Rupaliparda.com
"হাতে হাত ধৰি আজি বহুদূৰ আহি পালোঁ"; Atlas Creation ৰ প্ৰযোজনাত পাপনৰ শ্ৰেষ্ঠ উপহাৰঃ 1

“হাতে হাত ধৰি আজি বহুদূৰ আহি পালোঁ”; Atlas Creation ৰ প্ৰযোজনাত পাপনৰ শ্ৰেষ্ঠ উপহাৰঃ

নিজৰ প্ৰিয় জন অথবা সংগী গৰাকী যেতিয়া লগত থাকে; তেতিয়া বহু কষ্ট, সংগ্ৰাম আদি অনায়সে পাৰ কৰি গুচি যাব পাৰি। জীৱনটো জীয়াবলৈ জানো এগাল মান বস্তুৰ, টকাৰ প্ৰয়োজন থাকে! আচলতে, আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হয়টো আপোনালোক প্ৰত্যেকৰে বাবে ভিন্ন হ’ব; কিন্তু আমাৰ মতে,এটা জীৱন জীয়াবলৈ হ’লে আমাক যথেষ্টখিনি বস্তুৰ প্ৰয়োজন নহয়। মাত্ৰ প্ৰয়োজন হয়, প্ৰয়োজনৰ সময়ত সংগ দিয়াজনৰ। আমাক প্ৰত্যেককে চিনেমা, গীত আদিত উপস্থাপন কৰা প্ৰেম কাহিনীতকৈ সৰু কালৰ পৰাই উৎসাহিত কৰা প্ৰেম কাহিনীভাগ হৈছে আমাৰ প্ৰত্যেকৰে পিতৃ-মাতৃৰ। তেওঁলোকক দেখি দেখিয়েই আমি বুজো প্ৰেম কি! অথবা ই কেনে হ’ব পাৰে! নৱপ্ৰজন্মৰ বহু প্ৰেমকাহিনী বাৰু আমি সামাজিক মাধ্যমৰ লগতে চিনেমা, সংগীত আদিতো দেখিবলৈ পাওঁ কিন্তু এইবাৰ অকণমান বেলেগ প্ৰেম কাহিনীক শেহতীয়াকৈ এটা গীতত উপস্থাপন কৰা হৈছে য’ত আছে এহাল স্বামী-স্ত্ৰীৰ মাজৰ সৰল নিঁভাজ সম্পৰ্ক। ইজনৰ হাঁহিত আনজনৰ সুখ অথবা আনজনৰ দুখত ইজনৰ কষ্ট। এটা সফল সম্পৰ্কৰ এয়াইটো ভাললগা অনুভৱ; “হাতে হাত ধৰি আজি বহুদূৰ আহি পালোঁ। বাৰ্তালাপ কিনো কৰোঁ, নোকোৱাকৈয়ে বুজো”; সদ্যমুক্তিপ্ৰাপ্ত এই গীতটি আপোনালোকে বাৰু শুনিলেনে বুলি প্ৰশ্ন কৰিলে হয়টো আপোনালোক বহুতৰে উত্তৰ “শুনিলো” বুলি আহিব আৰু তাত আমি নিশ্চিত; কাৰণ অংগৰাগ পাপন মহন্তৰ অনুৰাগীৰ বাবে কণ্ঠশিল্পী গৰাকীৰ তৰফৰ পৰা অহা এই গীতটি হৈছে বৰ্তমান সময়ৰ শ্ৰেষ্ঠ উপহাৰ। ৰোমাণ্টিক ভাৱানুভূতিৰে পৰিপূৰ্ণ পাপনৰ কণ্ঠ আৰু তাৰ সমান্তৰালকৈ গীতটিত সংলগ্ন কৰা ইয়াৰ ভিডিঅ’; যেন সোণত সুঁৱগা! এনে বিভীষিকাময় পৰিস্থিতিৰ মাজতেই গীতটিক মুকলি কৰি দি শ্ৰোতা-দৰ্শকক অকণমান সময়ৰ বাবে আমোদ প্ৰদানৰ যি প্ৰচেষ্টা; সেয়া সঁচাকৈ লক্ষ্যণীয়।


বৰ্তমানলৈ কেইবাটাও জনপ্ৰিয় গীতেৰে শ্ৰোতা-দৰ্শকৰ কাষ চপা Atlas Creation ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে “হাতে হাত ধৰি”। অংগৰাগ পাপন মহন্তই গীতটিৰ মুক্তিৰ সমান্তৰালকৈ জনাইছিল যে তেওঁ নিজ জীৱনৰ কালছোৱাত পিতৃ খগেন মহন্ত আৰু মাতৃ অৰ্চনা মহন্তৰ দৰে প্ৰেম আৰু অইন কাৰো মাজতেই দেখা নাই; “হাতে হাতে ধৰি” শীৰ্ষক গীতটিৰ জৰিয়তে তেওঁ নিজৰ পিতৃ-মাতৃক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মুক্তিৰ পিছতেই জনপ্ৰিয় হৈ পৰা গীতটিৰ সৈতে জড়িত হৈ আছে সম্প্ৰতি সময়ৰ একাংশ নৱপ্ৰজন্মৰ প্ৰতিভাও। উল্লেখযোগ্য যে, গীতটিৰ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে জনপ্ৰিয় অভিনেতা অৰুণ নাথক; অৰুণ নাথৰ এইটোৱে হৈছে প্ৰথমটো মিউজিক ভিডিঅ”। গীতটিৰ প্ৰযোজনা হৃষিকেশ পাটগিৰীৰ; গীতটিৰ বিষয়বস্তু তথা সুৰ আৰু সংগীতৰ দায়িত্বত আছে সপোন শইকীয়া। গীতটিত কথা মুকুন্দ শইকীয়াৰ লগতে ইয়াত শব্দ-সংমিশ্ৰণ কৰিছে পংকজ বৰাই; গীতটিৰ ভিডিঅ’ত অৰুণ নাথৰ সৈতে অভিনয় কৰিছে আদ্ৰে হাতীবৰুৱাই। গীতটিৰ ভিডিঅ’টোত আমোদৰ সৃষ্টি কৰিছে জেবা নামৰ মৰমলগা কুকুৰটোৱে । গীতটিৰ ভিডিঅ’ৰ কাহিনী তথা পৰিচালনা আৰু সম্পাদনা বেদান্তৰ। দৃশ্যগ্ৰহণ কৰিছে চন্দ্ৰ কুমাৰ দাসে; আনহাতে, ডি আই কালাৰ কৰিছে ধনজিৎ দাসে। ৰূপসজ্জা দীপশিখা কলিতাৰ লগতে সাজসজ্জা অজাবিথি মহন্তৰ; কলা নিৰ্দেশনা বেদান্ত বড়োৰ।

"হাতে হাত ধৰি আজি বহুদূৰ আহি পালোঁ"; Atlas Creation ৰ প্ৰযোজনাত পাপনৰ শ্ৰেষ্ঠ উপহাৰঃ 2


অংগৰাগ পাপন মহন্তৰ অনুৰাগী বৰ্তমান উৎসাহিত; তেওঁৰ ৰোমাণ্টিক গীতসমূহৰ মাজত এয়াও হৈছে এটা। তেওঁৰ লগতে গীতটিৰ সৈতে জড়িত প্ৰতি গৰাকী কলা-কুশলীক ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform