ বলীয়া বান”, “দুৰ্যোগ লগ্নৰ দেখোঁ হাহাকাৰ”, “আজি প্ৰাণৰ মেলা পাতিছোঁ”, “ভয় নাই ভয় নাই”, “একো নাই শূন্য হাঁয়”, “এতিয়াও ৰাতি নাই”, “অভিযাত্ৰী দূৰৈৰ যাত্ৰী” আৰু “এইটো প্ৰহৰ শূন্য প্ৰহৰ ইত্যাদিৰ লগতে এই ৰকষ্টাৰ গৰাকীৰ “সুৰ বাহিনী” য়ে আজিৰ প্ৰজন্মৰ মাজত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অথবা আজিৰ প্ৰজন্মই জয়ন্ত হাজৰিকা কোন চিনি পায়নে ইত্যাদি বহু কথাৰে আহি আছে এইখন চুটি ছবি। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, চুটি ছবিখনৰ মশ্বন পোষ্টাৰ মুক্তিৰ পিছত কেৱল এটা বয়সৰ বুলি নহয়; চুটি ছবিখনক লৈ অপেক্ষাৰত হৈ পৰিছে প্ৰতিটো বয়সৰ দৰ্শকেই।

"সুৰ বাহিনী" ৰ মশ্বন পোষ্টাৰ মুকলি; দৰ্শক অপেক্ষাৰত! 2


চুটি ছবিখনত মূখ্য চৰিত্ৰ সমূহ ৰূপায়ন কৰিছে ক্ৰমে কমল লোচন, নিৰূপম শইকীয়া আৰু প্ৰয়াস শৰ্মা তামুলীয়ে। ইয়াৰ দৃশ্যগ্ৰহণ কৰিছে অসতোষ কাশ্যপে। চুটি ছবিখনত এটা গীতৰ সংযোজন কৰা হৈছে; যাৰ কথা আৰু সুৰ প্ৰণত ৰাজখোৱাৰ। গীতটিৰ সংগীত ব্যৱস্থাপনা পল্লৱ তালুকদাৰৰ; আগন্তুক সময়ছোৱাৰ এই চুটি ছবিখন হ’ব এখন বহুল ভাৱে প্ৰত্যাশিত আৰু প্ৰতিজন দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰ স্বৰূপ হ’ব বুলি একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.