Rupaliparda.com
হেমন্ত কুমাৰ দাসৰ "তমস্বিনী"- উৎপল মেনা 1

হেমন্ত কুমাৰ দাসৰ “তমস্বিনী”- উৎপল মেনা

” ২০১৯ চনৰ ডিচেম্বৰ মাহৰ পৰাই ক’ৰোণা ভাইৰাছৰ বিভিষিকাই গোটেই বিশ্বজুৰি চানি ধৰিছিল । শেষত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা অসমখনো ক’ৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’বলৈ ধৰিলে । ঠিক তেনে সময়তে মঙলদৈত থকা মোৰ ভনীজনীৰ ঘৰলৈ যাবলগীয়া হ’ল । ঠিক তেনে সময়তে অসমতো এদিন- দুদিনকৈ ক্ৰমশঃ দীঘলীয়া লকডাউন আৰম্ভ হৈ গ’ল । বাহিৰলৈ ওলাব নোৱাৰি ! ঘৰৰ ভিতৰত আবদ্ধ হৈ কৰিম কি ? ঘৰৰ পদুলিত থিয় হৈ চাই ৰও , সদা-ব্যস্ত পথটো তেনেই নিমাওমাও হৈ পৰিছে । কতো ওলাই যাব নোৱাৰি । ঠিক কৰি পেলালো । এনেদৰে নহ’ব । সময়বোৰ এনেদৰে কটাব নোৱাৰি । মঙলদৈলৈ আহোতে লৈ আহিছিলো এখন উপন্যাস আৰু এগৰাকী মহিলা লেখিকা ডা: অনামিকা কলিতাই কেইখিলামান কাগজত সিচৰিতভাৱে লিখা এটা কাহিনী । এটা সচা কাহিনী । নিজৰ আইতাকৰ । ডা: অনামিকা কলিতাই কৈছিল ” চাবচোন , কিবা কৰিব পাৰি নেকি ? “

হেমন্ত কুমাৰ দাসৰ "তমস্বিনী"- উৎপল মেনা 2


কাহিনীটো পঢ়ি গৈ থাকোতে ভাব হ’ল – কিবা এটা কৰিব পাৰি । কাৰণ , কাহিনীটোতকৈ তাৰ বিষয়বস্তুটোৱে মোক বেছি আকৰ্ষণ কৰিছিল । সময়ৰ সৎ ব্যৱহাৰ কৰি কাগজ-কলম গোটাই লৈ কাহিনীটোৰ এটা লাইন-আপ কৰিবলৈ লাগি গলো । কাহিনীটোৰ লাইন-আপ কৰাৰ পাছত ভাৱ হ’ল — এখন চিনেমাৰ চিত্ৰনাট্যকে লিখিব পৰা যায় ।ভবামতে কাম । মোৰ ভনী আৰু ভনীজোৱাই দুয়ো চিকিৎসক । দুয়ো দিনটোৰ বাবেই ওলাই যায় । মোৰ কোনো অসুবিধাই নাই । এনেদৰেই প্ৰায় ডেৰমহীয়া লকডাউনত সম্পূৰ্ণ হ’ল এখন চিত্ৰনাট্য । নাম ৰাখিলোঁ — “তমস্বিনী” । অৰ্থ হ’ল অন্ধকাৰ নিশা লকডাউন শিথিল হোৱাত গুৱাহাটীলৈ উভতি আহিলো ! আৰু প্ৰায় চাৰি- পাছমাহৰ পৰিকল্পনাতে চিত্ৰনাট্যখনৰ চিত্ৰৰূপ দিবলৈ আগবাঢ়িলো । ২০২০ চনৰ নবেম্বৰ মাহত বজালী জিলাৰ হুদুখাটা , লেছেৰা, কঠালমুৰী , আনন্দ বজাৰ , মেধিকুছি , নিত্যানন্দ , ঘগ্ৰাপাৰ আদি ভিতৰুৱা অঞ্চলত চিনেমা খনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিলোঁ ।

হেমন্ত কুমাৰ দাসৰ "তমস্বিনী"- উৎপল মেনা 3


দৃশ্যগ্ৰহণৰ পাছতেই ছবিৰ সম্পাদনা , শব্দ-সঙযোজন আদিৰ কামখিনিও সম্পূৰ্ণ কৰা হ’ল । কিন্তু , এতিয়া পুনৰ ক’ভিডৰ ভয়াবহ সংক্ৰমণৰ বাবে বাকী থকা পোষ্ট প্ৰডাকচনৰ কাম-কাজবোৰ স্থগিত ৰাখিবলগীয়া হৈছে । পৰিবেশ ভাল হৈ আহিলে সম্পূৰ্ণ কৰি তোলাৰ আশা ৰাখিছোঁ । ” কৈছিল হেমন্তু কুমাৰ দাসে । ‘ অথেলো ‘ খ্যাত পৰিচালক গৰাকীৰ শেহতীয়া পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চিনেমা “তমস্বিনী” ( Salvation ) ৰ প্ৰসঙ্গত । চিনেমা খনত অভিনয় কৰিছে — ৰাজেন ফুকন , আলেখ্য বৰুৱা , ফুনুপ্ৰভা সেনাপতি , দেৱজিৎ ডেকা , অনামিকা কলিতা , পপী মহন্ত , ত্ৰিবেণী গগৈ , আৰাৱলী কলিতা , শিশু শিল্পী গৰিমা কলিতা , ক্ৰিতিশা ডেকা আদিয়ে ।

হেমন্ত কুমাৰ দাসৰ "তমস্বিনী"- উৎপল মেনা 4


চিনেমা খনৰ ৰূপ-সজ্জা : বাবলু বৈশ্য ,সাজ-সজ্জা : মন্দিৰা গগৈ , প্ৰযোজনা নিয়ন্ত্ৰণ : হিমেন বৰা ,শব্দ গ্ৰহণ , শব্দ সংযোজন , সংমিশ্ৰণ : দীপক কুমাৰ দত্ত আৰু বাবুল দাস , সম্পাদনা : ভবেশ বৈশ্য , ডি আই কালাৰিস্ট : সুজিৎ কৰ্মকাৰ , চিত্ৰগ্ৰহণ : ৰাতুল বৰ্মনৰ । ‘অনামিকা ক্ৰিয়েচন ‘ৰ বেনাৰত নিৰ্মাণ হৈ থকা এই চিনেমা খনক লৈ আমি নিশ্চয় আশা কৰিব পাৰো । সাৰ্থক চিনেমা এখন আশা কৰিব পাৰো ! আশাৰ বুনিয়াদ — ‘ অথেলো ‘ ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform