অসমীয়া সংগীত ক্ষেত্ৰখন যথেষ্ট বিশাল; ইয়াত ইজনৰ পিছত সিজনকৈ প্ৰতিভাৰ সংযোজন হৈ গৈ থাকে। প্ৰত্যেকটো দিনত একোটাকৈ শিশুৱে হয়টো এটা গান শুনি নিজ পিতৃ-মাতৃৰ ওচৰত গুনগুনাবলৈ আৰম্ভ কৰে; আনহাতে আকৌ, আন একোটা শিশুৰ সংগীতৰ প্ৰতি থকা ইচ্ছাক দেখি পিতৃ-মাতৃয়ে তেওঁক গীত গাবলৈ উৎসাহিত কৰে। এয়া নিৰৱিচ্চিন্ন প্ৰক্ৰিয়া; আদি কালৰ পৰা চলি আহি ই অনন্ত কাললৈ ঠিক এনেদৰেই চলি যাব। কিছুমান ক্ষেত্ৰত যদিও পৰিৱৰ্তন অথবা সাল-সলনিৰ মুখা-মুখি হোৱা দেখা যায় তৎস্বত্বেও আমাৰ এই সংগীত ক্ষেত্ৰখন পূৰ্বতকৈ অধিক জীপাল হ’ব বুলি একাষাৰে কৈ দিলেও হয়টো সেয়া অতিৰঞ্জিত নহ’ব। বৰগীত, লোকগীতৰ ধাৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ৰেপ আৰু EDM ৰ পয়োভৰৰ মাজত শ্ৰোতাই প্ৰতিদিনেই এই ক্ষেত্ৰখনত নতুনত্বৰ আৱিষ্কাৰ কৰিলে; জীৱনৰ পাৰ্থিৱ বস্তুসমূহৰ আঁতৰি অথবা ব্যৱসায়িক যিটো মানসিকতা সেই আটাইবোৰৰ উৰ্দ্ধতো শেহতীয়াকৈ গীতৰ নিৰ্মাণ হৈছে। যিবোৰ গীতৰ যদিও ভিউৱাৰচৰ সংখ্যা কম তথাপিও গীতসমূহৰ অন্তৰ্নিহিত ভাৱধাৰা সমূহ উল্লেখনীয় তথা লেখল’বলগীয়া। এই সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত বহু ন-ন প্ৰতিভাৰ বিষয়ে আপোনালোকে ৰূপালীপৰ্দাৰ জৰিয়তে পঢ়িবলৈ পাইছে; এই প্ৰতিভা সমূহৰ আগন্তুক পৰিকল্পনা তথা প্ৰকল্প সমূহ নিৰ্মাণক লৈ তেওঁলোকৰ মানসিকতা আদিয়ে শ্ৰোতা দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আমি শেহতীয়াকৈ কথা পতা ৰিকু পাঠকো হৈছে তেনেই এজন প্ৰতিভা; যাৰ সংগীত যাত্ৰা আৰম্ভণি ৯ বছৰ বয়সৰ পৰাই হৈছিল। ৰিকু পাঠকক আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “জনা হোৱাৰ পৰাই গান শুনি,গান গাই ভাল পাওঁ।”
আগলৈ, “৯ বছৰ বয়সত সংগীতৰ আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি হয়। তাৰে কেইবছৰমান পিছত মই ভাৰতীয় শাস্ত্ৰীয় সংগীতত বিশাৰদ সম্পূৰ্ণ কৰোঁ; লাহে লাহে ক’ব নোৱাৰাকৈয়ে মনটো সংগীত ব্যৱস্থাপনাৰ পিনে ঢাল খালে। নিজেই সংগীত ব্যবস্থাপনা কৰি কভাৰ গীত সমূহত কন্ঠদান কৰিবলৈ আৰম্ভ কৰিলো; তেতিয়া এই ক্ষেত্ৰখনত মই একদমেই নতুন। তথাপিও, ভালেখিনি মানুহে মোক এই দিশত উৎসাহিত কৰিলে। “Original song” কৰাৰ সাহসকণ গোটাই প্ৰশান্ত দাস দাদাৰ কাষ চাপিলো এটা গীতৰ কথাৰ বাবে; অৱশ্যে গানটোৰ সুৰ আৰু সংগীত ব্যৱস্থাপনা কৰিলোঁ মই নিজেই। ইয়াত মোক সহায়-সহযোগিতা আগবঢ়ালে মোৰ দাদা ইমণ কল্যাণ ডেকাই; তেনেকৈয়ে মুকলি হ’ল মোৰ প্ৰথমটো গীত ” বাট চাই” । পিছলৈ আন ভালসংখ্যক গান মুকলি কৰিবলৈ উৎসাহ পালো, মোৰ বৰ্তমানলৈ মুক্তি লাভ কৰা গীত সমূহ হৈছে ক্ৰমে, বন্দনা, মায়াৰ ধৰা, সুবাসী সন্ধিয়া , মায়াৱী হেঁপাহ ইত্যাদি। বৰ্তমান সুৰ তথা সংগীত ব্যৱস্থাপনাৰ লগতে শব্দ-সংমিশ্ৰণৰ কামো কৰি আছোঁ।”
এটা গীতৰ সফলতা/ বিফলতাৰ লগতে গীতৰ কোনটো উপাদানক ৰিকু পাঠকে অধিক গুৰুত্ব দিয়ে বুলি প্ৰশ্ন কৰাত তেওঁ কয়, “গান এটা লিখাৰ পৰা মুকলি হোৱালৈকে বহুখিনি মানুহৰ কষ্ট জড়িত হৈ থাকে; কেৱল ইউটিউবত লাভ কৰা ভিউৱাৰচৰ অংকৰ আধাৰত গান এটা সফল বা বিফল বুলি কোৱাটো আচলতে ভুল হ’ব; যিকোনো গান এটা যিখিনি মানুহে শুনে , গানৰ কথা আৰু সুৰে সিহঁতৰ অন্তৰ চুব পৰাটোৱেই মই ভাবো গানটোৰ সফলতা। আনহাতে, মোৰ বোধেৰে গান এটাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ উপাদানটো হৈছে “কথা” । তাৰ পিছত আহে সুৰ আৰু সংগীত; প্ৰথমৰ পৰাই মই কথাৰ ওপৰত সদায় অধিক গুৰুত্ব দি আহিছোঁ লগতে সুৰ – সংগীত কৰোঁতে এইটোও চকু দিওঁ যাতে গানটোত মানুহে কিবা হলেও নতুনত্ব বিচাৰি পায়।” ৰিকু পাঠকৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “অলপতে মোৰ “মায়াৱী হেঁপাহ” শীৰ্ষক গীতটি মুকলি হ’ল; দুই-তিনিটা গান আছে যিকেইটা এতিয়া প্ৰাৰম্ভিক অৱস্থাতে আছে । আশা কৰোঁ, অতি সোনকালে সেইকেইটাও মুকলি কৰিব পাৰিম। আগন্তুক প্ৰকল্প বুলিলে আচলতে তেনেকুৱা একো নাই; মাথো যিমানখিনি পাৰোঁ ভাল ভাল অসমীয়া গীত সৃষ্টি কৰিব চেষ্টা কৰিম আৰু সঙ্গীতৰ মানদণ্ডৰ যাতে অৱনতি নঘটে তাৰ ওপৰত চকু দিম।”
Add comment