Rupaliparda.com
শৈশৱৰ বৰ্ষাৰাণী বিষয়া; সৰুতেইও আছিল সক্ৰিয়! 1

শৈশৱৰ বৰ্ষাৰাণী বিষয়া; সৰুতেইও আছিল সক্ৰিয়!

আজৰি সময়ছোৱাত পূৰণি একাংশ ফটো শ্বেয়াৰ কৰি সময় অতিবাহিত কৰিছে অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াই। একেবাৰে সৰু কালৰ একাংশ ফটো আপলোড কৰি অভিনেত্ৰী গৰাকীয়ে নিজ অনুৰাগী আমোদ প্ৰদানৰ চেষ্টা কৰিছে। শেহতীয়াকৈ চাৰে তিনি বছৰীয়া বৰ্ষাৰণীয়ে বিহু নচা এখন ফটো চৰ্চিত হৈছিল চচিয়েল মিডিয়াত; এইবাৰ আকৌ তিনি ভাতৃৰ সৈতে শৈশৱৰ বৰ্ষাক দেখি অনুৰাগীও যেন কমেণ্ট কৰাৰ পৰা নিজক ৰখাব পৰা নাই। বিগত দিনত ক’ভিডত আক্ৰান্ত হৈ নিজ বাসগৃহতেই কোৱাৰেন্টাইনত আছিল অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াকে লৈ তেওঁৰ স্বামী ভাস্কৰ বৰুৱা। ক’ভিডৰ পৰা হাত সাৰি আহি শেহতীয়াকৈ তেওঁ ৰাইজক জনাইছে তেওঁৰ “ক’ভিড ৰিকভাৰী ষ্টৰী”। ব্যক্তিগত ইউটিউব চেনেল যোগে আপলোড কৰিছে অভিনেত্ৰী গৰাকীয়ে এই ভিডিঅ’টো। শাৰিৰীক ভাৱে সুস্থ হৈ থকাৰ সমান্তৰালকৈ এই ক’ভিড যুঁজত জয়ী হ’বলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মানসিক সূস্থতা। কোনো এগৰাকী লোকে যদি সংঘৰ্ষ কৰি গৈ এই মহামাৰীটোক হৰুৱাম বুলি দৃঢ় হয় তেতিয়াহ’লে ব্যক্তিগৰাকীক আন কোনো হৰুৱাব নোৱাৰে বুলি ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে।


বৰ্ষাৰাণী এনে এগৰাকী অভিনেত্ৰী, যি গৰাকীয়ে এক দীঘলীয়া সময়ৰ পৰাই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নিজ প্ৰতিষ্ঠা অব্যাহত ৰাখিছে। আহিবলগীয়া সময়ত অসমীয়া ছবি ক্ৰমে “গুৱাহাটী ডায়েৰিজ” আৰু “ৰাজনীতি” ত দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক। তেওঁ প্ৰায়ে অনুৰাগীক আকৰ্ষণ টানিবলৈ একো একোখন ফটোৰে জীৱনৰ ধনাত্মক কথাবোৰ বাখ্যা কৰে। বিবাহৰ পিছতো ইণ্ডাষ্ট্ৰীটোৰ সৈতে সক্ৰিয়তাৰে জড়িত হৈ আছে অভিনেত্ৰী গৰাকী; তেওঁৰ প্ৰকল্প বোৰৰ আপডেট সমূহ তেওঁ চচিয়েল মিডিয়া যোগেৰেই অনুৰাগী দি গৈ থাকে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform