Rupaliparda.com
এতিয়াও অনুৰাগীৰ প্ৰিয় সুশান্ত সিং ৰাজপুতঃ 1

এতিয়াও অনুৰাগীৰ প্ৰিয় সুশান্ত সিং ৰাজপুতঃ

বলীউডে হেৰুওৱা সুদক্ষ অভিনেতাৰ মাজৰ এগৰাকী হৈছে সুশান্ত সিং ৰাজপুত। বিগত ২০২০ বৰ্ষৰ এই সময়টোৰ পৰা তেওঁক মনত পেলাই চকু চলচলীয়া কৰিছে একাংশ অনুৰাগীয়ে। মৃত্যুৰ দিনটোৰ পৰা তেওঁক কোনোৱে পাহৰিবলৈও চেষ্টা কৰা নাই; সুশান্তৰ মৃত্যুৰ পিছত ৰাইজৰ সমুখলৈ অহা প্ৰথম কথাটো হৈছে “নেপোটিজিম”। একাংশই ভাবিও লৈছিল যে বি- টাউনৰ অধিকাংশ নিৰ্মাতা- প্ৰযোজক গোষ্ঠীয়ে অভিনেতা গৰাকীৰ বিৰুদ্ধে থিয় হোৱাৰ লগতে তেওঁ বাহিৰৰ পৰা অহা বাবে তেওঁক কোনোৱে ছবি দিবলৈ নিবিচাৰে। তেনে পৰিপ্ৰেক্ষিতত, সকলোৱে ভাবিছিল যে অভিনেতা গৰাকী এই কথাবোৰক লৈ হতাশগ্ৰস্ত হৈ পৰিছিল আৰু ইয়াৰ বাবেই তেওঁ আত্মহত্যা কৰিলে। অৱশ্যে সুশান্তে তেনেধৰণৰ কিছু কথা নিজ অনুৰাগীৰ মাজত ব্যক্তও কৰিছিল; তেওঁ এনে এগৰাকী অভিনেতা আছিল যিয়ে অনুৰাগীক সংযোগ কৰিছিল। কমেণ্টসমূহত ৰিপ্লাই কৰিছিল; তেওঁৰ শেষৰখন ছবি “দিল বেছাৰা” ৰ মুক্তিৰ প্ৰথমভাগত যেতিয়া তেওঁক এগৰাকী অনুৰাগীয়ে কৈছিল যে, “আৰে, তোমাৰটো এই খন ছবিতো মৃত্যু হ’ব; মই চাবলৈ নাযাওঁ। ইণ্ড্ৰাষ্ট্ৰীটোত তোমাৰ অন্তৰ সকলোতকৈ ডাঙৰ আৰু তোমাৰ দৰে ব্যক্তিসকল সদায় জীয়াই থাকিব লাগে।”

এতিয়াও অনুৰাগীৰ প্ৰিয় সুশান্ত সিং ৰাজপুতঃ 2


এই কমেণ্টটোতেই ৰিপ্লাই কৰি সুশান্তে অনুৰাগী গৰাকীক কৈছিল যে, “আৰে, কিন্তু যদিহে আপুনি ছবি চাবলৈ নাযায় তেতিয়াহ’লে মোক ইণ্ড্ৰাষ্ট্ৰীটোৰ পৰা বাহিৰ উলিয়াই দিব। মোৰ কোনো গঁডফাদাৰ নাই ইয়াত; মই ইয়াত আপোনালোককেই গঁডফাদাৰ মানিছো। চাবলৈ যাওঁক এই চিনেমাখনো; যদিহে মই ইয়াত থকাটো বিচাৰিছে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.