Rupaliparda.com

প্ৰজেক্ট বাৰ্তালাপৰ ন-সংযোজন “জাকৰুৱা”; সাজু শংকুৰাজ কোঁৱৰ, মৈত্ৰেয়ী পাটৰঃ

“অলকনন্দা”, “মৌ-পিয়া” আদিৰ দৰে একোটা জনপ্ৰিয় গীত উপহাৰ ৰূপে দিয়া “প্ৰজেক্ট বাৰ্তালাপ” প্ৰযোজনা গোষ্ঠী আকৌ এবাৰ সাজু হৈছে আন এটা গীতৰ বাবে। “জাকৰুৱা” শীৰ্ষক এটি নতুন গীতৰ সৈতে আহি আছে শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰ। উক্ত গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ খন ইতিমধ্যে লাভ কৰিছে মুক্তি। আশা-প্ৰত্যাশাক কেন্দ্ৰ কৰিয়েই গীতটিৰ ৰচনা কৰা হৈছে বুলি জনাইছে মৈত্ৰেয়ীয়ে। কিছুদিন পূৰ্বে উক্ত যুঁটিটোৰ তৰফৰ পৰা মুক্তি লাভ কৰিছিল দুটি গীত ক্ৰমে “গানে গানে” আৰু “অংকিতা”। অৱশ্যে দুয়োটা গীত অইন প্ৰডাকচন হাউচৰ পৰাহে মুকলি কৰি দিয়া হৈছিল; য’ত এটি গীত “অংকিতা” ই লাভ কৰিছিল শ্ৰোতা-দৰ্শকৰ ধনাত্মক সমালোচনা; আনহাতে, “গানে-গানে” ৰ বাবে উৎসাহী হৈছিল শ্ৰোতা সমাজ। “অৰ্থবহুল শব্দ” ৰ সংযোজনৰ সৈতে শ্ৰোতাক এক অজান আমোদ প্ৰদানত সক্ষম হোৱা শংকুৰাজ আৰু মৈত্ৰেয়ী যুঁটিটোক লৈ আশাবাদী সংগীত প্ৰেমী ৰাইজ। সেইবাবেই হয়টো “গানে গানে” গীতটিৰ প্ৰিমিয়াৰত উপস্থিত ডাঃ নবনীল বৰুৱাই দিয়া ভাষ্যনুসৰি, অসমবাসীয়ে যদিও বৰ্তমান উক্ত যুঁটিটোক হৃদয়ংগম কৰা নাই তথাপিও অহা ১০-১২ বছৰ পিছত অসমবাসীয়ে বুজি উঠিব অসমীয়া সাংগীতিক ক্ষেত্ৰখনলৈ অহা পৰিৰ্ৱতন আৰু এই পৰিৱৰ্তনৰ আঁৰত থকা শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰৰ অৱদান।


অৱশ্যে, তেওঁ নিজ ভাষণত যদিও সৰলকৈ উদ্ধৃত কথাষাৰ ব্যক্ত কৰিছিল; কথাষাৰত লুকাই থকা মহত্বটোক বুজিয়েই প্ৰিমিয়াৰত উপস্থিত প্ৰত্যেকেই হাত চাপৰি মাৰিবলৈ ইচ্ছা কৰিছিল। গতিকে আহিবলগীয়া সময়ত “জাকৰুৱা” গীতটিয়ে আন কি নতুনত্ব শ্ৰোতাক যুঁটিটোৱে দিব সেয়া হ’ব লক্ষ্যণীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.