Rupaliparda.com
"বাৰ্তালাপ" ৰ ন-প্ৰকল্প "জাকৰুৱা" লৈ মৰমঃ 1

“বাৰ্তালাপ” ৰ ন-প্ৰকল্প “জাকৰুৱা” লৈ মৰমঃ

“বাৰ্তালাপ” ৰ নতুন প্ৰকল্প অৰ্থাৎ শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰৰ যুঁটিৰে আকৌ এটা নতুন গীতে লাভ কৰিছে মুক্তি। তেওঁলোকৰ যুটীয়া প্ৰচেষ্টাৰে নতুনকৈ মুক্তি লাভ কৰা গীতটিৰ নাম হৈছে “জাকৰুৱা”। সম্প্ৰতি পৰিস্থিতিটোক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে এই গীতটিক। প্ৰায়ে একাংশ সংগীতশিল্পীয়ে পৰিস্থিতি এটাক ভেঁটি হিচাপে লৈ তেওঁলোকে নিজ সৃষ্টি সমূহ ৰাইজৰ মাজলৈ উলিয়াই আনে আৰু ৰাইজক অকণমান সকাহ প্ৰদানৰ অৰ্থে তেওঁলোক পৰিস্থিতিটোক পাতলাবলৈ চেষ্টা কৰে। এগৰাকী মাতৃ যেতিয়া চিকিৎসা বিভাগৰ সৈতেও জড়িত হৈ থাকে তেতিয়া তেওঁ নিজ কৰ্মদায়ত্ব তথা মাতৃত্ববোধ একেলগে সম্পাদন কৰি যাবলগীয়া হয়; দুয়োটা দায়িত্বক সন্তোলন কৰাত যদিও কেতিয়াবা তেওঁৰ অসুবিধা হয় তথাপিও মাতৃগৰাকীৰ নিৰৱিচ্চিন্ন প্ৰয়াস অব্যাহত থাকে। এনে পৰিস্থিতিক লৈয়ে শেহতীয়াকৈ মৈত্ৰেয়ী পাটৰে গুঁঠিছিল নিজৰ শব্দবোৰ; সাৱলীল কথাৰে নিজৰ প্ৰতিটো গীতেৰে শ্ৰোতা-দৰ্শকক আকৰ্ষিত কৰা মৈত্ৰেয়ীৰ সদ্যমুক্তিপ্ৰাপ্ত গীতটিও লাভ কৰিছে বহুল সমাদৰ। শংকুৰাজ কোঁৱৰৰ কণ্ঠক লৈও আপ্লুত অনুৰাগী; পৰিয়ালৰ সদস্যসমূহ সংগীতৰ সৈতে জড়িত নহ’লেও এক সাংগীতিক পৰিৱেশতেই ডাঙৰ-দীঘল হৈছিল শংকুৰাজ। অসমীয়া সংগীত ক্ষেত্ৰখন যে চহকী; সেয়া নক’লেও হয়টো সকলোৰে বোধগম্য। এই ক্ষেত্ৰখনৰ ঘাঁই শিপাঁডাল ইমানেই বেছি মজবুত যে সংগীত ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হয় প্ৰতিজন ব্যক্তি।


আমি প্ৰায়ে চচিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ফটোক লৈ কথা পাতো অথবা ফটোখনৰ শ্বেয়াৰ লিষ্টত আমিও নিজৰ শ্বেয়াৰ এটা সন্নিৱিষ্ট কৰি পেলাওঁ। কিন্তু, সেই ফটোখনৰ আঁৰৰ কথাবোৰ জানো হৃদয়ংগম কৰিব পাৰো? বৰ্তমান জীৱন জীয়াবলৈ আমাৰ একমাত্ৰ উপাদানটো হৈছে “আশা”। নিজৰ স্বাস্থ্যৰ প্ৰতি খেয়াল নকৰি সাধাৰণজনক জীৱন দান কৰাৰ বাবে চিকিৎসক সকলে কৰা প্ৰয়াস সঁচাকৈ উল্লেখনীয়। কণ্ঠদানৰ সমান্তৰালকৈ গীতটিত সুৰ আৰু প্ৰযোজনাও কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰৰ নিজৰেই। গীতাৰ বজাইছে ভাস্কৰ শইকীয়াই; বেছ বজাইছে উন্নভ দত্তই। গীতটিৰ শব্দ-সংমিশ্ৰণ কংকন মেছৰ; আনহাতে গীতটিৰ ভিডিঅ’ত উপস্থাপিত কাহিনীভাগ ৰাইজৰ মাজলৈ লৈ আনিছে কাদম্বৰী কাশ্যপৰ লগতে মহান জে দত্তই। চুটি ছবি পৰিচালক ৰূপে প্ৰতিষ্ঠিত কাদম্বৰী কাশ্যপৰ প্ৰকল্প সমূহে জনাসাধাৰণৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকেও যদি কাদম্বৰী কাশ্যপৰ প্ৰকল্পৰ উদাহৰণ বিচাৰিছে; তেতিয়াহ’লে তেওঁৰ দ্বাৰা পৰিচালিত “যাযাবৰী” উপভোগ কৰিব পাৰে। ১৯৪২ চনত মুক্তি লাভ কৰা Albert Camus ৰ কিতাপ “The Myth of Sisyphus” ৰ ওপৰত কেন্দ্ৰ কৰিয়েই উক্ত চুটি ছবিখনৰ “ভিজুৱেল ট্ৰিট” পৰিচালনা কৰা হৈছিল। “জাকৰুৱা” গীতটিৰ অডিঅ’টোৰ সৈতে ইয়াৰ ভিডিঅ’টোৰ কাহিনীভাগ সুন্দৰকৈ সংযোজিত হোৱা বাবেই গীতটিক আৰু অধিক হাৰত সংযোগ কৰিবলৈ সক্ষম হৈছে ৰাইজে।

"বাৰ্তালাপ" ৰ ন-প্ৰকল্প "জাকৰুৱা" লৈ মৰমঃ 2

“বাৰ্তালাপ” ৰ লেখত ল’বলগীয়া প্ৰকল্প তথা বৰ্তমানৰ “জাকৰুৱা” গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform