Rupaliparda.com
চিকিৎসকৰ সেৱাক লৈ কৃতজ্ঞ গীতাৱলী ৰাজকুমাৰীঃ 1

চিকিৎসকৰ সেৱাক লৈ কৃতজ্ঞ গীতাৱলী ৰাজকুমাৰীঃ

বৰ্তমান পৰিস্থিতিটোত আমাৰ বাবে সাহস হৈ থিয় দিয়া ব্যক্তিসকলেই হৈছে একো একোজন চিকিৎসক; প্ৰতিটো সময়ত তেওঁলোকে কৰা অহৰহ প্ৰয়াসৰ বাবে আমি অকণমান ভাল দিন দেখিবলৈ সক্ষম হৈছো। নিজৰ স্বাস্থ্যৰ প্ৰতি খেয়াল নৰখাকৈ তেওঁলোকে সাধাৰণ জনৰ বাবেই নিজক যেন উচৰ্গা কৰি দিছে। ক’ৰোণা মহামাৰীক হৰুৱাবলৈয়ে যেন তেওঁলোকৰ এই নিৰৱিচ্চিন্ন সেৱা; চিকিৎসকৰ এই উচৰ্গা তথা সেৱাৰ বাবে শেহতীয়াকৈ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটি পোষ্টৰ জৰিয়তে তেওঁ এই কথা ব্যক্ত কৰে; তেওঁ কয় যে,”আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিবলৈ শব্দ কম হৈ পৰিব। আমি ভাগ্যবান যে আপোনালোকক পালো।” অভিনেত্ৰী গৰাকীৰ এই পোষ্টটোত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও কমেণ্ট কৰি কয় যে “ভগৱানে সহায় কৰক; সুখী হওঁক সকলো।” শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা এই গৰাকী অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট। তাৰ পিছতেই তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল। অভিনয়ৰ কথা একো নজনাকৈ তেওঁ সোমাই পৰিছিল অভিনয় ক্ষেত্ৰখনত।

চিকিৎসকৰ সেৱাক লৈ কৃতজ্ঞ গীতাৱলী ৰাজকুমাৰীঃ 2

উক্ত ছবিখনত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল তপন দাসে। বাংলা, উড়িয়া, কানাডা আদি ভাষাত নিৰ্মিত ছবিসমূহৰ উপৰিও “আহত” নামে হিন্দী ধাৰাবাহিকখনৰ বাবেও বিচৰা হৈছিল গীতাৱলীক কিন্তু একাষাৰে এইবোৰ কৰাত অমান্তি হৈছিল তেওঁ। অসমীয়া “প্ৰিয়া অ’ প্ৰিয়া”, “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” কে ধৰি বিভিন্ন খন ভিচিডিত অভিনীত অভিনেত্ৰী গীতাৱলীৰ দৰেই তেওঁৰ জীয়ৰীও এই ক্ষেত্ৰখনৰ সৈতে কেতিয়ালৈ জড়িত হ’ব সেয়া হ’ব লক্ষ্যণীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.