Rupaliparda.com
ঋষা চড্ডাৰ জ্বলিল ৰুটি; অনুৰাগী চিন্তা আলি ফজলক লৈঃ 1

ঋষা চড্ডাৰ জ্বলিল ৰুটি; অনুৰাগী চিন্তা আলি ফজলক লৈঃ

বলীউড অভিনেত্ৰী ঋষা চড্ডা প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে; নিজ অনুৰাগীৰ বাবে পোষ্টসমূহ শ্বেয়াৰ কৰি গৈ থাকে অভিনেত্ৰী গৰাকীয়ে। বিশেষকৈ, দেশ-দুনিয়াৰ সমসাময়িক বিষয়বোৰটো অভিনেত্ৰী গৰাকীয়ে নিজ মতামত ব্যক্ত কৰি গৈ থাকে। শেহতীয়াকৈ ৰিচাই যিটো ভিডিঅ’ শ্বেয়াৰ কৰিছে তাত অনুৰাগীৰ চিন্তা হৈছে এতিয়া অভিনেতা আলি ফজলক লৈহে। ৰিচাই নিজ ব্যক্তিগত দিশটো প্ৰায়ে জনসাধাৰণক দেখুৱায়; শেহতীয়াকৈ শ্বেয়াৰ কৰা ভিডিঅ’টোত অভিনেত্ৰী গৰাকীয়ে ৰুটি জ্বলাই পেলায়। পোষ্টটোৰ পিছতেই আলি ফজলক লৈ চিন্তা ব্যক্ত কৰে একাংশই; আমোদজনক কিছু কমেণ্ট দেখা পোৱা গৈছে অভিনেত্ৰীগৰাকীৰ পোষ্টটোত।”ঔ লাক্কী, লাক্কী ঔ” ত এটা সৰু চৰিত্ৰ ৰূপায়ন কৰা পিছত ঋষা চড্ডাই বহু ছবিত সহযোগী চৰিত্ৰ ৰূপায়ন কৰে। তেওঁ দৰ্শকক অধিক আকৰ্ষিত কৰে অনুৰাগ কাশ্যপৰ ছবি “গেংগছ অৱ ৱাছিপুৰ” ৰ পৰাহে। ১৯৮৮ চনত জন্মলাভ কৰা এই গৰাকী অভিনেত্ৰীয়ে প্ৰথমতে মডেলিঙৰ পৰা আৰম্ভ কৰিছিল নিজ কেৰিয়াৰ। অভিনেত্ৰী গৰাকীক লৈ অনুৰাগী উৎসাহিত হৈ থকা দেখিবলৈ পোৱা যায় কাৰণ তেওঁৰ চৰিত্ৰসমূহেই আচলতে তেনেকুৱা।

ঋষা চড্ডাৰ জ্বলিল ৰুটি; অনুৰাগী চিন্তা আলি ফজলক লৈঃ 2


ৰিচা চড্ডাক বৰ্তমানলৈ আমি একঘেয়ামি চৰিত্ৰত নাই দেখা। তেওঁৰ চৰিত্ৰ সমূহত বিভিন্নতা দেখিবলৈ পোৱা গৈছিল। উক্ত ঋষা চড্ডাৰ ভিডিঅ’টোৰ পৰা ৰিচা আৰু আলিৰ সম্পৰ্কৰ ঘনিষ্ঠতাও ফুটি উঠা দেখা পোৱা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.