Rupaliparda.com
"পৰিচালক হ'বলৈ বিচৰা এজন সাধাৰণ ল'ৰাহে মই; যিয়ে ছবি ভাল পায়।"- লোচন কৌশিক 1

“পৰিচালক হ’বলৈ বিচৰা এজন সাধাৰণ ল’ৰাহে মই; যিয়ে ছবি ভাল পায়।”- লোচন কৌশিক

কিছুদিন পূৰ্বে অৰ্থাৎ এই “আংশিক লক-ডাউন” ৰ মাজতেই আমি এখন চুটি ছবি “The Barbel Piece” উপভোগ কৰিছিলো। সাধাৰণ ৰাইজৰ সমান্তৰালকৈ চুটি ছবিখন উপভোগ কৰি ভাল পাইছিলে পৰিচালক ভাস্কৰ হাজৰিকাৰ লগতে এগৰাকী পৰিচালক আৰু চলচিত্ৰ সমালোচক উৎপল দত্তই। এটা loop ত নিৰ্মাণ হোৱা উক্ত চুটি ছবিখনত হত্যাকাণ্ডৰ ঘটনা অৰ্থাৎ “মাৰ্ডাৰ মিষ্ট্ৰী” ৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে। সমান্তৰালকৈ, এগৰাকী নাৰীৰ দৃঢ়তাকো উপস্থাপন কৰা হৈছিল এই চুটি ছবিখনত। এগৰাকী নাৰীৰ মনস্বাত্বিক খেলি-মেলিকে লৈ নিৰাপত্তাহীনতা আদি বিষয়সমূহৰ কিছু কিছু কথাক লৈ উক্ত চুটি ছবিখন ৰাইজৰ মাজলৈ উলিয়াই দিছিল পৰিচালক লোচন কৌশিকে। এই চুটি ছবিখন আছিল তেওঁৰ আৰম্ভণি; ইয়াৰ লগতে তেওঁ পৰিচালক ৰূপে খোজ পেলাইছে এই ছবি ক্ষেত্ৰখনত। শেহতীয়াকৈ আমি এই পৰিচালক গৰাকীৰ প্ৰথমটো পৰিচালনা তথা তেওঁৰ আহিবলগীয়া কাম সমূহৰ বিষয়ে জানিবলৈ তেওঁৰ সৈতে পাতিছিলো কিছু কথা। কেতিয়াৰ পৰা এই ক্ষেত্ৰখনক লৈ ইচ্ছা জাগিছিল বুলি প্ৰশ্ন কৰাত তেওঁ কৈছিল যে, “The Babel Piece” মোৰ প্ৰথম কাম। চিনেমা তথা নাটক দুয়োটাই উপভোগ কৰি ভাল পাওঁ। তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত দুখন নাটকৰ স্ক্ৰীপ্ট লিখিছিলো; তাৰে এখনত অৰ্থাৎ বিগত বৰ্ষত “শ্ৰেষ্ঠ চিত্ৰনাট্য লিখক” বঁটা লাভ কৰিলো; সমান্তৰালকৈ তিনি চাৰিখন মান নাটকত অভিনয়ো কৰিছো। নাটক সমূহ কৰি থকা অৱস্থাত একাংশ বিখ্যাত পৰিচালক তথা তেওঁলোকৰ সুন্দৰ স্ক্ৰীপ সমূহৰ সৈতে চিনাকী হ’বলৈ সক্ষম হ’লো। তেতিয়াৰ পৰাই বিখ্যাত ছবি পৰিচালকৰ চিনেমা সমূহ উপভোগ কৰিবলৈ আৰম্ভ কৰিলো।”

"পৰিচালক হ'বলৈ বিচৰা এজন সাধাৰণ ল'ৰাহে মই; যিয়ে ছবি ভাল পায়।"- লোচন কৌশিক 2
"পৰিচালক হ'বলৈ বিচৰা এজন সাধাৰণ ল'ৰাহে মই; যিয়ে ছবি ভাল পায়।"- লোচন কৌশিক 3


তেওঁ আগলৈ কয় যে,” কৰিয়ান ছবি “Memories Of Murder”, জাপানৰ ছবি “Ikiru” আৰু Tokyo Story, ফ্ৰান্সৰ ছবি Peradiso, সত্যজিৎ ৰায়ৰ ভিন্ন খন ছবিৰ লগতে ইটালীৰ Neo Realism Cinema, ফ্ৰান্সৰ new Wave Cinema ইত্যাদিয়ে মোৰ ওপৰত প্ৰভাৱ পেলালে। মই স্নাতক পঢ়ি থকা অৱস্থাত চিনেমাকে গৱেষণাৰ বিষয়ৰূপে গ্ৰহণ কৰিলো আৰু তাত পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বাৰা পৰিচালিত আমিষ আৰু কথানদীক লৈ আলোচনা কৰিছিলো। The Babel Piece যদিও মোৰ প্ৰথম কাম তথাপিও মই আগন্তুক কালছোৱাত আৰু কাম কৰিবলৈ প্ৰস্তুত। এইখিনিতে, মই ক’ব বিচাৰিম যে চিনেমালৈ অহা আগতে এই বিষয়টোক অধ্যয়ন কৰাৰ লগতে দৰ্শন শাস্ত্ৰ, ৰাজনীতি, সাহিত্য আদি বিষয়টো অধ্যয়ন থকাটো দৰকাৰী। মোৰ প্ৰথমটো প্ৰকল্পত ভুল ৰৈ গৈছে; গতিকে মই আশা কৰোঁ যে এই ভুলখিনিক মনত ৰাখি মই যাতে মোৰ আগৰ প্ৰকল্প সমূহ ভালদৰে নিৰ্মাণ কৰিব পাৰো। বৰ্তমানলৈ মই এগৰাকী পৰিচালক ৰূপে নিজক চিনাকী দিবলৈ বেয়া পাম; সেই সাৱলীলতা এতিয়ালৈ মই শিকা নাই। শিকাৰ চেষ্টাহে অব্যাহত ৰাখিছো। পৰিচালক হ’বলৈ বিচৰা এজন সাধাৰণ ল’ৰাহে মই; যিয়ে ছবি ভাল পায়।” এগৰাকী পৰিচালক ৰূপে তেওঁ কেনে ধৰণৰ কাহিনীক লৈ আকৰ্ষিত বুলি কৰা প্ৰশ্নৰ উত্তৰত লোচন কৌশিকে কয় যে, “মোৰ মতে এটা কাহিনীত যেতিয়া সমাজৰ বাস্তৱ দৃশ্যখন প্ৰতিফলিত কৰা ক্ষমতা থাকে তেতিয়া সেই কাহিনীভাগ মোৰ প্ৰিয় হৈ পৰে। সমাজ ব্যৱস্থাক এখন পৰ্দাৰ জৰিয়তে দাঙি ধৰা ছবিবোৰ মোৰ মতে শ্ৰেষ্ঠ।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক প্ৰকল্পৰ বিষয়ে কি ক’ম/কি নক’ম হৈ পৰিছো। পৰিকল্পনা কিছু আছে। সময় আহিলেই আৰু পৰিচালনাত ব্যস্ত হ’ম; দুটামান কাহিনীয়ে বাৰুকৈয়ে দিগদাৰ দি আছে।”

"পৰিচালক হ'বলৈ বিচৰা এজন সাধাৰণ ল'ৰাহে মই; যিয়ে ছবি ভাল পায়।"- লোচন কৌশিক 4


পৰিচালক গৰাকীৰ প্ৰথমটো চেষ্টাক উৎসাহিত হৈছিল একাংশ দৰ্শক গতিকে তেওঁৰ ফালৰ আৰু কিছু ভাল প্ৰকল্পৰ আশা কৰিছে প্ৰত্যেকেই। সেইবাবে, আমিও ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা তেওঁৰ আহিবলগীয়া প্ৰকল্পসমূহৰ বাবে যাঁচিছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform