বিগত বৰ্ষৰ ৰোমাণ্টিক গীত সমূহৰ মাজত এটি জনপ্ৰিয় হৈ পৰা গীত হৈছে “আছুতীয়াকৈ থ’লো”; গীতটি মুক্তি লাভৰ পিছতেই লাভ কৰিছিল শ্ৰোতাৰ বহুল সমাদৰ। গীতটিত যুঁটীয়াভাৱে কন্ঠদান কৰিছিল অঞ্জু পাঞ্চি আৰু ৰাকেশ ৰিয়ানে। গীতটিৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ শ্ৰোতাৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হৈছিল নৱপ্ৰজন্মৰ কন্ঠশিল্পী অঞ্জু পাঞ্চিয়ে। আচলতে, ৰাকেশ ৰিয়ানৰ সৈতে ন-প্ৰতিভা অঞ্জুৰ কন্ঠই শ্ৰোতাক মোহাচ্ছন্ন কৰাৰ লগতে তেওঁক লৈ শেহতীয়াকৈ বৃদ্ধিও পাইছে অনুৰাগীৰ শাৰী। উক্ত গীতটি আছিল তেওঁৰ সংগীত কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট আৰু যাৰ ফলত বৰ্তমান তেওঁৰ আহিবলগীয়া প্ৰতিটো গীতক লৈ অপেক্ষাৰত অনুৰাগী। তেওঁৰ বিষয়ে আৰু অকণমান আপোনালোকক জনাবলৈ আমি পাতিছিলো তেওঁৰ সৈতেই কিছু কথা; ৰূপালীপৰ্দাৰ জৰিয়তে তেওঁক আৰু অধিক আপোনালোকৰ মাজত চিনাকী কৰি দিয়াৰ প্ৰয়াস কৰিছিলো আমি। সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “সংগীতৰ প্ৰতি সৰুৰে পৰা আগ্ৰহী আছিলো; মোৰ পৰিয়ালত মা-দেউতা দুয়ো গৰাকীয়ে সংগীতৰ সৈতে জড়িত আছিলে আৰু তেওঁলোকৰ পৰাই অনুপ্ৰাণিত হৈ মইও এই ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী হৈছিলো। লাহে লাহে, আগ্ৰহ সপোনত পৰিণত হৈছিল; সৰুৰে পৰা সংগীতৰ জগত খনত কিবা এটা কৰাৰ হাঁবিয়াস মনতে পুহি ৰাখিছিলো। মাৰ পৰা জ্যোতি বিষ্ণুসংগীত শুনি শুনি শিকিছিলো; মা দেউতা দুয়ো গৰাকী সংগীতপ্ৰেমী আছিল । তেওঁলোকৰ উৎসাহ- উদ্দীপনাই মোক প্ৰতিটো সময়ত এই ক্ষেত্ৰত আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাইছিল; ঘৰখনৰ পৰা আৰম্ভ কৰি স্কুলৰ শিক্ষা গুৰু তথা সমনীয়া সকলেও সদায় সহায় সহযোগ কৰিছিল। প্ৰথম শ্ৰেণীৰ পৰাই স্কুলৰ লগতে বিভিন্ন অনুষ্ঠান তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ শিক্ষাটো গুৰুত্ব দিছিলো । সময় বাগৰাৰ লগে লগে সংগীত মোৰ জীৱনৰ এটা অংশ হৈ পৰিছিল; যদিও সৰুৰ পৰা সংগীতৰ সৈতে জড়িত হৈছিলো তথাপিও বিগত বৰ্ষৰ পৰাহে নিজাববীয়াকৈ গীত গাবলৈ আৰম্ভ কৰিলো। “আছুতীয়া কৈ থলোঁ” শীৰ্ষক গীতটি মোৰ প্ৰথম প্ৰচেষ্টা হিচাপে যথেষ্ট সংখ্যক শ্ৰোতা দৰ্শকে গীতটিক মৰমেৰে আঁকোৱালি লৈছে; এই গীতটিৰ সফলতাৰ আঁৰত প্ৰথমে মোৰ মা দেউতা আৰু অতিকৈ মৰমৰ বন্ধু প্ৰাঞ্জল ,পার্থ প্ৰতিম তথা মৰমৰ ককাইদেউ নিলোৎপাল দা জড়িত আছিল । গীতটিৰ কথা সুৰ কৰিছিল চিন্ময় কৌশিক আৰু জয় নিৰ্বানে; সংগীত কৰিছিল প্ৰণয় দত্ত দাই আৰু মোৰ লগত গীতটিত একেলগে কণ্ঠদান কৰিছিল অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী ৰাকেশ ৰিয়ান দাই। এই গীতটিয়ে যথেষ্ট সমাদৰ লাভ কৰিছিল; আৰু এই গীতটিৰ পৰাই এই ক্ষেত্ৰখনত মোৰ অবিৰত যাত্ৰা আৰম্ভ হৈছে।”
এটা গীতৰ সফলতা/বিফলতাৰ লগতে গীত এটিৰ কোনটো উপাদানত অঞ্জু পাঞ্চিয়ে অধিক গুৰুত্ব দিয়ে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এটা গীতৰ সফলতা বুলি কলে শ্ৰোতা দৰ্শকৰ আগ্ৰহ আৰু গীতটিৰ জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰে। এটা গীতক সফলতাৰ শিখৰত তুলি নিবলৈ গীতটিৰ সৈতে জড়িত প্ৰতিজন শিল্পী, কলা-কুশলীয়ে কষ্ট, ধৈৰ্য্য আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়। মই ভাবো, সফলতাৰ কোনো সংজ্ঞা নাথাকে, এয়া এক উপলব্ধি এক আত্মতৃপ্তি। জীৱনত বিফলতাতকৈ ডাঙৰ শিক্ষা একোৱেই হ’ব নোৱাৰে ; বিফলতাই সফলতাৰ মূলমন্ত্ৰ। বিফলতা নেওঁচি সফলতা পোৱাটোহে প্রকৃত সোৱাদ; মোৰ দৃষ্টিত সংগীতৰ কোনো বিফলতা নাথাকে কাৰণ সংগীত এক সাধনা। কথা,সুৰ, সংগীত আৰু গায়কী এই গোটেই খিনিৰ সংমিশ্ৰণত গীত এটিয়ে প্ৰাণ পাই উঠে; গীত এটি এটা উপাদানৰ ওপৰত নিৰ্ভৰ নকৰে যদিও কথা আৰু সুৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।” কন্ঠশিল্পী গৰাকীৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “মোৰ আগন্তুক বহুত পৰিকল্পনা আছে, মই অসমীয়া সংগীত জগত খনৰ বাবে ৰাইজৰ বাবে গীত গাই যাব বিচাৰিম। যিখিনি আমাৰ থলুৱা গীত আছে সেইবোৰক লৈ নতুন কিবা সৃষ্টি কৰিবলৈ প্ৰচেষ্টা কৰিম; বিহু গীত বা বিহু সুৰীয়া গীতৰ মাজতেই আবদ্ধ হৈ থাকিব মই বিচৰা নাই । অসমীয়া থলুৱা সংগীত যেনে ধৰক বৰগীত , ঝুমুৰ,লোক সংগীত , চিয়াগীত আদিৰ ওপৰতো কাম কৰিবলৈ হেঁপাহ আছে আৰু ইয়াৰ লগতে পশ্চিমীয়া সংগীতৰ ওপৰতো কাম কৰিবলৈ আগ্ৰহ আছে। ইয়াৰ উপৰিও, বলীউড ষ্টাইল, ফক মিউজিক edm আৰু ৱেষ্টাৰ্ণ গীতৰ ওপৰতো মই মনোনিৱেশ কৰিছো। ইতিমধ্যে তিনিতা গীত ৰাইজৰ মাজলৈ আগবঢ়াই দিছোঁ। আৰু, আহিবলগীয়া সময়ত মুক্তি পাবলগীয়া গীত সমূহ ৰাইজে আঁকোৱালি ল’ব বুলি আশা কৰিছো। নতুন নতুন পৰিকল্পনাৰ মাজেৰে গীত সমূহ আগবঢ়াবলৈ চেষ্টা কৰিছো।”
তেওঁ আগলৈ কয় যে, “প্ৰত্যেকটো গীতত নতুনত্ব দিবলৈ প্ৰচেষ্টা কৰিছো সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব আৰু ৰূপালীপর্দাৰ সমূহ কৰ্মকৰ্তা লৈ মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।” এইখিনিতে, এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাক ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা তেওঁৰ আহিবলগীয়া প্ৰকল্পসমূহক লৈ জনাইছো শুভকামনা।
1 comment