Rupaliparda.com
“অভিমানী ডাৱৰে” ৰ সৈতে এইবাৰ নীলোৎপল বৰাৰ জনপ্ৰিয়তাঃ 1

“অভিমানী ডাৱৰে” ৰ সৈতে এইবাৰ নীলোৎপল বৰাৰ জনপ্ৰিয়তাঃ

“ধাগা য়ে তুতে না” গীতটি এতিয়াও কিমান গৰাকী শ্ৰোতাৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হৈছে বাৰু! আচলতে, এয়া সঁচা কথা যে আমি প্ৰত্যেকে সেই বিশেষ গীতটি শুনিবলৈ অহৰহ প্ৰয়াস কৰিছো; গীতটিৰ কথা তথা কণ্ঠই আমাক ইমান বেছিকৈ আপ্লুত কৰিবলৈ সক্ষম হৈছিল যে আমি বৰ্তমানলৈ গীতটিৰ প্ৰতিটো শব্দৰ সৈতে ব্যস্ত হৈ আছো। আমি কিছুমান গীতৰ সৈতে আঁকোৰগোজ হৈ পৰো, নহয়নে? আপোনালোকেও বাৰু অনুভৱ কৰিছেনে আমি সেই গীতটিক কোনো এটা কাম কৰি থকা অৱস্থাত, নিশা শোৱাপাটীলৈ যোৱা সময়তো বিচাৰো। গীতটিয়ে বাৰুকৈয়ে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল আমাৰ ওপৰত কিয়নো গীতটিত কথাবোৰে উপস্থাপন কৰা পৰিস্থিতিটোৱে আমাক সংযোগ কৰিবলৈ সক্ষম হৈছিল। কিন্তু, প্লে-লিষ্টত থকা সেই গীতটিৰ সৈতে আকৌ আন এটা গীতক সাঙুৰ খোৱাবলৈ আপোনালোক আটাইবোৰ প্ৰস্তুত হওঁক। সাৱলীল কণ্ঠৰ গৰাকী নীলোৎপল বৰাই উক্ত গীতটিৰে অসমীয়া সংস্কৰণ “অভিমানী ডাৱৰে” ক শেহতীয়াকৈ মুকলি কৰি দিছে। আৰু, গীতটি মুক্তিৰ পিছতেই ই চৰ্চা লাভ কৰিলে সৰ্বত্ৰে; সংগীতশিল্পী গৰাকীৰ অনুৰাগীৰ দীঘলীয়া শাৰীটোৱে যেন তেওঁলোকৰ প্ৰিয় গীতৰ তালিকাখনত সাঙুৰিলে নতুন এটা গীত। Aspirants ৱেব চিৰিজখন সন্নিৱিষ্ট “ধাগা য়ে তুতে না” শীৰ্ষক গীতটি যেনেদৰে এটা সপোনক সাৰ্থক কৰাৰ বাবে কৰা প্ৰস্তুতি আৰু প্ৰত্যাহ্বান সমূহক লৈ নিৰ্মাণ কৰি উলিওৱা হৈছিল ঠিক তেনে এক বাস্তৱ ছবিকো “অভিমানী ডাৱৰে” ৰ ভিডিঅ’টো দেখুওৱা হৈছে।


গীতটিত কথা শান্তনু ৰৌমূৰীয়াৰ, কণ্ঠদানৰ সৈতে ইয়াত সুৰ কৰিছে নীলোৎপল বৰাই। সংগীত প্ৰযোজনা নীলোৎপল বৰা আৰু ইশান দাসৰ। গীতাৰ আৰু ষ্ট্ৰ’কচ বজাইছে অংকুৰ মূখাৰ্জীয়ে লগতে বাঁহী বজাইছে কিৰণ ৱিনকৰে। লাইভ বেচ অভিনৱ বৰাৰ; গীতটি বাণীবদ্ধ কৰাৰ উপৰিও শব্দ সংমিশ্ৰণ পংকজ বৰাৰ। আনহাতে, গীতটিৰ ভিডিঅ’ পৰিচালনা, বিষয়বস্তু আৰু দৃশ্যগ্ৰহণ অনিৰুদ্ধ বৰুৱাৰ। সম্পাদনা আৰু ৰং দেৱব্ৰত ফুকনৰ; সহঃপৰিচালকৰ দায়িত্বত আছে ঋদ্ধি বৰুৱা আৰু প্ৰাঞ্চু প্ৰতীম বৰা। কাষ্টিংগ ডাইৰেক্টৰ স্বাগতা ভৰালীৰ লগতে ইয়াত অভিনয় কৰিছে বিৰিঞ্চি বৰা আৰু অনুৰাগ আয়ান বৰাই। বহু শ্ৰোতাই গীতটিক Aspirants ৱেব চিৰিজখনৰ কাহিনীভাগ অসমীয়া সংস্কৰণত পুনৰাবৃত্তি কৰা বুলিও কমেণ্ট কৰে। বিগত বৰ্ষৰ “লক-ডাউন” ৰ সমান্তৰালকৈ জাতি-ধৰ্মক কেন্দ্ৰ কৰি চচিয়েল মিডিয়াত চলিছিল কিছুমান ভিত্তিহীন আপডেট। এফালে “লক-ডাউনে” ব্যতিব্যস্ত কৰা একাংশ জনসাধাৰণ; আনফালে জাতি-ধৰ্মক লৈ চলা বিভিন্ন বিবাদ। এই আটাইবোৰেই এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এনেবোৰ পৰিৱেশ-পৰিস্থিতিক আগত লৈয়ে কন্ঠশিল্পী নীলোৎপল বৰাই সৃষ্টি কৰিছিল এটি গীত; “ভাইৰাছৰ শিকলি।” নিপন গোস্বামী, মলয়া গোস্বামী, নিশিতা গোস্বামীকে আৰম্ভ কৰি প্ৰস্তুতি পৰাশৰ, মুনমী ফুকন, অমৃতা গগৈ, উদয়ন দুৱৰা আদিক দেখিবলৈ পোৱা গৈছে এই গীতটিৰ ভিডিঅ’ত।

"অনুভৱী ডাৱৰে" ৰ সৈতে এইবাৰ নীলোৎপল বৰাৰ জনপ্ৰিয়তাঃ 2


আগন্তুক সময়তো এনে একাংশ গীতৰ আশা কৰিছে কণ্ঠশিল্পী নীলোৎপল বৰাৰ অনুৰাগীয়ে। তেওঁৰ এনে সফলতা আৰু পৰিকল্পনাক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform