Rupaliparda.com

এক অজান সাঁথৰৰ ভাঙনিৰে দেৱব্ৰত গগৈৰ “প্ৰহেলিকা”-

সুন্দৰ বস্তু একোটিয়ে কিছুদিন ল’লেও সেই বস্তুটোৱে জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰাটো একেবাৰেই স্বাভাৱিক; বস্তুবোৰৰ দৰেই আমাৰ নৱপ্ৰজন্মৰ সৃষ্টিবোৰো। সৃষ্টিৰ পিছত কিছুদিনৰ সময় ল’লেও তেওঁলোকৰ গ্ৰহণযোগ্য প্ৰকল্পসমূহে সঁহাৰি লাভ কৰা আমি দেখিছো; ঠিক তেনেদৰে, বিগত ২-৩ বছৰ মানৰ পৰাই আমাৰ সংগীত ক্ষেত্ৰখন ঠন ধৰি উঠিছে। ইটোৰ পিছত সিটো নতুন গীতেৰে এই নৱপ্ৰজন্মৰ প্ৰতিভা সকলে শ্ৰোতা-দৰ্শকৰ ভাললগা গীতৰ প্লে-লিষ্টখন বৃদ্ধি কৰি গৈ আছে। অৱশ্যে, সঁচা অৰ্থত ক’বলৈ গ’লে আমাৰ নিজৰো ভাল লাগে যেতিয়া ৰূপালীপৰ্দাৰ জৰিয়তে আমি আপোনালোকক একোটা হৃদয়স্পৰ্শী গীতৰ বিষয়ে জনাব পাৰো। সংগীতৰ মহাসাগৰ খনত শেহতীয়াকৈ ইমানেই সুন্দৰ প্ৰকল্পৰ সৃষ্টি হৈছে যে যাক লৈ শ্ৰোতা সকল প্ৰতিটো মূহুূৰ্তত উৎসাহিত কৰে। “ষোল্ল চন”, “মাজ নিশা” লগতে “তমসা” ইত্যাদি গীতসমূহ আপোনালোকে নিশ্চয় শুনিছে। গীতকেইটা উপভোগ কৰা প্ৰতিজন শ্ৰোতাই ইউটিউবত গীতকেইটিক এবাৰ হ’লেও কমেণ্ট কৰিছে। উক্ত গীতকেইটিৰ আঁৰত থকা দেৱব্ৰত গগৈৰ কন্ঠৰ লগতে সংগীত আৰু কথাৰে মুক্তি লাভ কৰিছে আন এটি গীত “প্ৰহেলিকা”। সৰুতে দেউতাকৰ ফোনত পপ ৱেষ্টাৰ্ণ মিউজিক শুনি এই সংগীত ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হোৱা দেৱব্ৰত গগৈৰ “প্ৰহেলিকা” হৈছে তেওঁৰ প্ৰথমটো এলবাম আৰু এই এলবামটোৰেই প্ৰথমটো গীতক মুকলি কৰি বৰ্তমান প্ৰতিভাগৰাকীয়ে বুটলিছে প্ৰশংসা। তেওঁৰ এই গীতটিত ৩০ হাজাৰৰো অধিক (লেখা যুগুতোৱা সময়লৈ) ভিউচ পৰিলক্ষিত হৈছে।


“প্ৰহেলিকা” অৰ্থাৎ সাঁথৰ; এই সাঁথৰটো ভাঙিবলৈ এজন শিল্পীয়ে কৰা চেষ্টাক লৈ নিৰ্মাণ কৰা এই গীতটিত শব্দ-সংমিশ্ৰণ কৰিছে ৰাজনীশ শইকীয়াই; LDM Associates ৰ প্ৰযোজনাৰে গীতটি নিৰ্মাণ কৰি উলিওৱা হৈছে Wildwood Records ৰ বেনাৰত। একোটা গীত সৃষ্টিৰে ধনাত্মক বাৰ্তা প্ৰেৰণ আৰু শ্ৰোতাক নতুনত্ব প্ৰদান কৰিবলৈ চেষ্টা কৰা দেৱব্ৰত গগৈৰ আগন্তুক সময়ত মুক্তিপাবলগীয়া গীত সমূহক লৈ অপেক্ষাৰত শ্ৰোতা। উল্লেখ্য যে, উক্ত এলবামটোৰ “প্ৰহেলিকা” ৰ পিছতেই দেৱব্ৰত ব্যস্ত হৈছে তেওঁৰ দ্বিতীয়টো গীত “সঁজা” ক লৈ। এটি কোমল কন্ঠৰে, হৃদয় জুৰোৱা সুৰ-সংগীতৰ লগতে আকৰ্ষণীয় কথাৰে সৈতে “প্ৰহেলিকা” ৰ দৰে একোটা গীতে প্ৰশান্তি আজুৰিবলৈ সক্ষম হয়; বিগত বহু সময়ৰ পৰা দেশৰ প্ৰতিজন জনসাধাৰণৰ মনত সৃষ্টি হোৱা সন্ত্ৰাসে আচলতে সকলোকে ভাগৰুৱা কৰি তুলিছে; এনেক্ষেত্ৰত প্ৰত্যেককে কিছু হ’লেও মনোৰঞ্জনৰ প্ৰয়োজন। সুন্দৰ সৃষ্টি আৰু গ্ৰহণযোগ্য কৰ্মৰ দ্বাৰা এই মনোৰঞ্জন ক্ষেত্ৰখনত মনোনিৱেশ কৰিবলৈ অহৰহ প্ৰয়াস কৰা একাংশ নৱপ্ৰজন্মই এতিয়া প্ৰত্যেককে উৎসাহিত কৰি ৰখাত সক্ষম হৈছে।

এক অজান সাঁথৰৰ ভাঙনিৰে দেৱব্ৰত গগৈৰ "প্ৰহেলিকা"- 1


দেৱব্ৰত গগৈৰ “প্ৰহেলিকা” ৰ পিছতেই তেওঁৰ অনুৰাগীৰ শাৰীও দীঘলীয়া হৈছে। তেওঁৰ এই প্ৰকল্পসমূহক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform