Rupaliparda.com

এনচিবিয়ে আটক কৰিলে সুশান্ত সিং ৰাজপুতৰ বন্ধু সিদ্ধাৰ্থ পিঠানীকঃ

সুশান্ত সিং ৰাজপুতৰ সৈতে জড়িত ড্ৰাগছ কেছত নাৰকোটিক্স কন্ট্ৰ’ল ব্যুৰই শেহতীয়াকৈ আটক কৰে সিদ্ধাৰ্থ পিঠানীক; হায়দৰাবাদৰ পৰা শুক্ৰবাৰে সিদ্ধাৰ্থ পিঠানীক আটক কৰে এনচিবিয়ে। আনহাতে উল্লেখ্য যে চলিত বৰ্ষৰ ১৪ জুন তাৰিখে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ এবছৰ সম্পূৰ্ণ হ’ব। সিদ্ধাৰ্থ পিঠানী সেই চাৰিগৰাকী লোকৰ মাজৰ এগৰাকী আছিল যিয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ দিনাখন তেওঁৰ বাসগৃহতেই আছিল। সুশান্তৰ মৃত্যুৰ কেছতেই আৰক্ষী তথা চিবিআইয়ে বহুবাৰ সিদ্ধাৰ্থক সোধ-পোছ কৰিছে; জানিব পৰা মতে, চিবিআইৰ পৰা প্ৰাপ্ত ফোন আৰু ৱাটচআপৰ মেছেজৰ পৰাই আচলতে এনচিবিয়ে আটক কৰিছে সিদ্ধাৰ্থ পিঠানীক। সুশান্ত সিং ৰাজপুতৰ মৃত্যুত মূখ্য আৰোপী হিচাপে লোৱা হৈছিল অভিনেত্ৰী ৰিয়া চক্ৰৱত্ৰীক; ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীক সুশান্তৰ মৃত্যু তথা ড্ৰাগছ কেছৰ সৈতে অন্তৰ্গত কৰি অৱশ্যে এমাহ পৰ্যন্ত ন্যায়িক জিম্মাতো ৰখা হৈছিল তেওঁলোকক। অভিনেতা সুশান্তৰ মৃত্যুক লৈ দোষী ৰূপে গ্ৰহণ কৰা কাকো বৰ্তমানলৈ ক্লিনশ্বিট প্ৰদান কৰা হোৱা নাই।


বিগত বৰ্ষৰ অভিনেতা গৰাকীৰ মৃত্যুত তোলপাৰ লাগিছিল বলীউড ক্ষেত্ৰখন। নেপোটিজিমৰ প্ৰসংগ উত্থাপন হোৱা পিছতেই বলীউডৰ কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে চচিয়েল মিডিয়া এৰিবলৈ বাধ্য হৈছিল। নেপোটিজিমৰ বাবেই অভিনেতাগৰাকীয়ে আত্মহত্যা কৰিছিল বুলি ভিন্ন জনে আশংকাও ব্যক্ত কৰিছিল। নেপোকিডৰ ছবি সমূহ বয়’কট কৰাৰ ঢৌ পৰিলক্ষিত হৈছিল ৰাইজৰ মাজত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.